নিঃসঙ্গতা হৈছে অনুভূত সামাজিক দূৰীকৰণৰ প্ৰতি সৃষ্ট এক অনুপভোগ্য বা অসন্তোষজনক আৱেগজনিত প্ৰতিক্ৰিয়া। নিঃসঙ্গতাক সামাজিক ব্যথা হিচাপেও বৰ্ণনা কৰা হয়- ই হৈছে এটা মনোগত প্ৰক্ৰিয়া যি ব্যক্তিক সামাজিক সংযোগ গঢ়িবলৈ প্ৰেৰিত কৰে। নিঃসঙ্গতা প্ৰায়েই অবাঞ্চিত আৰু অনাহুতভাৱে হোৱা সংযোগ আৰু অন্তৰঙ্গতাৰ সৈতে সংযুক্ত। নিঃসঙ্গতাৰ যদিও একাকীত্বৰ সৈতে বহিঃদৃষ্টিগত সাদৃশ্য আছে, তথাপিও ই একাকীত্বৰ পৰা পৃথক। একাকীত্ব হৈছে আন ব্যক্তিসকলৰ পৰা সাধাৰণভাৱে আঁতৰি থকা, আৰু একাকীত্ব অনুভৱ কৰা সকলোৱেই নিঃসঙ্গতা অনুভৱ নকৰে। আত্মপ্ৰকাশক আৱেগ হিচাপে অন্যান্য ব্যক্তিৰ আৱেষ্টনীৰ মাজত থাকিও ব্যক্তিবিশেষে নিঃসঙ্গতা অনুভৱ কৰিব পাৰে, সাধাৰণভাৱে ক'বলৈ হ'লে নিঃসঙ্গতা অনুভৱ কৰাসকল সঙ্গবিহীন। নিঃসঙ্গতাৰ কাৰকসমূহ ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন হ'ব পাৰে। এইবিলাকৰ ভিতৰত সামাজিক, মানসিক, আৱেগিক আৰু পাৰিৱেশিক কাৰক অন্তৰ্ভুক্ত হৈ আছে।
গৱেষণাৰ পৰা দেখা গৈছে যে সমাজৰ সকলো স্তৰতে নিঃসঙ্গতা পৰিলক্ষিত হয়। আনকি বৈবাহিক আৰু আন বহু সুদৃঢ় সম্পৰ্কত আৱদ্ধ লোকো নিঃসঙ্গতাৰ সম্মুখীন হয়। বেছিভাগ মানুহেই জীৱনৰ কোনো একসময়ত নিংসঙ্গতাৰ মুখামুখি হয়, অৱশ্যে আন কিছুমান ব্যক্তিৰ ক্ষেত্ৰত নিংসঙ্গতা সঘন হ'ব পাৰে। হ্ৰস্বকালত আৱেগ হিচাপে নিংসঙ্গতা সুফলদায়ক হ'ব পাৰে, কিয়নো ই সম্পৰ্কত আৱদ্ধসকলক সেই সম্পৰ্ক দৃঢ়তৰ কৰিবলৈ প্ৰেৰিত কৰে। আনহাতে, দীৰ্ঘকালীন নিঃসঙ্গতা ক্ষতিকাৰক হিচাপে স্বীকৃত। বহু পৰ্যালোচনাত্মক আৰু মেটা অধ্যয়নে এই কথাত একমত পোষণ কৰে যে নিঃসঙ্গতাই দূৰ্বল মানসিক স্বাস্থ্যৰ আশংকা বৃদ্ধি কৰাৰ লগতে তাৰ ফলশ্ৰুতিত শাৰীৰিক স্বাস্থ্যৰ বিঘিনি ঘটে।
Epic of Gilgamesh-ৰ পৰা আৰম্ভ কৰি দীৰ্ঘকাল ধৰি সাহিত্যকৰ্মসমূহত নিঃসঙ্গতা এক মুখ্য বিষয়বস্তু হৈ আহিছে। তথাপিও দ্বাদশ শতিকাৰ শেষভাগ পৰ্য্যন্ত বিশদ অধ্যয়নৰ বিষয়বস্তু হিচাপে নিঃসঙ্গতাই বিশেষ স্থান লাভ কৰা নাছিল। একবিংশ শতিকাত, নিঃসঙ্গতা ক্ৰমবৰ্দ্ধিতভাৱে এক সামাজিক সমস্যা হিচাপে স্বীকৃত হৈ আহিছে। এই সমস্যাৰ ক্ষেত্ৰত কৰ্মসূচী আগবঢ়োৱাৰ অৰ্থে বহু চৰকাৰী আৰু স্বেচ্ছাসেৱী সংগঠনে পদক্ষেপ গ্ৰহণ কৰিছে।
কাৰণসমূহ
[[চিত্ৰ:Thomas Wolfe 1937 1 (cropped).jpg|isbn = 978-0062913296 }}</ref>]]
অস্তিত্বজনিত
নিঃসঙ্গতা কমপক্ষেও মৃদু ৰূপত প্ৰতিজন ব্যক্তিয়েই অনুভৱ কৰা এক সাৰ্ব্বজনীন অৱস্থা হিচাপে দীৰ্ঘদিন ধৰি পৰ্যবেক্ষিত হৈ আহিছে। এই দৃষ্টিকোণৰ পৰা, কিছু পৰিমাণৰ নিঃসঙ্গতা সকলোৰে বাবে অৱশ্যম্ভাৱী, কিয়নো কোনো ব্যক্তিৰ পক্ষেই আনৰ সৈতে সংযোগৰ সহজাত প্ৰয়োজন নিৰৱছিন্নভাৱে লাভ কৰা সম্ভৱ নহয়। Michele A. Carter আৰু Ben Lazare Mijuskovic-কে ধৰি আন বহু বিশেষজ্ঞ, অধ্যাপক, আৰু লেখকে ইতিহাসৰ বিভিন্ন সময়ত নিঃসঙ্গতাৰ অস্তিত্বজনিত দৃষ্টিকোণক আলোকপাত কৰি বহু নিৱন্ধ আৰু গ্ৰন্থাদি ৰচনা কৰিছে। ১ ২ Thomas Wolfe-ৰ ১৯৩০ চনৰ God's Lonely Man শীৰ্ষক নিৱন্ধটো এইক্ষেত্ৰত সঘনাই আলোচিত হয়। তেওঁ কয় যে, প্ৰতিজন ব্যক্তিয়েই কল্পনা কৰে তেওঁ এক নিজস্ব আৰু বিশেষ ধৰণেৰে নিঃসঙ্গ, কিন্তু প্ৰকৃতপক্ষে প্ৰতিজন একক ব্যক্তিয়েই একেধৰণে নিঃসঙ্গতাৰ মুখামুখি হয়। নিঃসঙ্গতাৰ দূৰীকৰণ নিঃসন্দেহে প্ৰয়োজনীয় হিচাপে মানি লৈ এইকথাও কোৱা দৰকাৰ যে যিসকলে নিঃসঙ্গতাৰ অস্তিত্বজনিত দৃষ্টিকোণক সন্দিদ্ধ দৃষ্টিৰে চায় তেওঁলোকৰ ক্ষেত্ৰত নিঃসঙ্গতা দূৰীকৰণৰ প্ৰচেষ্টা সম্পূৰ্ণ সফল নহয়, কিয়নো কিছু পৰিমাণৰ নিঃসঙ্গতা অনিবাৰ্য্য আৰু কোনো কোনো ক্ষেত্ৰত সুফলদায়কো। ১৩
সাংস্কৃতিক
নিঃসঙ্গতাৰ কাৰক হিচাপে সাংস্কৃতিক কাৰণক দুটা অৰ্থত আলোচনা কৰা হয়। প্ৰৱজিত লোকসকলে সাধাৰণতে নিজৰ গৃহস্থানৰ সংস্কৃতিৰ পৰা বিছিন্ন হৈ নিঃসঙ্গতাত ভোগে। অধ্যয়নৰ পৰা দেখা গৈছে যে, সামুহিক সামাজিক ব্যৱস্থাৰ সংস্কৃতিসম্পন্ন এছিয়া মহাদেশৰ ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া অধ্যয়নৰ বাবে ব্যক্তিবাদী সংস্কৃতিসম্পন্ন ইংৰাজীভাষী পশ্চিমীয়া দেশসমূহলৈ গমন কৰে তেতিয়া তেওঁলোকে সংস্কৃতিগত নিঃসঙ্গতা অতি শক্তিশালীভাৱে অনুভৱ কৰে। ৪ নিঃসঙ্গতাৰ ক্ষেত্ৰত সংস্কৃতিৰ দিশটো এইদৰেও পৰ্যবেক্ষিত হয় যে, পশ্চিমীয়া সভ্যতা-সংস্কৃতিয়ে প্ৰকৃততে নিঃসঙ্গতা সৃষ্টিত অৰিহণাহে যোগায়, কিয়নো এই দেশসমূহত আলোকায়নৰ যুগ(Age of Enlightenment)-ৰ পৰাই সামূহিক-সামাজিক মূল্যবোধৰ পৰিৱৰ্তে ব্যক্তিবাদী চিন্তাধাৰাই অগ্ৰাধিকাৰ প্ৰাই আহিছে। ৩৫
তথ্যসূত্ৰ
- ↑ Ben Lazare Mijuskovic. (2012). Loneliness in Philosophy, Psychology, and Literature. IUniverse. পৃ. 60–69. ISBN 978-1-4697-8934-7
- ↑ Michele A. Carter. (2003). Abiding Loneliness: An Existential Perspective on Loneliness. Park Ridge Center for Health, Faith, And Ethics. Philosophical Society.com
- ↑ John G. McGraw. (2010). Intimacy and Isolation. Rodopi. পৃ. 107–149. 417–420. ISBN 978-9042031395
- ↑ Ami Sha'ked. (2015). Addressing Loneliness: Coping, Prevention and Clinical Interventions. Psychology Press. ISBN 978-1138026216
- ↑ Fay Bound Alberti. (2019). A Biography of Loneliness: The History of an Emotion. Oxford University Press. পৃ. 1–40, 61–83. ISBN 9780198811343
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিঃসঙ্গতা” প্ৰবন্ধৰ সংশোধন ৬৩১৮৭৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।