বাংলাদেশৰ নাৰী অধিকাৰ কৰ্মী
১৯ প্ৰবন্ধ
-
মালেকা খান
মালেকা খান (Maleka Khan; জন্ম: ১৯৪৩) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু বীৰাংগনাৰ অধিকাৰ কৰ্মী। ১৯৭১ চনত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ধৰ্ষণৰ সন্মুখীন হোৱা মহিলাসকলক বীৰাংগনা বোলা হৈছিল।
-
আনোৱাৰা বাহাৰ চৌধুৰী
আনোৱাৰা বাহাৰ চৌধুৰী (Anwara Bahar Chowdhury; ১৩ ফেব্ৰুৱাৰী ১৯১৯ – ২৭ অক্টোবৰ ১৯৮৭) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু সাহিত্যিক।
-
কল্পনা চাকমা
কল্পনা চাকমা (Kalpana Chakma) বাংলাদেশৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু নাৰীবাদী যি পাহাৰীয়া মহিলা ফেডাৰেচনৰ সাংগঠনিক সম্পাদিকা পদত অধিষ্ঠিত হৈছিল। ১৯৯৬ চনৰ ১২ জুনত লল্লিয়াঘোনা গাঁৱৰ ঘৰৰ পৰা বাংলাদেশৰ সেনাবাহিনীৰ সদস্যই তেওঁ আৰু তেওঁৰ দুজন ভায়েকক অপহৰণ কৰিছিল বুলি অভিযোগ উঠিছে।
-
কুমুদিনী হাজং
কুমুদিনী হাজং (১৯২৯/১৯৩০ – ২৩ মাৰ্চ ২০২৪) এজনী বাংলাদেশী হাজং বিপ্লৱী, আদিবাসী আৰু ধৰ্মনিৰপেক্ষ অধিকাৰ কাৰ্যকৰ্তা আছিল। তেওঁ ব্ৰিটিছ ৰাজৰ সময়ছোৱাত হোৱা টঙ্ক আন্দোলনত অংশগ্ৰহণৰ বাবে পৰিচিত। তেওঁ ২০১৯ চনত সমাজ কল্যাণত অৱদানৰ বাবে বাংলা একাডেমি ফেলোশ্বিপ লাভ কৰে।
-
খুশী কবীৰ
খুশী কবীৰ (Khushi Kabir) এগৰাকী বাংলাদেশী সমাজকৰ্মী, নাৰীবাদী, আৰু পৰিৱেশবিদ।
-
চুলতানা কামাল
চুলতানা কামাল (Sultana Kamal) এগৰাকী বাংলাদেশী অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী। তেওঁ নাগৰিক অধিকাৰ সংস্থা আইন অ' ছালিছ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালিকা হিচাপে কাম কৰে।২০০৬ চনত ২০০৬-২০০৮ চনৰ বাংলাদেশৰ ৰাজনৈতিক সংকটৰ সময়ত ৰাষ্ট্ৰপতি ইয়াজুদ্দিন আহমেদৰ নেতৃত্বত বাংলাদেশৰ কেয়াৰটেকাৰ চৰকাৰত উপদেষ্টা হিচাপে…
-
নাজমা চৌধুৰী
নাজমা চৌধুৰী (Nazma Chowdhury; ২৬ ফেব্ৰুৱাৰী ১৯৪২ – ৮ আগষ্ট ২০২১) এগৰাকী বাংলাদেশী শিক্ষাবিদ আছিল। তেওঁ হাবিব প্ৰশাসনৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বাংলাদেশত নাৰী অধ্যয়ন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ আগৰণুৱা আছিল। ২০০০ চনত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ মহিলা আৰু লিংগ অধ্যয়ন বিভাগ প্ৰতিষ্ঠা কৰে।
-
নুৰজাহান বসু
নুৰজাহান বসু (Noorjahan Bose; জন্ম: ১৪ মাৰ্চ ১৯৩৮)এগৰাকী বাংলাদেশী লেখিকা আৰু মহিলা অধিকাৰ কৰ্মী। ২০১৬ চনত আত্মজীৱনী শাখাত তেওঁ বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে। তেওঁ আশা আৰু সংহাতী – মহিলা সবলীকৰণত গুৰুত্ব আৰোপ কৰা এটা অলাভজনক সংস্থা প্ৰতিষ্ঠা কৰে।
-
নৱনীতা চৌধুৰী
নৱনীতা চৌধুৰী বাংলাদেশৰ সৰ্ববৃহৎ বেচৰকাৰী সংস্থা ব্ৰাকৰ এগৰাকী বাংলাদেশী সাংবাদিক, গায়িকা আৰু মহিলাৰ বিৰুদ্ধে হিংসা প্ৰতিৰোধৰ পদক্ষেপৰ পৰিচালক। তেওঁ ডিবিচি নিউজৰ সম্পাদিকা আৰু চেনেল ৭১ৰ টেলিভিছন টক শ্ব’ৰ আয়োজক আছিল।
-
পূৰবী বসু
পূৰবী বসু (Purabi Basu; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৪৯) এগৰাকী বাংলাদেশী চুটিগল্পকাৰ, ফাৰ্মাক'লজিষ্ট আৰু সমাজকৰ্মী। ২০০৫ চনত তেওঁ অনন্য সাহিত্য বঁটাআৰু ২০১৩ চনত বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে। ২০০৫ চনৰ পৰা তেওঁ নিউয়ৰ্কৰ ৱাইথ ফাৰ্মাচিউটিকেলছ নামৰ ঔষধ কোম্পানীত জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কাম কৰি আহিছে।
-
ফিৰডোছ আৰা বেগম
ফিৰডোছ আৰা বেগম (Ferdous Ara Begum) এগৰাকী বাংলাদেশী অৰ্থনীতিবিদ, লিংগ বিশেষজ্ঞ আৰু অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী। তেওঁ ৰাষ্ট্ৰসংঘৰ মহিলাৰ বিৰুদ্ধে বৈষম্য নিৰ্মূলকৰণ সমিতিৰ সদস্য আছিল আৰু ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ লিংগ বিষয়ৰ বিশেষজ্ঞ পৰামৰ্শদাতা আছিল।
-
ফিৰদৌচ আজিম
ফিৰদৌচ আজিম (Firdous Azim) ব্ৰাক বিশ্ববিদ্যালয়ৰ ইংৰাজী ভাষাৰ অধ্যাপিকা, এগৰাকী সাহিত্য সমালোচক আৰু এগৰাকী মহিলা অধিকাৰ কৰ্মী। ব্ৰাক বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু মানৱীয় বিভাগৰ অধ্যক্ষ। তেওঁ নাৰিপখোৰ সদস্য।
-
বেগম বদৰুনেছা আহমেদ
বেগম বদৰুনেছা আহমেদ (Begum Badrunnessa Ahmed (১৯০৩ – ২০ এপ্ৰিল ১৯৮০) এগৰাকী বাংলাদেশী সমাজ কৰ্মী।
-
য়াছমিন আলী হক
ইয়াছমিন আলী হক (Yasmin Ali Haque)এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু ভাৰতত ইউনিচেফৰ দেশ প্ৰতিনিধি।
-
সালমা সোবহান
সালমা সোবহান (Salma Sobhan; ১১ আগষ্ট ১৯৩৭ – ৩০ ডিচেম্বৰ ২০০৩ ঢাকা বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ সদস্য হিচাপে তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ চকীদাৰ সংস্থা আইন-অ’-ছালিছ কেন্দ্ৰ (এ এছ কে)ৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
সুহাশিনী দাস
সুহাশিনী দাস (Suhasini Das; ১৯১৫ - ৩০ মে ২০০৯) বাংলাদেশৰ এগৰাকী ব্ৰিটিছ বিৰোধী কৰ্মী, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু বিভাজনৰ পূৰ্বে, বিভাজনৰ সময়ত আৰু পিছত পূব বংগৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।
-
হামিদা হোছেইন
হামিদা হোছেইন Hameeda Hossain(জন্ম ১৯৩৬) এগৰাকী বাংলাদেশী মানৱ অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ। বাংলাদেশ, ইছলাম আৰু বিশ্বজুৰি মানৱ অধিকাৰ আৰু নাৰী বিষয়ৰ সৈতে জড়িত বহুতো কিতাপ আৰু প্ৰবন্ধ তেওঁ লিখিছে। আইনী সাহায্য আৰু মানৱ অধিকাৰ সংগঠন আইন অ’ ছালিছ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সদস্য।
-
হুছনে আৰা কমল
হুছনে আৰা কমল (Husne Ara Comal; ২০ ডিচেম্বৰ ১৯৩৪ – ১৬ এপ্ৰিল ২০০৯) এগৰাকী বাংলাদেশী শিক্ষাবিদ, দানশীল সমাজকৰ্মী আছিল। তেওঁ সমগ্ৰ কৰ্মজীৱনত বাংলাদেশৰ সমাজ কল্যাণ আৰু মহিলা সবলীকৰণত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
-
ৰীমা চুলতানা ৰীমু
ৰীমা চুলতানা ৰীমু (Rima Sultana Rimu) এগৰাকী বাংলাদেশী মহিলা অধিকাৰ কৰ্মী আৰু কক্স বজাৰত লিংগৰ প্ৰতি সঁহাৰি জনাই আৰম্ভ কৰা মানৱতাবাদী সমাজকৰ্মৰ এগৰাকী গুৰি ধৰোঁতা। ২০২০ চনত তেওঁক বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।