বাংলাদেশৰ লেখক
১১ প্ৰবন্ধ
-
মিৰ মোছাৰফ হুছেইন
মিৰ চৈয়দ মোশ্বাৰফ হুছেইন (ইংৰাজী: Mir Syed Mosharraf Hossain) আছিল এজন বাঙালী লেখক, ঔপন্যাসিক, নাট্যকাৰ আৰু প্ৰবন্ধকাৰ। বংগৰ মুছলমান সমাজৰ পৰা ওলাই অহা প্ৰথমজন প্ৰধান লেখক, আৰু বাংলা ভাষাৰ অন্যতম উত্তম গদ্য লেখক হিচাপে তেওঁক গণ্য কৰা হয়।
-
আনোৱাৰা বাহাৰ চৌধুৰী
আনোৱাৰা বাহাৰ চৌধুৰী (Anwara Bahar Chowdhury; ১৩ ফেব্ৰুৱাৰী ১৯১৯ – ২৭ অক্টোবৰ ১৯৮৭) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু সাহিত্যিক।
-
আফৰোজা পাৰভীন
আফৰোজা পাৰভীন (ইংৰাজী: Afroza Parvin; জন্ম: ১৪ ফেব্ৰুৱাৰী ১৯৫৭) এগৰাকী বাংলাদেশী কল্পকাহিনী লেখিকা। মুক্তিযুদ্ধ ভিত্তিক গৱেষণাৰ বিশেষ অৱদানৰ বাবে তেওঁ ২০২৩ চনত বাংলা একাডেমী বঁটা লাভ কৰে। লগতে তেওঁ ৰক্তবীজৰ সম্পাদিকা।
-
আলাউদ্দিন আল আজাদ
আলাউদ্দিন আল আজাদ (Alauddin Al-Azad; জন্ম: ৬ মে' ১৯৩২ - মৃত্যু: ৩ জুলাই ২০০৯)) বাংলাদেশৰ এজন ঔপন্যাসিক, প্ৰবন্ধকাৰ, কবি, নাট্যকাৰ, গৱেষক আৰু অধ্যাপক। তেওঁৰ লিখনিবিলাক আছিল সংগ্ৰামী আৰু আশাবাদী। সমসাময়িক নাগৰিক জীৱনৰ সমস্যাসমূহ তেওঁ লিখিছিল। ১৯৫২ চনৰ ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল তেওঁ।
-
নিৰ্বাচিত কলাম (গ্ৰন্থ)
নিৰ্বাচিত কলাম (Nirbachito Column) ১৯৯২ চনত প্ৰকাশিত বাংলা ভাষাৰ এখন নাৰীবাদী গ্ৰন্থ। এইখন বাংলাদেশী লেখিকা তছলিমা নাছৰিনৰ প্ৰথম গদ্য পুথি যিখন মূলতঃ তেওঁৰ দ্বাৰা লিখিত স্তম্ভৰ সংকলন।
-
নুৰজাহান বসু
নুৰজাহান বসু (Noorjahan Bose; জন্ম: ১৪ মাৰ্চ ১৯৩৮)এগৰাকী বাংলাদেশী লেখিকা আৰু মহিলা অধিকাৰ কৰ্মী। ২০১৬ চনত আত্মজীৱনী শাখাত তেওঁ বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে। তেওঁ আশা আৰু সংহাতী – মহিলা সবলীকৰণত গুৰুত্ব আৰোপ কৰা এটা অলাভজনক সংস্থা প্ৰতিষ্ঠা কৰে।
-
পূৰবী বসু
পূৰবী বসু (Purabi Basu; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৪৯) এগৰাকী বাংলাদেশী চুটিগল্পকাৰ, ফাৰ্মাক'লজিষ্ট আৰু সমাজকৰ্মী। ২০০৫ চনত তেওঁ অনন্য সাহিত্য বঁটাআৰু ২০১৩ চনত বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে। ২০০৫ চনৰ পৰা তেওঁ নিউয়ৰ্কৰ ৱাইথ ফাৰ্মাচিউটিকেলছ নামৰ ঔষধ কোম্পানীত জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কাম কৰি আহিছে।
-
মাচুদা খাতুন
মাচুদা খাতুন (বাংলা: মাসুদা খাতুন; ১৮৮৫–১৯২৬) এগৰাকী অগ্ৰণী বঙালী নাৰীবাদী আৰু ধৰ্মনিৰপেক্ষ চিন্তাবিদ আছিল। তেওঁ এগৰাকী সমাজ সংস্কাৰকো আছিল। তেওঁৰ কলমী নাম আছিল Mrs M Rahman।
-
শানাৰেই দেৱী শানু
শানাৰেই দেৱী শানু এগৰাকী বাংলাদেশী অভিনেত্ৰী আৰু মডেল। তেওঁ ২০০৫ চনত অনুষ্ঠিত হোৱা সৌন্দৰ্য প্ৰতিযোগিতা লাক্স-চেনেল আই ছুপাৰষ্টাৰৰ প্ৰথমগৰাকী বিজয়ী আছিল। এই সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত তেওঁ টেলিভিছন ধাৰাবাহিকত অভিনয় আৰম্ভ কৰে।
-
হাছনা বেগম
হাছনা বেগম (বাংলা: হাসনা বেগম; ২৪ ফেব্ৰুৱাৰী, ১৯৩৫ – ১ ডিচেম্বৰ, ২০২০) এগৰাকী বাংলাদেশী দাৰ্শনিক আৰু নাৰীবাদী লেখিকা আছিল আৰু ২০০০ চনৰ ডিচেম্বৰ মাহত অৱসৰ লোৱালৈকে ঢাকা বিশ্ববিদ্যালয়ৰ দৰ্শনৰ অধ্যাপিকা আছিল।
-
ৰিজিয়া ৰহমান
ৰিজিয়া ৰহমান (২৮ ডিচেম্বৰ ১৯৩৯ – ১৬ আগষ্ট ২০১৯) আছিল এগৰাকী বাংলাদেশী ঔপন্যাসিক। তেওঁ অসংখ্য উপন্যাস আৰু চুটি গল্প ৰচনা কৰে। তেওঁৰ সাহিত্যকৰ্ম সকলো ধৰণৰ বিষয়-বস্তু সামৰি লৈছিল। তেওঁ বিশেষকৈ বং থেকে বাংলা নামৰ উপন্যাসখনৰ বাবে অধিক পৰিচিত। তেওঁ বাংলা অকাডেমী সাহিত্য পুৰস্কাৰ (১৯৭৮) লাভ কৰে।