বাংলাদেশৰ কণ্ঠশিল্পী
২২ প্ৰবন্ধ
-
মমতাজ বেগম
মমতাজ বেগম (Momtaz Begum; জন্ম: ৫ মে' ১৯৭৪) হৈছে এগৰাকী বাংলাদেশী কণ্ঠশিল্পী আৰু ২০১৪ চনৰ পৰা বৰ্তমানলৈ মাণিকগঞ্জ-২ সমষ্টিৰ পৰা বাংলাদেশৰ জাতীয় সংসদলৈ নিৰ্বাচিত সাংসদ। তেখেতক 'দ্য মিউজিক কুইন' উপাধিৰে উল্লেখ কৰা হয়। তেওঁৰ চাৰি দশকৰ কেৰিয়াৰত প্ৰায় ৭০০টা এলবাম ৰেকৰ্ড কৰিছে।
-
ৰুনা লাইলা
ৰুনা লাইলা (Runa Laila;; ১৭ নৱেম্বৰ ১৯৫২) এগৰাকী বাংলাদেশী নেপথ্য কণ্ঠশিল্পী আৰু মিউজিক কম্পোজাৰ। ১৯৬০ চনৰ শেষৰ ফালে পাকিস্তান চলচ্চিত্ৰ জগতত নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।
-
অনিমা ৰায়
অনিমা ৰায় (Anima Roy) বাংলাদেশৰ এগৰাকী ৰবীন্দ্ৰ সঙ্গীত গায়িকা আৰু জগন্নাথ বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ অধ্যাপিকা।
-
অবন্তী সিঁথি
অবন্তী সিঁথি (জন্ম ২৩ নভেম্বৰ ১৯৯২) এগৰাকী বংলাদেশী গায়িকা। তেওঁ তেওঁৰ গীত ৰূপকথা জগতৰ বাবে ৱেব ফিল্ম নেটৱৰ্কাৰ বাইৰে (২০২১)ত সৰ্বশ্ৰেষ্ঠ মহিলা গায়িকা হিচাপে মেৰিল–প্ৰথম আলো বঁটা লাভ কৰিছিল। তেওঁ বিশেষ ধৰণৰ ছন্দ সৃষ্টি কৰিবলৈ প্লাষ্টিক কাপ, ফয়েল কাগজ, আৰু ধাতব মুদ্ৰা ব্যৱহাৰ কৰে।
-
আনুশেহ্ অনাদিল
আনুশেহ্ অনাদিল এগৰাকী বাংলাদেশী সংগীতশিল্পী, শিল্পী, সাংস্কৃতিক কৰ্মী আৰু সামাজিক উদ্যোগী। তেওঁ বাংলা বেণ্ডৰ লগত জড়িত, যিটো বাংলাদেশৰ প্ৰথম মহিলা নেতৃত্বাধীন বেণ্ড হিচাপে পৰিচিত।
-
এণ্ড্ৰু কিশোৰ
এণ্ড্ৰু কিশোৰ কুমাৰ বাঢ়ৈ (এণ্ড্ৰু কিশোৰ নামেৰে বেছি পৰিচিত) (Andrew Kishore; ৪ নৱেম্বৰ ১৯৫৫ – ৬ জুলাই ২০২০) এগৰাকী বাংলাদেশী গায়ক। বাংলাদেশৰ লগতে আন দেশৰ বহু চলচ্চিত্ৰৰ গীতত তেওঁ কণ্ঠ দান কৰিছে, যাৰ বাবে তেওঁ ‘প্লেবেক সম্ৰাট’ নামেৰে পৰিচিত।
-
ঐশী
ফাতিমা তুজ জাহৰা ঐশী (জন্ম: ৮ ডিচেম্বৰ ১৯৯৬) এগৰাকী বাংলাদেশী গায়িকা। তেওঁ ঐশী এক্সপ্ৰেছ, ঐশীৰ মায়া, ঐশীৰ হাৱা, চোখেৰ বাড়ি, ঐশী এক্সপ্ৰেছ ২, ঐশী এক্সপ্ৰেছ ৩, দিল কি দয়া হয় না আৰু দেহবাজী আদি এলবামৰ বাবে বিশেষভাৱে পৰিচিত।
-
কাঙ্গালিনী ছুফিয়া
ছুফিয়া খাতুন (কাঙ্গালিনী সুফিয়া নামে জনপ্ৰিয়; জন্ম ১ জানুৱাৰী ১৯৬১) তেওঁৰ প্ৰকৃত নাম অনিতা হালদাৰ। তেওঁ দৰদী শত্ৰু, আগুন আৰু ৰাজ সিংহাসন চিনেমাত প্লেবেক গায়িকা হিচাপে কণ্ঠদান কৰিছিল।
-
চন্দনা মজুমদাৰ
চন্দনা মজুমদাৰ (ইংৰাজী: Chandana Mazumdar) লালন গীতি ধাৰাৰ এগৰাকী বাংলাদেশী লোক-গায়িকা। মনপুৰা (২০০৯) ছবিৰ বাবে কৰি তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
ছালমা আখতাৰ
মৌচুমী আখতাৰ ছালমা (ইংৰাজী: Moushumi Akhter Salma; জন্ম: ১ জানুৱাৰী ১৯৯১; সাধাৰণতে ছালমা আখতাৰ নামেৰে পৰিচিত) এগৰাকী বাংলাদেশী লোক-গায়িকা। ২০০৬ চনত এন.টিভিত (NTV) সম্প্ৰচাৰিত দূৰদৰ্শন ধাৰাবাহিক "ক্ল'জআপ ৱান তোমাকেই খুঁজছে বাংলাদেশ"ৰ দ্বিতীয় ছিজনত চনত জয়লাভ কৰি তেওঁ খ্যাতি অৰ্জন কৰে।
-
নাদিৰা বেগম
নাদিৰা বেগম (ইংৰাজী: Nadira Begum; মৃত্যু: ৬ নৱেম্বৰ ২০২৩) এগৰাকী বাংলাদেশী লোক-গায়িকা। ২০১৫ চনত বাংলাদেশ চৰকাৰে তেওঁক শিল্পকলা পদক প্ৰদান কৰে। কুলো কুলো চলো চলো নদী কৰে তলমলৰ দৰে গীতৰ বাবে তেওঁ পৰিচিত।
-
পাপিয়া সৰৱাৰ
পাপিয়া সৰৱাৰ (Papia Sarwar) (২১ নৱেম্বৰ ১৯৫২ - ১২ ডিচেম্বৰ ২০২৪) বাংলাদেশৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী তথা ৰবীন্দ্ৰ সংগীতৰ বিশিষ্ট পৰিবেশক আছিল। সংগীতত তেওঁৰ অসাধাৰণ দক্ষতা তথা নিখুঁত পৰিৱেশন শৈলীৰ বাবে তেওঁ সংগীতপ্ৰেমীসকলৰ মাজত অতি জনপ্ৰিয় আছিল।
-
পিলু মমতাজ
পিলু মমতাজ (প্ৰায় ১৯৫৩ – ২৩ মে' ২০১১) এগৰাকী বাংলাদেশী লোক-গায়িকা।
-
ফেৰদৌচ আৰা
ফেৰদৌচ আৰা (বাংলা: ফেব়দৌস আব়া) এগৰাকী বাংলাদেশী নজৰুল সংগীত শিল্পী। তেওঁ বাংলাদেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান একুশে পদক লাভ কৰা এগৰাকী বিশিষ্ট গায়িকা।
-
বদৰুন্নেসা ডালিয়া
বদৰুন্নেসা ডালিয়া (ইংৰাজী: Badrunnesa Dalia; জন্ম ১ মাৰ্চ ১৯৭০) এগৰাকী মূলসুঁতিৰ নজৰুল সংগীত, ৰবীন্দ্ৰ সংগীতৰ গায়িকা, অভিনেত্ৰী আৰু সংগীত শিক্ষয়িত্ৰী। ডালিয়া নামেৰে পৰিচিত এই শিল্পী গৰাকী বিভিন্ন ধাৰাৰ সংগীত গোৱা গায়িকা হিচাপে বহুমুখী প্ৰতিভাৰ বাবে জনাজাত।
-
মিতালি সিং
মিতালি সিং (: Mitali Singh; জন্ম মুখাৰ্জী ) এগৰাকী ভাৰতীয়-বাংলাদেশী শাস্ত্ৰীয় আৰু প্লেবেক গায়িকা, তেওঁৰ ঘৰ বাংলাদেশৰ মৈমনসিঙত। ১৯৮২ চনত দুই পইচাৰ আলতা নামৰ ছবিৰ বাবে আই দুনিয়া এখোন তো আৰ গীতটি পৰিৱেশন কৰাৰ বাবে বাংলাদেশৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
শিথি সাহা
শিথি সাহা (ইংৰাজী: Shithi Saha) এগৰাকী বাংলাদেশী কণ্ঠশিল্পী। প্ৰবীণ ফেৰ্ডাছ ৱাহিদৰ সৈতে প্ৰজাপতি (২০১১) ছবিত কণ্ঠদান কৰিছে। তেওঁ ৰবীন্দ্ৰ সংগীত, লোক-গীতৰ লগতে চলচ্চিত্ৰৰ গীতো গায়। তেওঁ চাৰিটা ষ্টুডিঅ' এলবাম নিৰ্মাণ কৰিছে।
-
শ্বাহ আব্দুল কৰিম
শ্বাহ আব্দুল কৰিম বা বাউল শ্বাহ আব্দুল কৰিম (Shah Abdul Karim; ১৫ ফেব্ৰুৱাৰী ১৯১৬ - ১২ ছেপ্টেম্বৰ ২০০৯) হ'ল এজন বাংলাদেশী বাউল সংগীতজ্ঞ আৰু দাৰ্শনিক। সৰ্বশ্ৰেষ্ঠ বাউল সংগীতজ্ঞসকলৰ ভিতৰৰ এজন হিচাপে পৰিচিত তেওঁক 'বাউল সম্ৰাট' (বাউলৰ ৰজা) বুলি কোৱা হয়।
-
শ্বিমূল ইউচুফ
শ্বিমূল ইউচুফ ( Shimul Yousuf; জন্ম: ২৪ মাৰ্চ ১৯৫৭) এগৰাকী বাংলাদেশী অভিনেত্ৰী, পৰিচালক আৰু গায়িকা। ২০২৩ চনত বাংলাদেশৰ অসামৰিক লোকৰ বাবে দ্বিতীয় সৰ্বোচ্চ বঁটা একুশে পদক বঁটা লাভ কৰে।
-
সুষমা দাস
সুষমা দাস (ইংৰাজী: Shushama Das; জন্ম: ১ মে' ১৯৩০) এগৰাকী বাংলাদেশী লোক-গায়িকা। বাংলাদেশৰ সংগীত জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০১৭ চনত বাংলাদেশ চৰকাৰে তেওঁক একুশ্বে পদক (Ekushey Padak) প্ৰদান কৰে।
-
হিৰো আলম
আশ্ৰাফুল হুছেইন আলম (হিব়ো আলম) এজন বাংলাদেশী ফ্ৰীলেঞ্চাৰ মিউজিক ভিডিঅ’ মডেল আৰু ছ’চিয়েল মিডিয়াত সক্ৰিয় অভিনেতা, যাক হিৰ’ আলম বুলিও জনা যায়। তেওঁ বাংলাদেশী চলচ্চিত্ৰ উদ্যোগৰ সদস্য নহয়; এজন স্বতন্ত্ৰ শিল্পী হিচাপে তেওঁ কাম কৰে আৰু ছ’চিয়েল মিডিয়াত সেয়া শ্বেয়াৰ কৰে।
-
ৰেশ্মি মিৰ্জা
ৰেশ্মি মিৰ্জা (ইংৰাজী: Resmi Mirza) এগৰাকী বাংলাদেশী লোক-গায়িকা তথা মিশ্ৰিত ধাৰাৰ কণ্ঠশিল্পী। ২০১২ চনত চেনেল ৯ৰ ৰিয়েলিটি শ্ব' "পাৱাৰ ভইচ ২০১২"ত অংশগ্ৰহণ কৰাৰ পিছত তেওঁৰ সংগীত কেৰিয়াৰ আৰম্ভ কৰে। এই অনুষ্ঠানটোৱে বাংলাদেশৰ সংগীত জগতত তেওঁক স্বীকৃতি প্ৰদান কৰে।