কাৰ্বি জনগোষ্ঠীৰ ব্যক্তি
৫ প্ৰবন্ধ
-
ৰংবং তেৰাং
ৰংবং তেৰাং (Rongbong Terong) অসমৰ এজন প্ৰসিদ্ধ লেখক আৰু শিক্ষাবিদ। কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা প্ৰথম জন ব্যক্তি আছিল। তেখেতে ঘাইকৈ অসমীয়া আৰু কাৰ্বি ভাষাত সাহিত্য ৰচনা কৰি আহিছে। ইয়াৰ উপৰিও অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব দুবাৰকৈ তেখেতক অৰ্পণ কৰা হৈছিল।
-
ধনেশ্বৰ ইংতি
ধনেশ্বৰ ইংতি (Dhaneswar Engti, জন্ম: ১ নৱেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় সাহিত্যিক, গীতিকাৰ তথা শিক্ষাবিদ। ʼবালিমাহীʼ শীৰ্ষক কাব্য সংকলনেৰে কাব্যপ্ৰেমীৰ মাজত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা ধনেশ্বৰ ইংতি সকলোৰে মাজত ʼবালিমাহীৰ কবিʼ কবি হিচাপেও পৰিচিত।
-
পখিলা লেকথেপী
পখিলা লেকথেপী (Pokhila Lekthepi, জন্ম: ১৯৬২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। কাৰ্বি সংগীতজগতত তেওঁ চাৰি দশকৰো অধিক কালজুৰি সংগীতৰ চৰ্চা কৰি আহিছে। তেওঁ বৰ্তমানলৈকে প্ৰায় তিনি শতাধিক গীতত কণ্ঠদান কৰিছে।
-
বনিলী খ’ঙমেন
বনিলী খ’ঙমেন ( Bonily Khongmen; জন্ম: কাবন নেলি টুমুংপি; ২৫ জুন ১৯১২ – ১৭ মাৰ্চ ২০০৭)এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিছিল[1] ১৯৫২ চনত অসমৰ স্বায়ত্তশাসিত জিলা সমষ্টিৰ পৰা সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
জয়ন্ত ৰংপী
জয়ন্ত ৰংপি এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ১৯৯১ চনৰ পৰা ২০০৪ চনলৈকে অসমৰ স্বায়ত্ত্ব শাসিত জিলা ৰ বাবে সংসদৰ সদস্য, লোকসভা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনত তেওঁ স্বায়ত্তশাসিত ৰাজ্যিক দাবী সমিতিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয়।