

পখালা (ପଖାଳ) হৈছে ওড়িয়া লোকসকলৰ মাজত প্ৰচলিত পানীত ধুই বা সামান্য পৰিমাণে কিম্বন কৰা সিদ্ধ চাউলৰ এবিধ খাদ্য। ইয়াৰ তৰল ভাগটোক তোৰাণী (ତୋରାଣି) নামেৰে জনা যায়।১ ই ওড়িশাত জনপ্ৰিয়। ইয়াৰ অনুৰূপ খাদ্য পূব অঞ্চল যেনে ঝাৰখণ্ড, ছত্তীশগড়, বংগ, আৰু উত্তৰ-পূবৰ অসম আৰু ত্ৰিপুৰাত জনপ্ৰিয়।
পখালা সাধাৰণতে গৰমৰ দিনত খোৱা হয় যদিও বহুতে বছৰটোৰ যিকোনো সময়ত বিশেষকৈ দুপৰীয়াৰ আহাৰত ইয়াক খোৱা হয়। গৰম দিনত ই সতেজতা প্ৰদান কৰাৰ লগতে শৰীৰত থকা পুষ্টিকৰ উপাদানসমূহ পুনৰ ভৰাই তোলাৰ বাবে ই মানুহৰ মাজত জনপ্ৰিয়। ই এক পৰম্পৰাগত ওড়িয়া খাদ্য। ইয়াক চাউল, দৈ, তিয়ঁহ, জিৰা, ভজা পিঁয়াজ আৰু পদিনা পাতৰ সৈতে প্ৰস্তুত কৰা হয়। শুকানকৈ খোলাত দিয়া আলু (পাচলি), বেঙেনা আদি শাক-পাচলি বা ভজা মাছৰ সৈতেও ইয়াক পৰিবেশন কৰা হ।২৩
ব্যুৎপত্তি
"পখালা" শব্দটো পালি শব্দ "পখালিতা" (ପଖାଳିତା) আৰু সংস্কৃত শব্দ "প্ৰক্ষালন"ৰ (সংস্কৃত: प्रक्षालन) পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে "ধোৱা/প্ৰক্ষালন কৰা।" ৪
ইতিহাস
পূৱ ভাৰতৰ দৈনন্দিন খাদ্য তালিকাত প্ৰথম কেতিয়া পখালাক অন্তৰ্ভুক্ত কৰা হৈছিল সেয়া জনা নাযায় যদিও প্ৰায় দশম শতিকাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ ৰন্ধন প্ৰণালীত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল। পখালাৰ প্ৰথম প্ৰচলন ওড়িশাত যেন বোধ হয়। প্ৰতি বছৰে ওড়িশাত ২০ মাৰ্চ দিনটো পখালা দিবস হিচাপে পালন কৰা হয়। ভাৰত উপমহাদেশৰ পূব অংশতো (নেপাল আৰু ম্যানমাৰৰ কিছু অংশকে ধৰি) পখালাৰ প্ৰচলন আছে। অৰ্জুন দাসৰ গ্ৰন্থ কল্পলতাত (১৫২০-১৫৩০ খ্ৰীষ্টাব্দ) পখালা শব্দটো ব্যৱহাৰ কৰা হৈছিল।৫
শ্ৰেণীবিভাজন
প্ৰস্তুতি অনুসৰি বিভিন্ন প্ৰকাৰৰ পখালাক কেইবাভাগতো ভগাব পাৰি।৬৭৮
জনপ্ৰিয় ভিন্নতা
- নতুনকৈ ৰন্ধা ভাতত পানী আৰু নেমুৰ ৰস দি সাজা পখালা প্ৰস্তুত কৰা হয়। এই পদ্ধতিত কিম্বন কৰাৰ প্ৰয়োজন নাই।
- বাচি পখালা (ওডিয়া ভাষাত বাচি মানে বাহী) পানী দি ভাত কিম্বন কৰি প্ৰস্তুত কৰা হয়। ইয়াক সাধাৰণতে ৰাতিটো ৰাখি পিছদিনা খোৱা হয়। কাটি লোৱা পিঁয়াজ আৰু নেমুৰ লগতে বড়ি চুৰাৰ সৈতেও ইয়াক খোৱা হয়।
- জিৰা পখালা নৰসিংহ পাতৰ সৈতে ভজা জিৰা দি প্ৰস্তুত কৰা হয়।৯১০
- দহি পখালা হৈছে দৈ দি প্ৰস্তুত কৰা পখালা।
প্ৰস্তুতি
সাধাৰণতে পখালা ভাতৰ পৰা প্ৰস্তুত কৰা হয়। প্ৰথমে ভাত ৰান্ধি ইয়াক ঠাণ্ডা হ'বলৈ দিয়া হয়। ইয়াৰ পিছত এটা বাটিত পানী ঢালি তাত ভাত দিয়া হয়। কেৰাহীত এচিকুট তেল গৰম কৰি সৰিয়হৰ গুটি, নৰসিংহ পাত, শুকান ৰঙা জলকীয়া দি ভালদৰে ভজা হয়। এইখিনি টেঙা দৈৰ সৈতে পখালাৰ বাটিটোত দিয়া হয়। কোনো কোনো সময়ত সোৱাদ বৃদ্ধিৰ বাবে পদিনা পাত আৰু কেঁচা নিমখ দিয়া হ'ব পাৰে। ইয়াক ভজা মাছ বা চুখুৱা পোড়া (শুকান মাছ ভজা), সাগা ভাজা, বড়ি চুৰা আদিৰ সৈতে পৰিৱেশন কৰা হয়। জিৰা ভাজি মিহিকৈ গুড়ি কৰি ধনীয়া পাত আৰু নিমখৰ সৈতে দৈত যোগ কৰা হয়। কেতিয়াবা মাছ ভজা আৰু পালেঙৰ সৈতে পৰিৱেশন কৰা হয়।১১
পৰম্পৰাগত প্ৰস্তুতি
পৰম্পৰাগতভাৱে পখালা হৈছে সামান্য কিম্বন কৰা ভাত। ভাত সিজাই তাত অলপ পুৰণি পখালা (গাখীৰ আৰু পুৰণি দৈ ব্যৱহাৰ কৰি দৈ বনোৱাৰ দৰে কিবা এটা) দি পানী দিয়া হয়। প্ৰস্তুত কৰাৰ ৮ৰ পৰা ১২ ঘণ্টাৰ পিছত পৰিৱেশন কৰিলে পখালাৰ সোৱাদ বেছি হয়। এই ক্ষেত্ৰত ভাতত পুৰণি পখালা যোগ কৰাৰ প্ৰয়োজন নহয়। পখালাৰ নিজস্ব সোৱাদ অলপ টেঙা। কিন্তু কেঁচা জলকীয়া, কেঁচা আম আৰু আদা বটা দি পখালাক অলপ জলা আৰু মিঠা সোৱাদ দিয়া হয়।
সাধাৰণতে পোৰা বা সিজোৱা আলু আৰু অন্যান্য ভজা শাক-পাচলি বা ভজা মাছ পখালাৰ সৈতে পৰিৱেশন কৰা হয়। বিভিন্ন আনুষংগিক খাদ্যৰ ভিতৰত দহি বাইগানা, কখাৰু ফুলা ভাজা (ৰঙালাও ফুলৰ ভাজি), আলু পিটিকা, ভজা মাছ, ভজা মিছামাছ, চুখুৱা (শুকান মাছ) আৰু সাগা ভাজা (জুইত পোৰা পাত -শাক) আদি থাকে।৬৪
পখালা দিবাছা
আধুনিক কালত এই খাদ্যবিধৰ প্ৰচাৰৰ বাবে ২০১১ চনৰ ২০ মাৰ্চ দিনটো পখালা দিবাছা বা পখালা দিৱস হিচাপে বিশ্বজুৰি ওড়িয়াসকলে উদযাপন কৰিবলৈ লয়।১২১৩১৪১৫১৬১৭
তথ্যসূত্ৰ
- ↑ J. Tharu, Lalita. (1993). Women Writing in India: The twentieth century. Vol II. Feminist Press. পৃ. 688. ISBN 9781558610293
- ↑ (7 June 2019). https://www.outlookindia.com/website/story/society-news-drinks-of-odisha-a-sneak-peek-into-the-taste-of-delight/331703. Outlook
- ↑ Charmaine O' Brien. (15 December 2013). The Penguin Food Guide to India. Penguin Books. ISBN 9789351185758
- ↑ V.K. Joshi. (5 January 2016). Indigenous Fermented Foods of South Asia. CRC Press. ISBN 9781439887905
- ↑ Panda. (1991). Medieval Orissa: a socio-economic study. Mittal Publications. পৃ. 152. ISBN 9788170992615
- ↑ (20 March 2018). https://sambadenglish.com/on-pakhala-dibas-try-out-varieties-of-this-popular-odia-delicacy/. Sambad
- ↑ (20 March 2020). https://www.orissapost.com/this-summer-treat-yourself-with-odia-dishes-on-pakhala-diwas/. OrissaPost
- ↑ J C Manti. (2004). The Saga of Jagannatha and Badadeula at Puri. Vij Books. পৃ. 188. ISBN 9789382652458
- ↑ Jeera Pakhala
- ↑ Jeera Pakhala
- ↑ Mandal, Tridip; Singh, Muskan. (13 August 2021). Pakhala Bhat – An Odia Cuisine: Fermented Rice Recipe. The Quint
- ↑ (19 March 2014). March 20 Is Declared As Pakhala Dibasa (Universal Pakhala Day) By Odias Worldwide #Pakhal #Odisha #Food - eOdisha.org - latest Odisha News - Business - Culture -Art - Travel. Eodisha.org
- ↑ (17 March 2016). Pakhala Dibasa to be celebrated by Odias all over the world on 20 March · Incredible Odisha. Incredibleorissa.com
- ↑ (2017-03-18). 'World Pakhala Divas' on March 20. Pragativadi: Leading Odia Dailly
- ↑ (2016-03-20). Why March 20 celebrates as Pakhala Dibasa & Who has initiated this Dates - #PakhalaDibasa. eOdisha.org - latest Odisha News - Business - Culture -Art - Travel
- ↑ Pakhala dibasa grows bigger each passing year - Times of India. The Times of India
- ↑ (2018-03-20). ଆଜି 'ବିଶ୍ୱ ପଖାଳ ଦିବସ'! ଓଡିଆ ଜାତିର ଅନନ୍ୟ ବିଶେଷତ୍ୱ ପଖାଳ. Kanak News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পখালা” প্ৰবন্ধৰ সংশোধন ৫১৭১১৫ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।