অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেশদা মহন্ত

কেশদা মহন্ত (১৭ ছেপ্টেম্বৰ, ১৯৩৯ – ২৬ মাৰ্চ, ২০১৮) তেখেতৰ কেইবাখনো ৰচনাকৃতি "পাঞ্চজন্য", "হিন্দু বিশ্ব পৰিষদ পত্ৰিকা" (পাটনা), "ৰাষ্ট্ৰ সেৱক" (গুৱাহাটী) আদি পত্ৰিকাত প্ৰকাশিত। তেখেতৰ ৰচনাসমূহ গম্ভীৰ আৰু গৱেষণা আধাৰিত।

হালনাগাদ: ২৬ মাৰ্চ ২০২৪ ৩৯১ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কেশদা মহন্ত (১৭ ছেপ্টেম্বৰ, ১৯৩৯ – ২৬ মাৰ্চ, ২০১৮) এগৰাকী অসমীয়া লেখিকা, গৱেষক আৰু সমালোচক। তেখেতৰ ৰচনা অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰিৰ বাবে তেখেতে ২০১০ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া, সংস্কৃত আৰু হিন্দী ভাষাত সমান ব্যুৎপত্তিৰে লিখিব পৰা কেশদা মহন্তক মুখ্যতঃ এগৰাকী সমালোচক আৰু ৰচনাকাৰ।১

তেখেতৰ কেইবাখনো ৰচনাকৃতি "পাঞ্চজন্য", "হিন্দু বিশ্ব পৰিষদ পত্ৰিকা" (পাটনা), "ৰাষ্ট্ৰ সেৱক" (গুৱাহাটী) আদি পত্ৰিকাত প্ৰকাশিত। তেখেতৰ ৰচনাসমূহ গম্ভীৰ আৰু গৱেষণা আধাৰিত। তেখেতৰ অনুবাদ গ্ৰন্থ "ৰামচৰিত মানস" তেখেতৰ স্বামী বাপচন্দ্ৰ মহন্তৰ লগত যুটিয়াভাৱে বিৰচিত। দীৰ্ঘদিনীয়া ৰোগত ভুগি থাকি ২০১৮ চনৰ ২৬ মাৰ্চত যোৰহাটত তেখেতে মৃত্যুবৰণ কৰে।২

শৈশৱ আৰু শিক্ষা

১৯৩৯ চনৰ ১৭ ছেপ্টেম্বৰত যোৰহাটৰ কৰঙাৰ তেলপানী সত্ৰত কেশদা মহন্তই জন্মগ্ৰহণ কৰে। তেখেতৰ পিতৃ আছিল অধিবক্তা আৰু সাংবাদিক মোহন চন্দ্ৰ মহন্ত আৰু মাতৃ দীনপ্ৰভা মহন্ত। কৰঙাৰ ৫ নং কাটনী নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ পাতনি মেলা মহন্তই ১৯৫৬ চনত যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।৩

দশম শ্ৰেণীত পঢ়ি থাকোঁতেই ১৯৫৫ চনত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ শিক্ষক বাপচন্দ্ৰ মহন্তৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়। ১৯৫৮ চনত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে আই এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৬০ চনত সংস্কৃতত সন্মানসহ প্ৰথম স্থানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬৪ চনত তেখেতে সংস্কৃত বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪

কৰ্মজীৱন

যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত শিক্ষকতাৰে কেশদা মহন্তই কৰ্মজীৱনৰ পাতনি মেলে। কিছুদিন সৰোজিনী দেৱী উচ্চ মাধ্যমিক মালিকা বিদ্যালয়তো শিক্ষকতা কৰিছিল। ১৯৬৪ চনৰ ৭ ডিচেম্বৰত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে আৰু তাৰ পৰাই ২০০০ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।৪

মৃত্যু

দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত ভুগি থকা কেশদা মহন্তই ২০১৮ চনৰ ২৬ মাৰ্চত যোৰহাটৰ মিচন হস্পিটেলত মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৯ বছৰ। যোৰহাটৰ 'জেউতী আই বেংক'ত তেখেতে চকুযুৰি দান দি যায়।৫

সাহিত্যকৃতি

সমালোচনামূলক গ্ৰন্থ

  • কালিদাসৰ সাহিত্য (১৯৭৪)
  • অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি
  • বিচিত্ৰ ৰামায়ণী কথা (১৯৮৬)
  • কৃষ্ণকথা: মূলধাৰা (১৯৯০)
  • চিন্তা উপচাৰ
  • মহাপুৰুষীয়া সাহিত্য: কেইটিমান দিশ (১৯৮৫)
  • ভৱভূতি: ব্যক্তিত্ব আৰু কৃতিত্ব
  • কাব্যতত্ত্বৰ দৃষ্টিৰে শংকৰদেৱৰ কাব্য
  • ভাৰতীয় সাংস্কৃতিক ঐতিহ্য ধাৰাৰ তোলো কোন ঘাটে পানী

শিশু সাহিত্য

  • মহাভাৰতৰ সাধু দুটামান কওঁ (১৯৭০)
  • ৰঘুবংশৰ কথা (১৯৭২)
  • ৰামায়ণৰ সাধু দুটামান কওঁ (১৯৮৮)
  • নিৰ্মলা নদীৰ পানী
  • মৌ-কোঁহৰ কৰ্মী প্ৰজা (১৯৮৯)
  • সেউজী ধৰণী ধুনীয়া
  • ঐতিহ্যপ্ৰাণ নাতিলৈ আইতাৰ চিঠি
  • সোণালী সূতাৰে বন্ধা ককা
  • আইতা আৰু বিদিশা
  • যাওঁ আমি মৌ বিচাৰি

অনুবাদ গ্ৰন্থ

  • ৰামচৰিত মানস (বাপচন্দ্ৰ মহন্তৰ সৈত যুটীয়া ভাবে)
  • উত্তৰৰামচৰিত আৰু মেঘদূতকাৱ্য
  • অথৰ্ৱৱেদ
  • ৰঘুবংশ
  • অধ্যাত্ম ৰামায়ণ

সম্পাদিত গ্ৰন্থ

  • ৱৈষ্ণৱানন্দ-লহৰী
  • ৰামচৰিত মানসৰ উত্তৰাকাণ্ড

অন্যান্য

  • বিচাৰিলো অনেক প্ৰবন্ধে (২০১১)
  • সত্ৰ সংস্কৃতিৰ আশিসধন্য-অভাজনৰ তনু-মন-জীৱন (২০১৫)
  • মোৰে অসমৰ পৰা মোৰে ভাৰতলৈ (২০১৬)

বঁটা আৰু সন্মান

  • 'মৌ-কোঁহৰ কৰ্মী প্ৰজা'ৰ পাণ্ডুলিপিৰ বাবে অসম সাহিত্য সভাৰ 'নকুল চন্দ্ৰ সভাপণ্ডিত বঁটা' (১৯৮৯)৬
  • 'অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি' দ্বিতীয় খণ্ডৰ বাবে 'জগদ্ধাত্ৰী পুৰুমোহন দাস সাহিত্য বঁটা' (১৯৮৯-৯০)
  • 'মহাপুৰুষীয়া সাহিত্য: কেইটিমান দিশ'ৰ বাবে অসম সাহিত্য সভাৰ 'বাসন্তী বৰদলৈ সোঁৱৰণী বঁটা' (১৯৯০)
  • সদৌ অসম লেখিকা সমাৰোহৰ ১৯৯৭-৯৮ চনৰ তিতাবৰ অধিবেশনত সভানেত্ৰীৰ পদ
  • 'কাব্যতত্ত্বৰ দৃষ্টিৰে শংকৰদেৱৰ কাব্য'ৰ বাবে অসম সাহিত্য সভাৰ 'দুৰ্গাধৰ বৰকটকী সোঁৱৰণী বঁটা' (২০০১)
  • অসমীয়া ৰামায়ণী সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা (২০১০)

তথ্যসূত্ৰ

  1. ↑ নৰ্থ লখিমপুৰ কলেজ আলোচনী, ২০১৭-১৮ বৰ্ষ, সম্পাদক- তুলিকা সেনাপতি, পৃষ্ঠা সংখ্যা-২২
  2. ↑ (27 March 2018). Sahitya Akademi awardee Keshada Mahanta dead. The Assam Tribune
  3. ↑ নৰ্থ লখিমপুৰ কলেজ আলোচনী, ২০১৭-১৮ বৰ্ষ, সম্পাদক- তুলিকা সেনাপতি, পৃষ্ঠা সংখ্যা-২২
  4. ↑ (27 March 2018). ৰামায়ণী সাহিত্যৰ বিশিষ্ট গৱেষক কেশদা মহন্ত আৰু নাই. অসমীয়া প্ৰতিদিন
  5. ↑ গৰীয়সী, একবিংশ বছৰ, চতুৰ্থ সংখ্যা, জানুৱাৰী, ২০১৪ পৃষ্ঠা-৩৮
  6. ↑ নৰ্থ লখিমপুৰ কলেজ আলোচনী, ২০১৭-১৮ বৰ্ষ, সম্পাদক- তুলিকা সেনাপতি, পৃষ্ঠা সংখ্যা-২২

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেশদা মহন্ত” প্ৰবন্ধৰ সংশোধন ৪১৪৫৮৪ (২৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।