সামাজিক মতাদৰ্শ
৪ প্ৰবন্ধ
-
নাৰীবাদ
নাৰীবাদ (feminism) বিংশ শতাব্দীত উদ্ভূত এটি দৰ্শন যি সভ্যতাৰ মানুহ হিচাপে পুৰুষৰ তুলনাত সকলো ক্ষেত্ৰতে নাৰীৰ সমতা আৰু স্বাধীনতাত বিশ্বাস কৰে। নাৰীবাদ সমাজত নাৰীৰ সমতা অৰ্জন, বিশেষকৈ পুৰুষৰ সমান অধিকাৰ আদায়ৰ যৌক্তিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
নাস্তিকতা
নাস্তিকতা (Atheism)-ৰ বহল অৰ্থ হ'ল ভগৱানৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাসক বৰ্জন কৰা। ইয়াৰ সংকীৰ্ণ অৰ্থ হৈছে যে সেই বিচাৰধাৰা যাৰ মতে কোনোধৰণৰ ভগৱান বা অলৌকিক শক্তিৰ অস্তিত্ব নাই। সকলোতকৈ উদাৰ অৰ্থ হ'ল ভগৱানৰ অস্তিত্ব থকা বুলি কোনো বিশ্বাসৰ অনুপস্থিতি।
-
গান্ধীগিৰি
গান্ধীগিৰি হৈছে ভাৰতৰ এক নব্যবাদ, যাক গান্ধীবাদৰ মতবাদ (ইয়াৰ ভিতৰত আছে সত্যাগ্ৰহ, অহিংসা, আৰু সত্য) হিচাপে সমকালীন ক্ষেত্ৰত প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ২০০৬ চনত মুক্তি লাভ কৰা হিন্দী ছবি 'লাগে ৰহো মুন্না ভাই'ত ব্যৱহাৰৰ পিছত এই শব্দটো জনপ্ৰিয় হৈ পৰিছিল।
-
নব্য নাস্তিকতাবাদ
নব্য নাস্তিকতাবাদ (New Atheism) শীৰ্ষক পৰিভাষাটোৰ জন্ম দিয়ে সাংবাদিক গেৰি ওল্ফে (Gary Wolf)। একবিংশ শতিকাৰ একাংশ নাস্তিকে প্ৰচাৰ কৰা এক বিশেষ ধাৰণাৰ ব্যাখ্যা কৰিবলৈ তেওঁ এই বিশেষ পৰিভাষাটো ২০০৬ চনত সৃষ্টি কৰে। এই আধুনিক নাস্তিকতাবাদৰ ধাৰণাটো মূলতঃ প্ৰসাৰিত কৰে কেইগৰাকীমান চিন্তাবিদ আৰু লেখকে।