বিশ্বাস
৪ প্ৰবন্ধ
-
ভগৱান
একেশ্বৰবাদৰ মতে, ভগৱান হৈছে অতি মানৱ আৰু বিশ্বাসৰ মূল বিষয়। সৰ্বেশ্বৰবাদত ইশ্বৰৰ ধাৰণাক সৰ্বজ্ঞ (infinite knowledge), সৰ্ব শক্তিমান (unlimited power), সৰ্বত্ৰ বিৰাজমান (present everywhere), স্বৰ্গীয় সৰলতাযুক্ত, আৰু এটা নিয়ন্ত্ৰণকাৰী আৰু প্ৰয়োজনীয় অস্তিত্ব বুলি ব্যাখ্যা কৰে।
-
নাস্তিকতা
নাস্তিকতা (Atheism)-ৰ বহল অৰ্থ হ'ল ভগৱানৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাসক বৰ্জন কৰা। ইয়াৰ সংকীৰ্ণ অৰ্থ হৈছে যে সেই বিচাৰধাৰা যাৰ মতে কোনোধৰণৰ ভগৱান বা অলৌকিক শক্তিৰ অস্তিত্ব নাই। সকলোতকৈ উদাৰ অৰ্থ হ'ল ভগৱানৰ অস্তিত্ব থকা বুলি কোনো বিশ্বাসৰ অনুপস্থিতি।
-
নব্য নাস্তিকতাবাদ
নব্য নাস্তিকতাবাদ (New Atheism) শীৰ্ষক পৰিভাষাটোৰ জন্ম দিয়ে সাংবাদিক গেৰি ওল্ফে (Gary Wolf)। একবিংশ শতিকাৰ একাংশ নাস্তিকে প্ৰচাৰ কৰা এক বিশেষ ধাৰণাৰ ব্যাখ্যা কৰিবলৈ তেওঁ এই বিশেষ পৰিভাষাটো ২০০৬ চনত সৃষ্টি কৰে। এই আধুনিক নাস্তিকতাবাদৰ ধাৰণাটো মূলতঃ প্ৰসাৰিত কৰে কেইগৰাকীমান চিন্তাবিদ আৰু লেখকে।
-
কৌতুকা
কৌতুকা হ'ল ৰঙা আৰু হালধীয়া ৰঙৰ সূতা। ধৰ্মীয় বিশ্বাস অনুসৰি এই সূতাই সুৰক্ষা প্ৰদান কৰে, ইয়াত কেতিয়াবা কেতিয়াবা গাঠি কিছুমান দিয়া থাকে। ভাৰতীয় উপমহাদেশত এই সূতা আৰু ইয়াৰে জড়িত বিশ্বাস প্ৰচলিত হৈ আছে।