নাস্তিকতাবাদ
৪ প্ৰবন্ধ
-
নাস্তিকতা
নাস্তিকতা (Atheism)-ৰ বহল অৰ্থ হ'ল ভগৱানৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাসক বৰ্জন কৰা। ইয়াৰ সংকীৰ্ণ অৰ্থ হৈছে যে সেই বিচাৰধাৰা যাৰ মতে কোনোধৰণৰ ভগৱান বা অলৌকিক শক্তিৰ অস্তিত্ব নাই। সকলোতকৈ উদাৰ অৰ্থ হ'ল ভগৱানৰ অস্তিত্ব থকা বুলি কোনো বিশ্বাসৰ অনুপস্থিতি।
-
চাৰ্বাক দৰ্শন
চাৰ্বাক দৰ্শন (चार्वाक) হৈছে ভাৰতীয় দৰ্শনৰ এক উল্লেখযোগ্য ধাৰা। ই ভাৰতীয় নাস্তিক দৰ্শনৰ অন্তৰ্গত। ই একমাত্ৰ ভাৰতীয় বস্তুবাদী দৰ্শন। ইয়াৰ অন্য নাম হৈছে লোকায়ত দৰ্শন। কিয়নো ই সেইসময়ৰ ভাৰতীয় জনসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াত সাধাৰণ মানুহৰ চিন্তাধাৰা প্ৰতিফলিত হৈছিল।
-
নব্য নাস্তিকতাবাদ
নব্য নাস্তিকতাবাদ (New Atheism) শীৰ্ষক পৰিভাষাটোৰ জন্ম দিয়ে সাংবাদিক গেৰি ওল্ফে (Gary Wolf)। একবিংশ শতিকাৰ একাংশ নাস্তিকে প্ৰচাৰ কৰা এক বিশেষ ধাৰণাৰ ব্যাখ্যা কৰিবলৈ তেওঁ এই বিশেষ পৰিভাষাটো ২০০৬ চনত সৃষ্টি কৰে। এই আধুনিক নাস্তিকতাবাদৰ ধাৰণাটো মূলতঃ প্ৰসাৰিত কৰে কেইগৰাকীমান চিন্তাবিদ আৰু লেখকে।
-
নাস্তিকৰ বাজি
নাস্তিকৰ বাজি (Atheist's wager) ধাৰণাটো দাৰ্শনিক মাইকেল মাৰ্টিনে জনপ্ৰিয় কৰি তুলিছিল। ১৯৯০ চনত প্ৰকাশিত তেওঁৰ নাস্তিকতা: এক দৰ্শনগত ন্যায্যতা (Atheism: A Philosophical Justification) নামৰ গ্ৰন্থখনত এই বিষয়ে উল্লেখ কৰিছিল।