ধীৰেন্দ্ৰ নাথ গাংগুলী ( Dhirendra Nath Ganguly; ২৬ মাৰ্চ ১৮৯৩ – ১৮ নৱেম্বৰ ১৯৭৮) এজন দাদাচাহেব ফাল্কে বঁটা বিজয়ী আৰু পদ্মভূষণ লাভ কৰা চলচ্চিত্ৰ উদ্যোগী আৰু বঙালী চলচ্চিত্ৰৰ অভিনেতা, পৰিচালক। ধীৰেণ গাংগুলী বা ডি.জি. নামেৰে তেওঁ অধিক পৰিচিত আছিল। তেওঁ কেইবাটাও চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী- ‘ইণ্ডো ব্ৰিটিছ ফিল্ম কোম্পানী’, ‘ব্ৰিটিছ ডমিনিয়ন ফিল্মছ’, ‘লোটাছ ফিল্ম কোম্পানী’ স্থাপন কৰিছিল। পিছলৈ তেওঁ নিউ থিয়েটাৰৰ বাবে চলচ্চিত্ৰ পৰিচালনা কৰিছিল। তেওঁ কমেডী ধাৰাৰ বহুতো ছবি নিৰ্মাণ কৰিছিল। তেওঁৰ জন্ম হৈছিল কলিকতাত আৰু মৃত্যুও হৈছিল একেখন চহৰতে। গাংগুলীয়ে শান্তিনিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। পিছত তেওঁ হায়দৰাবাদৰ ষ্টেট আৰ্ট স্কুলৰ প্ৰধান শিক্ষক হয়। ১৯১৫ চনত তেওঁ নিজৰ মেক-আপ কৌশল সম্বলিত ভৱকী অভিব্যক্তি নামৰ ফটোগ্ৰাফৰ কিতাপ এখন প্ৰকাশ কৰে। তেওঁ এই কলা ব্ৰিটিছ ৰাজ তথা স্বাধীন ভাৰতৰ চোৰাংচোৱা বিষয়াসকলকো শিকাইছিল। তেওঁলোক বৰ্তমান বাংলাদেশৰ অন্তৰ্গত বৰিশালৰ নিবাসী আছিল। ১
কৰ্মজীৱন
ইণ্ডো-ব্ৰিটিছ ফিল্ম কোম্পানী
ফটোগ্ৰাফী সম্পৰ্কীয় কিতাপখনৰ বাবেই গাংগুলী জামছেদজী ফ্ৰেমজী মদনৰ সংস্পৰ্শলৈ আহে আৰু তেওঁৰ ছবিত বিনিয়োগ কৰিবলৈ সন্মত হয়।১ গাংগুলী আৰু মদন থিয়েটাৰৰ পৰিচালক নীতিশ লাহিৰীয়ে ১৯১৮ চনত বঙালী মালিকানাধীন প্ৰথমটো চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী ইণ্ডো ব্ৰিটিছ ফিল্ম কোম্পানী গঠন কৰে।২ নীতিশ লাহিৰীৰ পৰিচালনাত নিৰ্মিত এখন নিৰ্বাক কমেডী ছবি বিলাত ফেৰৎ (১৯২১) এই কোম্পানীৰ প্ৰথম ছবি।১ ১৯২২ চনত তেওঁলোকে আৰু দুখন ছবি মুক্তি দিয়ে- যশোদা নন্দন আৰু সাধু ঔৰ চেইতান।২
লোটাছ ফিল্ম কোম্পানী
গাংগুলীয়ে হায়দৰাবাদত লোটাছ ফিল্ম কোম্পানী প্ৰতিষ্ঠা কৰাৰ লগতে নিজামৰ সহায়ত এটা ফিল্ম ষ্টুডিঅ আৰু দুটা চলচ্চিত্ৰ গৃহ স্থাপন কৰে। ১৯২৪ চনত বম্বেত নিৰ্মিত ৰাজিয়া বেগম নামৰ ছবিখনৰ তেওঁ বিতৰক হিচাপে কাম কৰিছিল। এই ছবিখনত এজন হিন্দু যুৱকৰ প্ৰেমত পৰা এগৰাকী মুছলমান ৰাজকুমাৰীৰ কাহিনী চিত্ৰিত কৰা হৈছিল। ইয়াৰ ফলত নিজাম ক্ষুব্ধ হৈ পৰে আৰু গাংগুলীক হাইদৰাবাদ এৰি যাবলৈ নিৰ্দেশ দিয়ে।১
ব্ৰিটিছ ডমিনিয়ন ফিল্মছ্
গাংগুলীয়ে কলিকতালৈ উভতি আহি শেষত আন এটা চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী ব্ৰিটিছ ডমিনিয়ন ফিল্মছ গঠন কৰে। অভিনেতা প্ৰমথেশ চন্দ্ৰ বৰুৱাই এই কোম্পানীত বিনিয়োগ কৰাৰ লগতে কোম্পানীটোৱে নিৰ্মাণ কৰা এখন ছবিতো অভিনয় কৰিছিল। কিন্তু নতুন শব্দ প্ৰযুক্তি আৰু সবাক চলচ্চিত্ৰৰ আগমনৰ ফলত এই চলচ্চিত্ৰ কোম্পানীটো বিফল হয়।১ সেইবাবে তেওঁ বৰুৱাই স্থাপন কৰা বৰুৱা পিকচাৰ্ছ কোম্পানীত যোগদান কৰে। কিন্তু কম সময়ৰ ভিতৰতে বৰুৱা আৰু গাংগুলী- দুয়ো বীৰেন্দ্ৰনাথ চৰকাৰৰ নিউ থিয়েটাৰত যোগদান কৰে।
স্বীকৃতি
- পদ্মভূষণ (১৯৭৪)৩
- দাদাচাহেব ফাল্কে বঁটা (১৯৭৫)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ pp 950-951, Google books preview from 'Arts of Transitional India Twentieth Century', by Vinayak Purohit, ISBN 0-86132-138-3
- ↑ History of Bengali Cinema from BFJA Awards website
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধীৰেন্দ্ৰ নাথ গাংগুলী” প্ৰবন্ধৰ সংশোধন ৩৮১৪৪৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।