অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৪ ছেপ্টেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ৪ ছেপ্তেম্বৰ ২০২৪ ২৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৮৮২ - আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হৈছিল।
  • ১৮৮৮ - জৰ্জ ইষ্টমেনে প্ৰথম 'ৰোল-ফিল্ম কেমেৰা' ক'ডাকক (Kodak) পেটেণ্ট কৰে।
  • ১৮৮৮ - বেৰিষ্টাৰি পঢ়াৰ বাবে মহাত্মা গান্ধী লণ্ডনলৈ যায়।১ ২
  • ১৯২০ - কলিকতাত কংগ্ৰেছৰ বিশেষ অধিৱেশন বহে।
  • ১৯৪৬ - হেনৰী ফলি নাইট অসমৰ ৰাজ্যপাল হৈছিল।
  • ১৯৭৪ - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিলং বিচাৰপীঠ স্থাপন কৰা হয়।
  • ১৯৭৪ - অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৯৮ - গুগল (Google) প্ৰতিষ্ঠা কৰা হয়।৩ ৪
  • ২০০২ - অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড॰ গোলোক চন্দ্ৰ গোস্বামীক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰা হৈছিল।

জন্ম

  • ১৮২৫ - দাদভাই নৌৰজী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰা হৈছিল।
  • ১৮৯৩ - ড॰ ভুৱনেশ্বৰ বৰুৱা, এগৰাকী মহান চিকিৎসক আৰু স্বাধীনতা সংগ্ৰামী। (মৃঃ ২৫ ছেপ্টেম্বৰ, ১৯৫৬)
  • ১৯২৮ - নিৰুপমা ফুকন, অসমীয়া সাহিত্যিক।
  • ১৯৩৪ - ক্লাইৱ গ্ৰেঞ্জাৰ (Clive Granger), ব্ৰিটিছ অৰ্থনীতিবিদ।
  • ১৯৫২ - ঋষি কাপুৰ, বলীউদৰ অভিনেতা।
  • ১৯৬২ - শ্বিনিয়া ইয়ামানাকা, নোবেল বিজয়ী জাপানিজ চিকিৎসা বিজ্ঞানী।
  • ১৯৬৬ - আদেশ শ্ৰীবাস্তৱ, ভাৰতীয় সংগীত পৰিচালক আৰু গায়ক।
  • ১৯৭০ - সাগৰিকা মুখাৰ্জী, ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।
  • ১৯৮১ - বিয়ঞ্চে (Beyoncé), আমেৰিকান পপ গায়িকা আৰু অভিনেত্ৰী।
  • ১৯৮২ - গৌৰৱ গগৈ, ৰাজনেতা, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ।

মৃত্যু

  • ১০৬৩ - টুঘৰিল বেগ, ছেলজুক সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
  • ১৮২১ - জ'জে মিগেল কৰেৰা, চিলিৰ প্ৰথম ৰাষ্ট্ৰপতি।
  • ১৯৬১ - দুৰ্গেশ্বৰ শৰ্মা, অসমীয়া কবি আৰু নাট্যকাৰ।
  • ২০০৬ - ষ্টিভ আৰউইন বা দা ক'ক'ডাইল হাণ্টাৰ, পৰিৱেশবিদ আৰু টেলিভিছনৰ ব্যক্তি, এবিধষ্ট্ৰিংগ্ৰেইনামৰ সাগৰীয় প্ৰাণীৰ আক্ৰমণত মৃত্যু হৈছিল।

দিৱস

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ অহিংসাৰ পূজাৰী বাপুৰ মৃত্যু তিথি. News Next One
  2. ↑ On this Day (4th September). Maps of India
  3. ↑ From the garage to the Googleplex. Google
  4. ↑ Google. ইংৰাজী ৱিকিপিডিয়া

সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৪ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৪৩০৭৭৩ (৪ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।