অসমীয়া অনুবাদক
৯ প্ৰবন্ধ
-
কুলনাথ গগৈ
কুলনাথ গগৈ (Kulanath Gogoi) অসমৰ এগৰাকী অনুবাদক আৰু সাহিত্যিক। তেওঁ মূলতঃ বাংলা সাহিত্যৰ কালজয়ী সৃষ্টিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰি অসমীয়া সাহিত্য জগতলৈ এক অনৱদ্য অৱদান আগবঢ়াইছে। ১৯৯৫ চনত তেওঁ সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰে।
-
দিগন্ত বিশ্ব শৰ্মা
দিগন্ত বিশ্ব শৰ্মা একাধাৰে কবি, অনুবাদক আৰু সুবক্তা৷ তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলন অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংযুক্ত অধ্যাপক আৰু সাহিত্য অকাডেমিৰ অনুবাদ বঁটা বিজয়ী আৰু শ্ৰী অৰবিন্দৰ ভক্ত।
-
নীলিমা দত্ত
নীলিমা দত্ত (১৯২৫–২০০২) এগৰাকী প্ৰখ্যাত অসমীয়া কবি, ঔপন্যাসিক, অনুবাদক, নিবন্ধকাৰ আৰু শিশু সাহিত্যিক আছিল। তেওঁ সন্দিকৈ মহাবিদ্যালয় আৰু গুৱাহাটী মহাবিদ্যালয়ত দৰ্শন বিষয়ৰ অধ্যাপিকা হিচাপে কৰ্মৰত আছিল।
-
অনুপমা দত্ত শইকীয়া
অনুপমা দত্ত শইকীয়া (Anupama Dutta Saikia) অসমৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক আৰু অনুবাদক। তেওঁ মূলতঃ কন্নড় ভাষাৰ গুৰুত্বপূৰ্ণ সাহিত্যকৰ্মসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ বাবে পৰিচিত।
-
তীৰ্থ ফুকন
তীৰ্থ ফুকন (ইংৰাজী: Tirth Phukan) এগৰাকী অসমীয়া অনুবাদক আৰু সাহিত্যিক। তেওঁ ২০০০ চনত ভীষ্ম সাহনীৰ বিখ্যাত হিন্দী উপন্যাস তমসৰ অসমীয়া অনুবাদৰ বাবে তেওঁ সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ উমাপ্ৰসাদ মুখোপাধ্যায়ৰ বাংলা ভ্ৰমণকাহিনী মণিমহেশ অসমীয়ালৈ অনুবাদ কৰে।
-
পৰাণ কুমাৰ বৰুৱা
পৰাণ কুমাৰ বৰুৱা (Paran Kumar Baruah) অসমৰ এগৰাকী সাহিত্যিক আছিল। তেওঁ সাহিত্যৰ বিভিন্ন দিশৰ লগতে সমালোচনা আৰু অনুবাদো কৰিছিল। তেওঁ কুৰিখনতকৈও অধিক কিতাপ লিখিছিল। এইবোৰৰ ভিতৰত “শ্ৰীমন্ত শঙ্কৰদেৱ আৰু বৈষ্ণৱ ধৰ্ম’’ শীৰ্ষক গ্ৰন্থখনৰ বাবে তেওঁ ভীমৰাও আম্বেদকাৰ বঁটা লাভ কৰিছিল।
-
বসুন্ধৰা শইকীয়া
বসুন্ধৰা শইকীয়া (Basundhara Saikia; ১৯৪৬ – ১০ এপ্ৰিল ২০০২) এগৰাকী উল্লেখযোগ্য অসমীয়া অনুবাদক আৰু সাহিত্যিক আছিল। ভাৰতৰ বিভিন্ন ভাষাৰ সাহিত্য অসমীয়া ভাষালৈ অনুবাদ কৰাৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
-
মদন শৰ্মা
মদন শৰ্মা (জন্ম: ১৯৫২) অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত গল্পকাৰ, অনুবাদক, সাহিত্য সমালোচক আৰু অধ্যাপক। তেওঁ আজিৰ কবিতা নামৰ আলোচনীৰ সম্পাদক আৰু বিশ্বকোষ (পঞ্চম খণ্ড)ৰো সম্পাদক আছিল। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সছ বিভাগৰ মুৰব্বী তথা ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰত্নোত্তমা দাস বিক্ৰম
ৰত্নোত্তমা দাস বিক্ৰম (Ratnottama Das Bikram) লেখক, ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, প্ৰবন্ধকাৰ, স্তম্ভলেখক, কবি আৰু জনজাতীয় লোককলাৰ গৱেষক দাসে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত শিক্ষা আৰম্ভ কৰি পাছলৈ ক্ৰমে কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰে।