পহু
৫ প্ৰবন্ধ
-
সুগৰী পহু
সুগৰী পহু (Muntiacus muntjak) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত এটা সৰু আকাৰৰ হৰিণজাতীয় স্তন্যপায়ী। একাকী স্বভাৱ, বহুপ্ৰজনন, আৰু ৬–৭ মাহীয়া গৰ্ভধাৰণ-সময় আদি বৈশিষ্ট্যৰ বাবে ই অন্য বহু হৰিণৰ পৰা পৃথকভাৱে চিহ্নিত।
-
খটীয়া পহু
খটীয়া পহু(Indian Hog deer, বৈজ্ঞানিক-Axis porcinus), এবিধ হৰিণ জাতীয় জন্তু। ভাৰতৰ অসমত ইয়াৰ সংখ্যা সৰ্বাধিক। ই এটা বিপদাপন্ন প্ৰজাতি। ই সাধাৰণতে মুকলি ঠাইত বিচৰণ কৰে। কেতিয়াবা ইয়াক খেতি পথাৰত আৰু জাৰণিৰ দৰে হাবিতো দেখা যায়।
-
দল-হৰিণা
দল-হৰিণা (Barasingha or Swamp deer) ভাৰতবৰ্ষ, দক্ষিণ-পশ্চিম নেপাল তথা পাকিস্তানৰ কিছু অংশত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ পূৰ্বতে বাংলাদেশ তো পোৱা গৈছিল যদিও এই প্ৰাণীবিধৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ অংগটো হৈছে ইয়াৰ শিং (antler)৷ একোটা পূৰ্ণবয়স্ক প্ৰাণীৰ শিঙত ১০-১৪ ডালকৈ ভাগ (tine) থকা দেখা যায়৷…
-
ফুটুকী হৰিণ
ফুটুকী হৰিণ বা চিতল হৰিণ (Axis axis) ভাৰতীয় উপমহাদেশৰ এক থলুৱা হৰিণৰ এক প্ৰজাতি। ১৭৭৭ চনত Johann Christian Polycarp Erxlebenয়ে পোনপ্ৰথমবাৰৰ বাবে ইয়াৰ বৰ্ণনা কৰিছিল। এই মধ্যমীয়া আকৃতিৰ হৰিণবিধৰ মতা প্ৰাণীৰ কান্ধৰ উচ্চতা প্ৰায় ৯০ চেণ্টিমিটাৰ আৰু মাইকী প্ৰাণীৰ ৭০ চেণ্টিমিটাৰ হয়।
-
কস্তুৰী মৃগ
কস্তুৰী মৃগ (Mask Deer) শিং নথকা এবিধ সৰু আকৃতিৰ হৰিণ৷ এই জাতৰ মৃগৰ মতা মৃগবোৰৰ নাভিৰ ওচৰত হোৱা এটা টেমুনাত বিখ্যাত সুগন্ধি দ্ৰব্য ’’কস্তুৰী’’ৰ সৃষ্টি হয়৷ সেয়ে ইয়াক “কস্তুৰী মৃগ’’ বোলে৷ কস্তুৰী মৃগৰ বৈজ্ঞানিক নাম "Moschus moschiferus"৷ এইবিধ জন্তু ছাইবেৰিয়াৰ পৰা হিমালয় পৰ্বতৰ বিভিন্ন অঞ্চলত…