শিশু চলচ্চিত্ৰ
৪ প্ৰবন্ধ
-
অবুজ বেদনা (চলচ্চিত্ৰ)
অবুজ বেদনা (Abuj Bedana) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত, গুণসিন্ধু হাজৰিকা পৰিচালিত এখন ৰঙীন শিশু কথাছবি। এইখন অসমীয়া চিনেমা বছৰটোৰ শেষত ডিচেম্বৰ মাহত ছবি ঘৰত দেখিবলৈ পোৱা গৈছিল। অবুজ বেদনা পৰিচালকগৰাকীৰ পৰিচালিত একমাত্ৰ কথাছবি। মহাবাহু চিনে এণ্টাৰপ্ৰাইজেছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে বিপুল বৰুৱাই।
-
অকণ
অকণ (Akon) ১৯৮০ চনত মুক্তি পোৱা জি বি চি প্ৰডাকচনচৰ বেনাৰত নিৰ্মিত, গৌৰী বৰ্মন পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা চিৰঞ্জীলাল চৌধুৰীৰ। পৰিচালক গৌৰী বৰ্মনৰ কাহিনীৰ আধাৰত ছবিৰ চিত্ৰনাট্য লিখিছে নিৰোদ চৌধুৰীয়ে। অকণ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ।
-
তৰা (অসমীয়া চলচ্চিত্ৰ)
তৰা (Tora) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজনা চিলড্ৰেনছ ফিল্ম ছ'ছায়টি, ইণ্ডিয়াৰ। ২০০৪ত এই ছবিখন মুক্তি দিয়া হয়।
-
অভয়ম
অভয়ম (Shelter; আশ্ৰয়) হৈছে ১৯৯১ চনত মুক্তি লাভ কৰা এখন মালায়লম ভাষাৰ শিশু চলচ্চিত্ৰ। শিশু চলচ্চিত্ৰ সমাজ, ভাৰতৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ কাহিনী ৰচনা কৰে শিবু চক্ৰবৰ্তীয়ে আৰু পৰিচালনা কৰে শিৱমে। ছবিখনৰ মূল ভূমিকাকেইটা ৰূপায়ণ কৰে মধু, পাৰ্বতী জয়ৰাম, মাষ্টাৰ তৰুণ কুমাৰ, আৰু বেবী অম্বালীয়ে।