অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

তন্মাত্ৰ

তন্মাত্ৰ (সংস্কৃত: तन्मात्र; tanmātra) হৈছে অতি প্ৰাথমিক, অপৰিব্যক্ত, সূক্ষ্ম “উপাদান” বা “বীজ-গুণ” যাৰ পৰা পাছলৈ স্থূল উপাদানসমূহ (মহাভূত) গঠিত হয়। যি বস্তু আমি ইন্দ্ৰিয়ৰে লক্ষ্য কৰিব পাৰোঁ (ধ্বনি, স্পৰ্শ, ৰূপ, ৰস, গন্ধ), তাৰ “স্থূল বস্তু”ৰ বিপৰীতে, তাৰ আগৰে পৰা থকা অনুভৱৰ কেঁচা সম্ভাৱনা বা…

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৬ ৬২০ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

তন্মাত্ৰ (সংস্কৃত: तन्मात्र; tanmātra) হৈছে অতি প্ৰাথমিক, অপৰিব্যক্ত, সূক্ষ্ম “উপাদান” বা “বীজ-গুণ” যাৰ পৰা পাছলৈ স্থূল উপাদানসমূহ (মহাভূত) গঠিত হয়।১ যি বস্তু আমি ইন্দ্ৰিয়ৰে লক্ষ্য কৰিব পাৰোঁ (ধ্বনি, স্পৰ্শ, ৰূপ, ৰস, গন্ধ), তাৰ “স্থূল বস্তু”ৰ বিপৰীতে, তাৰ আগৰে পৰা থকা অনুভৱৰ কেঁচা সম্ভাৱনা বা “ইন্দ্ৰিয়গত-গুণৰ সূক্ষ্ম সাঁচ”ক তন্মাত্ৰ বুলিব পাৰি।

এই তন্মাত্ৰসমূহৰ মিলন আৰু পুনৰ্মিলনেৰেই আকাশ, বায়ু, অগ্নি, জল, পৃথিৱী, এই পাঁচোটা স্থূল মহাভূত উৎপন্ন হয়, আৰু সেই মহাভূতসমূহৰ সীমাহীন সংযোজনৰ পৰা স্থান-কালত দেখা পোৱা সকলো বস্তুগত ৰূপ (দেহ-মনসহ) গঠিত হয় বুলি ভাৰতীয় দৰ্শনত এটি প্ৰভাৱশালী ধাৰণা গঢ় লৈ উঠিছিল।২

তন্মাত্ৰ আৰু ইন্দ্ৰিয়: অনুভৱৰ বীজ

তন্মাত্ৰৰ ব্যাখ্যাৰ আৰম্ভণি বহুবাৰ ইন্দ্ৰিয়সমূহৰ আলোচনাৰ পৰা হয়। মানুহৰ পাঁচটা ইন্দ্ৰিয়-অনুভূতি পৰম্পৰাগতভাৱে লক্ষ্যিত: শ্ৰৱণ, স্পৰ্শ, দৰ্শন, স্বাদ আৰু ঘ্ৰাণ। এই পাঁচটা অনুভূতিৰ “বীজ-গুণ” বুজাবলৈ পাঁচটা তন্মাত্ৰ কল্পনা কৰা হয়।

ধাৰণাটো এনে ধৰণৰ: ইন্দ্ৰিয় বস্তুৰ সংস্পৰ্শলৈ আহে, তাৰ ছাপ মনসলৈ লৈ যায়; মনসে সেই ছাপবোৰ গ্ৰহণ কৰি গছ-পাত, পানী, জুই, গোন্ধ, শব্দ ইত্যাদি হিচাপে ধাৰণাৰ আকাৰ দিয়ে।৩ ইয়াত তন্মাত্ৰ হ'ল অনুভৱৰ “পূৰ্ব-পদাৰ্থ”: ই নিজে স্থূল বস্তু নহয়, কিন্তু স্থূল বস্তু হ’বলৈ যি ধৰণৰ অনুভৱযোগ্য বৈশিষ্ট্য লাগে, তাৰ সূক্ষ্ম ভিত্তি তন্মাত্ৰ।

সাংখ্য দৰ্শনত তন্মাত্ৰ

ঋষি কপিলৰ পৰা আৰম্ভ হোৱা সাংখ্য দৰ্শনত তন্মাত্ৰ ধাৰণাটো বিশেষভাৱে কেন্দ্ৰীয়। সাংখ্যত প্ৰকৃতি তিনি গুণ, সত্ত্ব, ৰজঃ, তমসৰ সম অৱস্থাত থাকে; পুৰুষৰ সান্নিধ্যত এই সমতা ভংগ হয়, আৰু বিকাশৰ এক শৃংখলা আৰম্ভ হয়।

প্ৰথমে মহৎ বা বুদ্ধি, আৰু তাৰ পৰা অহংকাৰৰ উদ্ভৱ হয়। অহংকাৰৰ সত্ত্ব গুণৰ পৰা মন আৰু ইন্দ্ৰিয়-ক্ষমতা, তমঃ গুণৰ পৰা তন্মাত্ৰ; আৰু তন্মাত্ৰৰ পৰা উৎপন্ন হয় পাঁচটা স্থূল উপাদান (মহাভূত)।৪ তন্মাত্ৰ হ'ল "মন-ইন্দ্ৰিয়" আৰু বাহ্য জগতৰ মাজৰ সূক্ষ্ম সেতু: ই মনত জন্ম হোৱা ধাৰণা নহয়, আৰু পূৰ্ণ বস্তুগত পদাৰ্থও নহয়। কিন্তু এই দুয়োৰে মাজত যি “অনুভৱযোগ্য গুণৰ কেঁচা উপাদান” লাগে, সেয়াই সাংখ্যই তন্মাত্ৰ আখ্যা দিয়ে।

এই দৃষ্টিৰ পৰা আকাশ-আদি মহাভূতৰো এক নিৰ্দিষ্ট সৃষ্টিক্ৰম কল্পনা কৰা হয়, আকাশ, বায়ু, অগ্নি, জল আৰু পৃথিৱী। তন্মাত্ৰসমূহকে এই স্থূল উপাদানসমূহৰ মূল কাৰণ বুলি ধৰা হয়, আৰু এই মহাভূতসমূহৰ সীমাহীন সংযোজনৰ পৰা সকলো বস্তুগত আকাৰ গঠিত হয় বুলি কোৱা হয়।৫

যোগ দৰ্শনত তন্মাত্ৰ

কোনো কোনো যোগ-ব্যাখ্যাত তন্মাত্ৰসমূহক “অবিশেষ” সূক্ষ্ম অৱস্থাত ধৰা হয়: যি সাধাৰণ বুদ্ধিত স্পষ্টকৈ ধৰা নপৰে, কিন্তু যোগীৰ সূক্ষ্ম উপলব্ধিত ধৰা পৰিব পাৰে বুলি কোৱা হয়।

এইধৰণৰ আলোচনাত, বস্তু গঠনৰ প্ৰক্ৰিয়াক “পৰিণাম” (ৰূপান্তৰণৰ ৰূপত পৰিৱৰ্তন) ৰূপে বৰ্ণনা কৰা হয়। একে বস্তুতে অপ্ৰকাশিত-প্ৰকাশিত-অতীতত প্ৰকাশিত কিন্তু সংৰক্ষিত, এই ধৰণৰ অৱস্থাই পৰিবৰ্তনৰ ব্যাখ্যা দিয়ে। আৰু গুণ-সঞ্চালনেই বস্তুৰ ৰূপ-পৰিবৰ্তনৰ মূল বুলি ব্যাখ্যা কৰা হয়।৬ এই পৰিপ্ৰেক্ষিতত তন্মাত্ৰ যেন “গুণ-সামগ্ৰী”ৰ সূক্ষ্ম স্তৰ, যাৰ গঠন-পুনৰ্গঠনত স্থূল উপাদান আৰু তাৰ পাছৰ বস্তুগত আকাৰ গঢ় লৈ উঠে।

বেদান্ত দৰ্শনত

বেদান্ত পৰম্পৰাতো তন্মাত্ৰ বা সূক্ষ্ম-ভূতৰ আলোচনা পোৱা যায়, বিশেষকৈ “সূক্ষ্ম স্তৰৰ উপাদানসমূহ মিলি স্থূল উপাদান গঠন” হোৱা ধৰণৰ তত্ত্বত। কিছুমান ব্যাখ্যাত স্থূল মহাভূত গঠনৰ প্ৰক্ৰিয়াক পঞ্চীকৰণ বুলি বৰ্ণনা কৰা হয়, আৰু তন্মাত্ৰসমূহক সেই প্ৰক্ৰিয়াৰ আগৰ সূক্ষ্ম স্তৰ বুলি ধৰা হয়।৭ আন কিছুমান ব্যাখ্যাত মন-অন্তঃকৰণ, ইন্দ্ৰিয়, প্ৰাণ আদি “আভ্যন্তৰীণ যন্ত্ৰ”বোৰো তন্মাত্ৰসমূহৰ সাত্ত্বিক-ৰাজসিক-তামসিক পক্ষৰ সংযোজন-বিভাজনেৰেই গঢ় লৈ উঠে বুলি কোৱা হয়। অৰ্থাৎ, তন্মাত্ৰ কেৱল “বাহ্য জগত”ৰ কথা নহয়; “মানসিক-শাৰীৰিক কৰ্তৃত্ব”ৰ সূক্ষ্ম নক্সাও ইয়াৰ সৈতে জড়িত হৈ পৰে।৮

উপনিষদৰ ধাৰণা: সৃষ্টি, নাম-ৰূপ, আৰু দেৱতা ব্যাখ্যা

উপনিষদ-ভাষ্যকাৰ আদি শংকৰ আৰু ৰামানুজে কেতিয়াবা “উপাদান” শব্দটোক কেৱল পদাৰ্থ হিচাপে নহয়, দেৱতা বা নিয়ন্তা-শক্তি ধৰণেৰেও ব্যাখ্যা কৰিছে বুলি উল্লেখ আছে।৯

লগতে ঔপনিষদিক চিন্তাত সৃষ্টিৰ অৰ্থ বহু সময়ত “নাম-ৰূপৰ আবিৰ্ভাৱ”, অৰ্থাৎ বাস্তৱৰ ওপৰত দেখা-পোৱা ভেদ-বিভেদ, শ্ৰেণী-বস্তুৰ পাৰ্থক্য, ইন্দ্ৰিয়গোচৰ জগতৰ প্ৰকাশ, এইবোৰক মায়া বা আভাস ৰূপে ব্যাখ্যা কৰাৰ ধাৰা ৰূপে বিদ্যমান। এইখিনিত তন্মাত্ৰ তত্ত্বক কিছুমানে “বিশ্ব কিদৰে জনা যায়” সেই প্ৰশ্নৰ এটা তাত্ত্বিক উত্তৰ হিচাপে গ্ৰহণ কৰে: পদাৰ্থৰ “বাহিৰা বস্তুত্ব”ৰ লগতে “অনুভৱৰ আভ্যন্তৰীণ গঠন” কিদৰে সংগত হয়, তাত ই সহায় কৰে।

বৌদ্ধ দৰ্শনত

বৌদ্ধ দৰ্শনত পঞ্চশিখাই পৰম সত্যক পুৰুষৰ অব্যক্ত অৱস্থা আখ্যা দিছে। এই চেতনা দেহ-মনৰ ব্যৱস্থা আৰু "চেতস"ৰ একীকৰণৰ পৰা গঢ় লয়, যি যদিও পাৰস্পৰিকভাৱে স্বাধীন, কিন্তু নিজতেই "আত্ম" নহয়। ইন্দ্ৰিয়গতভাৱে পৰ্যবেক্ষণীয় আৰু অপৰ্যবেক্ষণীয় বস্তুৰ ত্যাগেই মুক্তিৰ পঠ।

বিজ্ঞানভিক্ষুৰ মতে অহংকাৰৰ বিভাজন আৰু তন্মাত্ৰৰ বিকাশ দুয়োৱে "মহত"ত হয়। চিত মায়াও নহয় বিমূৰ্তিও নহয়। যদিও স্থূল, ই অতিক্ৰমী। যি অৱস্থাত তমসে বুদ্ধিৰ সত্ত্ব গুণৰ ওপৰত আধিপত্য কৰে তাকেই ভূতাদি বোলা হয়। ভূতাদি আৰু ৰজসে তন্মাত্ৰাৰ সৃষ্টি কৰে, যি স্থূল পদাৰ্থৰ ঠিক আগৰ কাৰণ।১০

তথ্যসূত্ৰ

  1. ↑ Sanskrit Dictionary. Spokensanskrit.de
  2. ↑ Swami Prabhavananda. (2003). The Spiritual Heritage of India. Genesis Publishing. পৃ. 219. ISBN 9788177557466
  3. ↑ Swami Prabhavananda. (2003). The Spiritual Heritage of India. Genesis Publishing. পৃ. 219. ISBN 9788177557466
  4. ↑ Radhakrishnan, Sarvepalli. (1956). Indian Philosophy: The Samkhya. Encyclopædia Britannica. Encyclopædia Britannica, Inc. পৃ. 251
  5. ↑ Guénon, René. (2003). Miscellanea. Sophia Perennis. পৃ. 88. ISBN 9780900588556
  6. ↑ Dasgupta, Surendranath. (2013). Yoga as Philosophy and Religion. Routledge. পৃ. 65–71. ISBN 9781136389450
  7. ↑ (2006). Hinduism: Frequently asked Questions. Chinmaya Mission. পৃ. 60–61. ISBN 9781880687383
  8. ↑ (2006). Hinduism: Frequently asked Questions. Chinmaya Mission. পৃ. 60–61. ISBN 9781880687383
  9. ↑ R. D. Ranade. (1926). A Constructive Survey of Upanishadic Philosophy. Bharatiya Vidya Bhavan. পৃ. 54–55, 66
  10. ↑ Dasgupta, Surendranath (1975). A History of Indian Philosophy. Vol. 1. Motilal Banarsidass. pp. 213, 217, 226, 240, 251. ISBN 9788120804128. Retrieved 21 July 2022

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তন্মাত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৭৭৩৯৩ (১৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।