গুণ (IAST: Guṇa; সংস্কৃত: गुण) হিন্দু দৰ্শনত প্ৰকৃতি বা পদাৰ্থগত অস্তিত্বৰ জাল গঠন কৰা তিনিটা মৌলিক প্ৰৱণতা বা শক্তিৰ ধাৰণা।১ সাধাৰণ অনুবাদত ইয়াক গুণ, বৈশিষ্ট্য, গুণধৰ্ম, ধৰ্ম আদি অৰ্থত ব্যৱহাৰ হয়।২ এই ধাৰণাটো মূলতঃ সাংখ্য দৰ্শনৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে উল্লেখযোগ্য, আৰু আধুনিক আলোচনাত প্ৰায় সকলো হিন্দু দৰ্শন পৰম্পৰাতে ই এক মূল ধাৰণা হিচাপে ব্যৱহৃত।৩৪
তিনি গুণক সাধাৰণতে সত্ত্ব, ৰজঃ আৰু তমঃ নাম দিয়া হয়। প্ৰথমটো সাধাৰণতে সত বা ভাল, ৰজসক উদ্যম বা গতি আৰু তমসক অজ্ঞান বা আলস্যৰ সৈতে তুলন কৰা হয় যদিও, বিভিন্ন পৰিপেক্ষত তিনিওৰে ভিন ভিন অৰ্থত প্ৰয়োগ কৰা হয়।
গুণৰ ধাৰণা দৰ্শনৰ উপৰিও ব্যৱহাৰিক পৰম্পৰা যেনে আয়ুৰ্বেদ আৰু জীৱনশৈলীগত পৰম্পৰাতো ব্যৱহাৰ কৰা হয়।
শব্দাৰ্থ, ব্যুৎপত্তি আৰু প্ৰসংগভিত্তিক অৰ্থ
"গুণ" শব্দটি একাধিক প্ৰাচীন-মধ্যযুগীয় ভাৰতীয় গ্ৰন্থত ভিন্ন অৰ্থত দেখা যায়, প্ৰসংগ অনুসৰি ই "সূতা", "গুণ", "মেধা", "উৎকৰ্ষ”, "বৈশিষ্ট্য", "প্ৰৱণতা", "ধৰ্ম", "প্ৰকাৰ" আদি অৰ্থ বহন কৰিব পাৰে।৫৬৭
ত্ৰিগুণ: সত্ত্ব, ৰজঃ, তমঃ
হিন্দু বিশ্বদৰ্শনৰ মতে ত্ৰিগুণ, অৰ্থাৎ সত্ত্ব, ৰজঃ আৰু তমঃ, সদায়েই জগতৰ সকলো বস্তু আৰু জীৱত উপস্থিত থাকে; পাৰ্থক্য হয় কেৱল অনুপাত আৰু প্ৰসংগত।৮
সত্ত্বক ভাল, শান্তি বা সমন্বয়, ৰজসক উদ্যম, ক্ৰিয়া বা গতি আৰু তমসক অজ্ঞান, জড়তা বা আলস্য আদি ৰূপে বৰ্ণনা কৰা হয়।৯ এই তিনিটাৰ আন্তঃক্ৰিয়াই ব্যক্তি বা বস্তুৰ স্বভাৱ-চৰিত্ৰ আৰু জীৱনৰ অগ্ৰগতি নিৰ্ধাৰণ কৰে বুলি উল্লিখিত।১০১১
বিভিন্ন দৰ্শতৰ মত
সাংখ্য দৰ্শনত গুণ
সাংখ্য দৰ্শনত গুণ তিনিটাক (সত্ত্ব, ৰজঃ, তমঃ) আচৰণ আৰু প্ৰাকৃতিক ঘটনা শ্ৰেণীবদ্ধ কৰাৰ এক ভিত্তি হিচাপে বহুলভাৱে গ্ৰহণ কৰা হৈছিল।১২ সাংখ্য যুক্তিৰ মতে কোনো বস্তু বা ব্যক্তি “শুদ্ধ সাত্ত্বিক” বা “শুদ্ধ তামসিক” এককভাৱে নহয়; সকলোতে তিনিওটা গুণৰ মিশ্ৰণ থাকে।১৩ সাংখ্যৰ গুণ-ধাৰণা "প্ৰকৃতি"ৰ মৌলিক কাৰ্য নীতি বা প্ৰৱণতা হিচাপেও বৰ্ণিত।১৪
ন্যায়-বৈশেষিক দৰ্শনত গুণ
ন্যায় দৰ্শনত “গুণ”ৰ অৰ্থ, তথা "গুণ সহজাত নে বৰ্ণনাযোগ্য?" আদি বিষয়ত বিস্তৃত বিতৰ্ক উপস্থিত। কোনো কোনো প্ৰাচীন ন্যায় পণ্ডিতে ১৭টা গুণ উল্লেখ কৰিছে। পৰৱৰ্তী কালৰ পণ্ডিতে ২৪টা গুণৰ তালিকা দিয়া বুলি উল্লেখ আছে।১৫
বৈশেষিক দৰ্শনত গুণক পদাৰ্থসমূহৰ মাজত এক বুলি ধৰা হয় আৰু সম্পৰ্কক দ্বিপক্ষীয় বুলিও ব্যাখ্যা কৰা হয়১৬
ভগৱদ্গীতাত গুণ
ভগৱদ্গীতাৰ বহু অধ্যায়ত গুণৰ আলোচনা আছে। ত্ৰিগুণৰ ভিত্তিত দান, খাদ্য, জ্ঞান, আৰু কৰ্ম আদিৰ শ্ৰেণীবিভাজন বৰ্ণিত আছে।১৭ বিশেষকৈ ১৭.২ শ্লোকত গুণক ব্যক্তিৰ সহজাত স্বভাৱ বা মনোবৈজ্ঞানিক প্ৰৱণতাৰ সৈতে সংযোগ কৰা হৈছে।১৮
অন্যান্য প্ৰসংগ
সংস্কৃত ব্যাকৰণ পৰম্পৰাত “গুণ” শব্দ কিছুমান স্বৰধ্বনি-শ্ৰেণীৰ বৰ্ণনা কৰিবলৈ ব্যৱহৃত হয়, আৰু পাণিনিৰ অষ্টাধ্যায়ীত ইয়াৰ নিয়ম উল্লেখ আছে।১৯২০
আয়ুৰ্বেদৰ পৰিভাষাত গুণে দ্ৰব্যৰ মৌলিক গুণধৰ্মসমূহক (যেনে গধুৰ/পাতল, ঠাণ্ডা/গৰম আদি) ১০যোৰ বিপৰীত বৈশিষ্ট্যৰ ৰূপে বুজায় আৰু খাদ্যৰ মূল্যায়নত ই ব্যৱহৃত হয়।২১
তথ্যসূত্ৰ
- ↑ guna Monier Williams' Sanskrit-English Dictionary, Cologne Digital Sanskrit Lexicon, Germany
- ↑ guNa Sanskrit-English Dictionary, Köln University, Germany
- ↑ Larson, Gerald James. Classical Samkhya: An Interpretation. p. 37 (referring to Surendranath Dasgupta’s opinions)
- ↑ James G. Lochtefeld, "Guna", in The Illustrated Encyclopedia of Hinduism: A–M, Vol. 1, Rosen Publishing, ISBN 978-0823931798, p. 265
- ↑ guna Monier Williams' Sanskrit-English Dictionary, Cologne Digital Sanskrit Lexicon, Germany
- ↑ guNa Sanskrit-English Dictionary, Köln University, Germany
- ↑ Gerald James Larson and Ram Shankar Bhattacharya (2014), The Encyclopedia of Indian Philosophies – Samkhya, A Dualist Tradition in Indian Philosophy, Volume 4, Princeton University Press, ISBN 978-0691604411, pp. 65–66
- ↑ James G. Lochtefeld, "Guna", in The Illustrated Encyclopedia of Hinduism: A–M, Vol. 1, Rosen Publishing, ISBN 978-0823931798, p. 265
- ↑ Alban Widgery (1930), "The principles of Hindu Ethics", International Journal of Ethics, Vol. 40, No. 2, pp. 234–237
- ↑ James G. Lochtefeld, "Guna", in The Illustrated Encyclopedia of Hinduism: A–M, Vol. 1, Rosen Publishing, ISBN 978-0823931798, p. 265
- ↑ Theos Bernard (1999), Hindu Philosophy, Motilal Banarsidass, ISBN 978-8120813731, pp. 74–76
- ↑ James G. Lochtefeld, "Guna", in The Illustrated Encyclopedia of Hinduism: A–M, Vol. 1, Rosen Publishing, ISBN 978-0823931798, p. 265
- ↑ Alban Widgery (1930), "The principles of Hindu Ethics", International Journal of Ethics, Vol. 40, No. 2, pp. 234–237
- ↑ Theos Bernard (1999), Hindu Philosophy, Motilal Banarsidass, ISBN 978-8120813731, pp. 74–76
- ↑ Karl H. Potter (2011), The Encyclopedia of Indian Philosophies, Volume 2: Indian Metaphysics and Epistemology, Motilal Banarsidass, ISBN 978-8120803091, pp. 112–132
- ↑ Karl H. Potter and Sibajiban Bhattacharya (1994), The Encyclopedia of Indian Philosophies, Volume 6: Indian Philosophical Analysis, Princeton University Press, ISBN 978-0691073842, pp. 15–24
- ↑ Christopher Key Chapple, The Bhagavad Gita: Twenty-fifth–Anniversary Edition, SUNY Press, ISBN 978-1438428420, pp. 185–194, 330–332, 634–661
- ↑ Christopher Key Chapple, The Bhagavad Gita: Twenty-fifth–Anniversary Edition, SUNY Press, ISBN 978-1438428420, p. 635
- ↑ MW Woollaston, A Practical Grammar of the Sanskrit Language, Edward Hall, London
- ↑ Macdonald, Arthur Anthony (1927 [1886]), A Sanskrit Grammar for Students, p. 11, Oxford University Press, ISBN 0198154666
- ↑ Ananda S. Chopra (2003), “Āyurveda”, in Medicine Across Cultures, pp. 75–83 (p. 76 citing Sushrutasamhita 25.36)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুণ (হিন্দু দৰ্শন)” প্ৰবন্ধৰ সংশোধন ৫৭৬৫০৮ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।