অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ডিব্ৰুগড় পৌৰ নিগম

ডিব্ৰুগড় পৌৰ নিগম ( Dibrugarh Municipal Corporation) অসমৰ ডিব্ৰুগড় মহানগৰৰ প্ৰশাসনৰ বাবে স্থাপিত স্থানীয় স্বায়ত্ত্ব শাসনৰ অনুষ্ঠান। ২০২৪ চনত অসম পৌৰ নিগম (সংশোধনী) আইন, ২০২২ৰ অধীনত পূৰ্ব্বৰ ডিব্ৰুগড় পৌৰ সভাক উন্নীত কৰি ডিব্ৰুগড় পৌৰ নিগম গঠন কৰা হয়।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৪৪২ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ডিব্ৰুগড় পৌৰ নিগম ( Dibrugarh Municipal Corporation) অসমৰ ডিব্ৰুগড় মহানগৰৰ প্ৰশাসনৰ বাবে স্থাপিত স্থানীয় স্বায়ত্ত্ব শাসনৰ অনুষ্ঠান। ২০২৪ চনত অসম পৌৰ নিগম (সংশোধনী) আইন, ২০২২ৰ অধীনত পূৰ্ব্বৰ ডিব্ৰুগড় পৌৰ সভাক উন্নীত কৰি ডিব্ৰুগড় পৌৰ নিগম গঠন কৰা হয়। ডিব্ৰুগড় পৌৰ নিগমক ২২টা ৱাৰ্ডত বিভক্ত কৰা হৈছে। প্ৰত্যেক ৱাৰ্ডৰ এগৰাকীকৈ ৱাৰ্ড কাউন্সিলৰ আছে। ভাৰতীয় জনতা পাৰ্টীৰ ডাঃ সৈকত পাত্ৰ ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰথম মেয়ৰ।<ref name="DMC" গুৱাহাটী পৌৰ নিগমৰ পিছত ডিব্ৰুগড় পৌৰ নিগম অসমৰ দ্বিতীয়খন পৌৰ নিগম।

ইতিহাস

ইংৰাজসকল ইয়াণ্ডাবু সন্ধি অনুসৰি ১৮২৬ চনত অসমত উপস্থিত হয় আৰু তেতিয়াৰ পৰাই তেওঁলোকে ডিব্ৰুগড়ক উচ্চ অসমৰ ব্যৱসায়িক উদ্দেশ্যৰ লগতে প্ৰশাসনৰ কেন্দ্ৰ হিচাপে বাছনি কৰে। ১৮৪২ চনত ডিব্ৰুগড়ক অবিভক্ত লখিমপুৰ জিলাৰ সদৰ হিচাপে ঘোষণা কৰা হয়। উত্তৰ লখিমপুৰৰ পৰা একে বছৰতে জিলা ন্যায়ালয় ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হয়।১ ১৯৭১ চনৰ ২ অক্টোবৰ তাৰিখে ডিব্ৰুগড় জিলা লখিমপুৰ জিলাৰ পৰা বিভক্ত হৈ পৃথক জিলা হিচাপে পৰিগণিত হয় আৰু নতুন জিলাখনৰ সদৰ হিচাপে ডিব্ৰুগড়ক বাছনি কৰা হয়।

১৮৭৩ চনত প্ৰতিষ্ঠা হোৱা ডিব্ৰুগড় পৌৰ সভা উত্তৰ-পূব ভাৰতৰ অন্যতম পুৰণি পৌৰসভা। তেতিয়াৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক সামৰি লোৱা এক বিশাল অঞ্চলৰ ৰাজনৈতিক, প্ৰশাসনিক, সাংস্কৃতিক আৰু বাণিজ্যিক কাৰ্যকলাপৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে এই চহৰখন পৰিগণিত হয়। ২০২১ চনৰ অক্টোবৰ মাহত অসম চৰকাৰে ডিব্ৰুগড় পৌৰ সভাক পৌৰ নিগম হিচাপে উন্নীত কৰাৰ প্ৰস্তাৱ ঘোষণা কৰে। সেইমৰ্মে ২০২২ চনৰ ১৬ ছেপ্টেম্বৰ তাৰিখে অসম বিধানসভাই অসম পৌৰ নিগম (সংশোধনী) বিধেয়ক গৃহীত কৰে। ইয়াৰ লগে লগে শিলচৰ আৰু ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰিবলৈ নিৰ্বাচিত কৰা হয়। ২০২৪ চনৰ ৭ মাৰ্চ তাৰিখে অসম চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে ইয়াক আনুষ্ঠানিকভাৱে পৌৰ নিগম হিচাপে ঘোষণা কৰে। ইয়াৰ ফলত ডিব্ৰুগড় পৌৰ নিগম অসমৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে পৰিগণিত হয়।২

গঠন

ডিব্ৰুগড় পৌৰ নিগম পূৰ্বৰ ডিব্ৰুগড় পৌৰ সভাক উন্নীত কৰি গঠন কৰা হৈছে। পূৰ্বৰ পৌৰ সভাৰ ২২টা ৱাৰ্ড পোনে পোনে নৱগঠিত পৌৰ নিগমত অন্তৰ্ভুক্ত কৰা হৈছে। অসম পৌৰ নিগম (সংশোধনী) আইন, ২০২২ অনুসৰি যদি কোনো পৌৰ সভাক পৌৰ নিগমলৈ উন্নীত কৰা হয়, তেন্তে পৌৰ সভাৰ পৌৰপতি আৰু ৱাৰ্ড কমিছনাৰ সকলে পৰৱৰ্তী নিৰ্বাচন নোহোৱালৈকে মেয়ৰ আৰু ৱাৰ্ড কাউন্সিলৰ পদবী লাভ কৰি নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰে। ২০২২ চনৰ অসমৰ পৌৰ নিৰ্বাচনত ডিব্ৰুগড় পৌৰ সভাৰ ২২টা ৱাৰ্ডৰ ২১টা ৱাৰ্ড ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আৰু এখনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছিল। পৰৱৰ্তী নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে পৌৰসভাৰ ২২ গৰাকী ৱাৰ্ড কমিছনাৰ ৱাৰ্ড কাউন্সিলৰ হিচাপে আৰু পৌৰপতি ডাঃ সৈকত পাত্ৰয়ে প্ৰথম মেয়ৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

তথ্যসূত্ৰ

  1. ↑ Welcome Dibrugarh District Judiciary
  2. ↑ (2024-03-07). Dibrugarh Becomes Second City Of Assam After Municipal Board Upgraded To Corporation. Guwahati Plus

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিব্ৰুগড় পৌৰ নিগম” প্ৰবন্ধৰ সংশোধন ৬১৬৫২১ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।