অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ডিব্ৰুগড় টাউন ৰেল ষ্টেচন

ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (Dibrugarh Town railway station) ডিব্ৰুগড় জিলাৰ এটা প্ৰধান ষ্টেচন। ১৮৮১ চনত নিৰ্মাণ আৰম্ভ হোৱা ডিব্ৰু-শদিয়া ৰেলৱেৰ অন্তৰ্গত এই ষ্টেচনটো ১৯৮৩ চনত মুকলি কৰা হৈছিল। সেই বছৰৰ ১৬ জুলাইত ডিব্ৰুমুখৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা ৪০ মাইল পথত ৰেলৰ চলাচল আৰম্ভ হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (Dibrugarh Town railway station) ডিব্ৰুগড় জিলাৰ এটা প্ৰধান ষ্টেচন। ১৮৮১ চনত নিৰ্মাণ আৰম্ভ হোৱা ডিব্ৰু-শদিয়া ৰেলৱেৰ অন্তৰ্গত এই ষ্টেচনটো ১৯৮৩ চনত মুকলি কৰা হৈছিল। সেই বছৰৰ ১৬ জুলাইত ডিব্ৰুমুখৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা ৪০ মাইল পথত ৰেলৰ চলাচল আৰম্ভ হয়।১ ডিব্ৰুগড টাউন আছিল ডিব্ৰু-শদিয়া ৰেলৱেৰ দ্বিতীয় ৰেল ষ্টেচন। ১৯৫০ চনৰ বৰভূঁইকুপৰ পিছত ডিব্ৰুমুখ ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱাৰ পিছত বৰ্তমানলৈ সক্ৰিয় হৈ থকা অসমৰ ৰেল ষ্টেচনবোৰৰ ভিতৰত ডিব্ৰুগড় টাউন সৰ্বাধিক পুৰণি।২

ইতিহাস

১৮৭০ৰ দশকত বৰ্তমানৰ ডিব্ৰুগড় জিলাৰ ৬০খন চাহবাগিছাৰ উংপাদিত সামগ্ৰী, চাহবাগিছাৰ বিভিন্ন যন্ত্ৰ-পাতি, ৰচদ, কয়লা আদি কঢ়িয়াবলৈ এটা ৰেলপথ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰা হৈছিল। সেইমৰ্মে ৩০ জুলাই ১৮৮১ত 'আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী' গঠন কৰি ডিবৰুমুখৰ পৰা লিডুলৈ ষ্টেণ্ডাৰ্ড গেজ (১ মিটাৰ বহল) ডিব্ৰু-শদিয়া ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ হয়। ১ মে' ১৮৮২ৰ দিনা ডিব্ৰুগড়ৰ পৰা জয়পুৰ ৰোডলৈ প্ৰথম ৰেল ইঞ্জিন চলোৱা হয়। ইতিমধ্যে মাকুমলৈ ৰেলপথচোৱা নিৰ্মাণৰ কাম সমাপ্ত হোৱাত ১৬ জুলাই ১৮৮৩ৰ পৰা ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়। ডিব্ৰুগড় টাউন এই ৰেলপথচোৱাৰ দ্বিতীয় ষ্টেচন আছিল। ‘৫০ৰ বৰভূঁইকুপৰ পিছত ব্ৰহ্মপুত্ৰ নদৰ খহনীয়াত ডিব্ৰুমুখ ষ্টেচনটো জাহ যোৱাত ডিব্ৰুগড় টাউন এটা টাৰ্মিনেল ষ্টেচন হয়।২

কুৰি শতিকাৰ শেহৰ দশকত লামডিং-ডিব্ৰুগড় ৰেলপথ ব্ৰডগেজলৈ ৰূপান্তৰ কৰাৰ কাম চলে আৰু এই কাম ১৯৯৭ত সমাপ্ত হয়।৩ ইতিমধ্যে ডিব্ৰুগড়ক বগীবিল দলঙেৰে ৰঙাপাৰা-মুৰ্ককচেলেং ৰেলপথ আৰু শিমলুগুৰি, লখিমপুৰ-মৰাণহাট ৰেলপথৰ সৈতে সংযোগ কৰা প্ৰকল্প চলিবলৈ লোৱাত ডিব্ৰুগড়ৰ বাণীপুৰ অঞ্চলত এটা নতুন ষ্টেচন নিৰ্মাণ কৰা হ’ল আৰু ২০০৯ৰ ১৩ ডিচেম্বৰত এই ষ্টেচনটো মুকলি কৰা হ’ল।৪

ৰেলসেৱা

ডিব্ৰুগড়ৰ নতুন ষ্টেচনটো মুকলি নকৰালৈকে তিনিচুকীয়া, গুৱাহাটীগামী সকলো ৰেল ডিব্ৰুগড় টাউন ষ্টেচনৰ পৰা যাত্ৰাৰম্ভ কৰিছিল। ২০০৯ চনৰ পিছত ক্ৰমশঃ প্ৰায় সকলো ৰেল নতুন ষ্টেচনটোৰ পৰা চলাবলৈ ল'লে। বৰ্তমান (২০২০) এই ষ্টেচনৰ পৰা ১২৪২৩ নং ৰাজধানী এক্সপ্ৰেছ, লিডুগামী দুখন ডি.এম.ইউ়়. আৰু ডাঙৰীগামী এখন ডি.এম.ইউ়়. চলোৱা হয়।৫

লগতে চাওক

বাহ্যিক সংযোগ

১৯৪২ চনৰ ৰেলমেপত ডিব্ৰুগড় টাউন আৰু ডিব্ৰুমুখ ষ্টেচনৰ অৱস্থান

তথ্যসূত্ৰ

  1. ↑ (December 13, 2011). State’s first railway track closed down. assamtribune.com. assamtribune
  2. ↑ ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱা. (২০০৭). ব্ৰহ্মপুত্ৰ উপত্যাকাত ৰেলগাড়ী. মন্থন. পৃ. ১৯, ২০
  3. ↑ Lumding Dibrugarh GC Project. Process Register
  4. ↑ Train services commence from New Dibrugarh junction. The Assam Tribune, 14 December 2009
  5. ↑ Train between stations. Indian Railway

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰেল ষ্টেচনডিব্ৰুগড় জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিব্ৰুগড় টাউন ৰেল ষ্টেচন” প্ৰবন্ধৰ সংশোধন ৩৮১১৯৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।