ভাৰতৰ ৰেল ষ্টেচন
৯ প্ৰবন্ধ
-
ডিব্ৰুগড় ৰেল ষ্টেচন
ডিব্ৰুগড় ৰেল ষ্টেচন (Dibrugarh Railway Station) অসমৰ ডিব্ৰুগড় জিলাৰ বাণীপুৰত অৱস্থিত। ই লামডিং-ডিব্ৰুগড় শাখাৰ এক গুৰুত্বপূৰ্ণ ষ্টেচন। ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (DBRT)ৰ পিছতেই ডিব্ৰুগড় ৰেল ষ্টেচন (DBRG) ঐতিহাসিক নগৰৰ দ্বিতীয় ৰেল ষ্টেচন।
-
গুৱাহাটী ৰেল ষ্টেচন
গুৱাহাটী ৰেল ষ্টেচন (ষ্টেচন কোড: GHY) গুৱাহাটী চহৰৰ পল্টন বজাৰত অৱস্থিত। ই অসমৰ বৃহত্তম ৰেলৱে ষ্টেচন, আৰু ভাৰতৰ প্ৰথম সম্পূৰ্ণ-ভাবে সৌৰ-শক্তি দি চলুৱা ৰেল ষ্টেচন। ইয়াৰ কাষতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান অৱস্থিত।
-
মৰিয়নি জংচন ৰেল ষ্টেচন
মৰিয়নি জংচন হৈছে যোৰহাট জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন।
-
ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ
ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ (Chhatrapati Shivaji Maharaj Terminus বা Victoria Terminus) মুম্বাইৰ এটি ঐতিহাসিক ৰেল ষ্টেশ্যন। প্ৰধান কাৰ্যালয়। ভাৰতৰ ব্যস্ততম ষ্টেশ্যনসমূহৰ অন্যতম এই টাৰ্মিনাছ মধ্য ৰেল আৰু মুম্বাই আন্তঃনগৰীয় ৰেলৰ এটি প্ৰান্তিক ষ্টেশ্যন।
-
ধুবুৰী ৰেল ষ্টেচন
ধুবুৰীৰ ফকিৰাগ্ৰাম-ধুবুৰী শাখা লাইনৰ টাৰ্মিনাল ৰেল ষ্টেচন। এইটো নতুন কোচবিহাৰ-গোলোকগঞ্জ শাখা লাইনৰ সৈতেও যুক্ত। ধুবুৰীক যোগীঘোপাৰ লগত যুক্ত কৰিবলৈ এটা নতুন লাইন স্থাপন কৰা হৈ আছে। এইটো ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পশ্চিম পাৰত অৱস্থিত।
-
নিউ বঙাইগাঁও জংচন ৰেল ষ্টেচন
নিউ বঙাইগাঁও ৰেল জংচন বঙাইগাঁও নগৰৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই জংচনটো অসমৰ দ্বিতীয় বৃহত আৰু নামনি অসমৰ বৃহত্তম ষ্টেচন। উক্ত ষ্টেচনত অসমলৈ অহা সকলো ধৰণৰ যাত্ৰীবাহী ৰেল ৰখোৱা হয় যেনে - ৰাজধানী এক্সপ্ৰেছ, নৰ্থ-ইষ্ট এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ ইত্যাদি।
-
ৰঙিয়া জংচন ৰেল ষ্টেচন
ৰঙিয়া জংচন হৈছে বাৰাউনী-গুৱাহাটী ৰেলপথৰ নিউ বঙাইগাঁও-গুৱাহাটী শাখাত আৰু ৰঙিয়া-ৰঙাপাৰা-ডেকাৰগাঁও/মুৰ্কংচেলেক পথত থকা এটি জংচন ৰেলৱে ষ্টেচন। ই কামৰূপ জিলাৰ ৰঙিয়া মহকুমাত অৱস্থিত। ই ৰঙিয়া আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চল সমূহৰ মুখ্য ৰেলৱে ষ্টেচন।
-
ডিব্ৰুগড় টাউন ৰেল ষ্টেচন
ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (Dibrugarh Town railway station) ডিব্ৰুগড় জিলাৰ এটা প্ৰধান ষ্টেচন। ১৮৮১ চনত নিৰ্মাণ আৰম্ভ হোৱা ডিব্ৰু-শদিয়া ৰেলৱেৰ অন্তৰ্গত এই ষ্টেচনটো ১৯৮৩ চনত মুকলি কৰা হৈছিল। সেই বছৰৰ ১৬ জুলাইত ডিব্ৰুমুখৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা ৪০ মাইল পথত ৰেলৰ চলাচল আৰম্ভ হয়।
-
নিউ জলপাইগুৰি ৰেল ষ্টেচন
নিউ জলপাইগুৰি পশ্চিমবঙ্গৰ জলপাইগুৰি জিলাৰ শিলিগুৰি নগৰত অৱস্থিত ভাৰতীয় ৰেলৰ এটা জংচন ষ্টেচন।