সিংগনাল্লুৰু পুট্টস্বমাইয়া মুথুৰাজ ( Singanalluru Puttaswamaiah Muthuraj; ২৪ এপ্ৰিল ১৯২৯ – ১২ এপ্ৰিল ২০০৬)১ কানাড়া চলচ্চিত্ৰৰ এজন অভিনেতা আৰু গায়ক, যি তেওঁৰ মঞ্চনাম ড° ৰাজকুমাৰ নামেৰে অধিক পৰিচিত তেওঁক ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ আৰু বহুমুখী অভিনেতা হিচাপে তথা২৩৪৫ সাংস্কৃতিক প্ৰতীক হিচাপে মান্যতা দিয়া হয়। মেটিনি আইডলৰ মৰ্যাদাপ্ৰাপ্ত বৃহত্তৰ কানাড়ী সমাজত তেওঁক নট সাৰ্বভৌম, বাংগড়া মনুষ্য (সোণৰ মানৱ), বৰ নট (প্ৰতিভাশালী অভিনেতা), গণ গন্ধৰ্ব (দিব্য গায়ক), ৰসিকৰ ৰাজা, কানাড়া কান্তি, ৰাজন আদি জনপ্ৰিয় নামেৰে জনাজাত আছিল৬৭ ১৯৮৩ চনত পদ্মভূষণ আৰু ১৯৯৫ চনত দাদাচাহেব ফাল্কে বঁটাৰে তেওঁক সন্মানিত কৰা হয়।৮ নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা তেৱেঁ একমাত্ৰ নায়ক চৰিত্ৰত অভিনয় কৰা শিল্পী।৯ তেওঁৰ ৩৯ খন চলচ্চিত্ৰ ৯ টা ভাষাত ৬৩ বাৰ পুনৰ নিৰ্মাণ কৰা হৈছে।১০১১ তেওঁ প্ৰথম অভিনেতা, যাৰ ছবি পঞ্চাশ বাৰতকৈও অধিক আৰু ৯টা ভাষাত পুনৰ নিৰ্মাণ কৰা হৈছে।১২১৩ তেওঁ ভাৰতৰ প্ৰথমজন অভিনেতা, যাৰ চৰিত্ৰ যিয়ে পূৰ্ণাংগ ৰূপত জেমছ বণ্ডৰ ওপৰত আধাৰিত আছিল।১৪ তেওঁৰ ছবি জেদাৰা বেলৰ সফলতাই ভাৰতীয় অন্যান্য চলচ্চিত্ৰ উদ্যোগত দেশীয় জেমচ্ বণ্ড শৈলীক বহুলভাৱে অনুপ্ৰাণিত কৰাৰ কৃতিত্ব দিয়া হয়।১৫ ২০১৩ চনৰ এপ্ৰিল মাহত ভাৰতীয় চলচ্চিত্ৰৰ শতবাৰ্ষিকী উপলক্ষে ফৰ্বছে বংগাড়া মনুষ্যত কৰা তেওঁৰ অভিনয়ক ভাৰতীয় চলচ্চিত্ৰৰ ২৫টা শ্ৰেষ্ঠ অভিনয় তালিকাত অন্তৰ্ভুক্ত কৰে।১৬ তেওঁৰ মৃত্যুৰ পিছত নিউয়ৰ্ক টাইমছে তেওঁক ভাৰতৰ অন্যতম জনপ্ৰিয় চিনেমা তাৰকা বুলি অভিহিত কৰিছিল।১৭
গুব্বি বীৰান্নাৰ গুব্বি ড্ৰামা কোম্পানীত নাট্যকাৰ হিচাপে দীৰ্ঘদিন ধৰি কাম কৰাৰ পিছত ৰাজকুমাৰে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে আৰু আঠ বছৰ পিছত, ১৯৫৪ চনত বেদাৰা কান্নাপ্পা ছবিত মুখ্য চৰিত্ৰত প্ৰথম অভিনয় কৰাৰ সুবিধা পায়। তেওঁ বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰা ছবিৰ সংখ্যা ২০৫ খনতকৈও অধিক। ভক্ত কনকদাস (১৯৬০), ৰাণাধীৰা কান্তেৰাৱা (১৯৬০), সত্য হৰিশ্চন্দ্ৰ (১৯৬৫), ইম্মাদি পুলিকেশী (১৯৬৭), শ্ৰী কৃষ্ণদেৱৰায় (১৯৭০), ভক্ত কুম্বৰা (১৯৭৪), ময়ুৰ (১৯৭৫), বব্ৰুবাহন (১৯৭৭) আৰু ভক্ত প্ৰহ্লাদ (১৯৮৩) আদি পৌৰাণিক আৰু ঐতিহাসিক ছবিত তেওঁৰ অভিনয় উৎকৃষ্ট পৰ্যায়ৰ [23] ১৯৫৪ চনৰ পৰা ১৯৬৮ চনলৈকে ১৫ বছৰৰ ভিতৰত তেওঁৰ ১৩খন ছবিয়ে কানাড়া ভাষাৰ শ্ৰেষ্ঠ পূ্ৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল) লাভ কৰিছে। ইয়াৰোপৰি ১৭খন ছবিয়ে পাঁচটা ভিন্ন শাখাত কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
নাট্যদলত থকা দিনতে শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈ ৰাজকুমাৰ এজন নিপুণ নেপথ্য কণ্ঠশিল্পী হৈ পৰিছিল। ১৯৭৪ চনৰ পৰাই তেওঁ নিজৰ ছবিৰ বাবে বেছিকৈ গীত গাইছিল। য়াৰে কুগাদলি, হুট্টিদাৰে কানাড়া, হে দিনকৰ, হৃদয় সমুদ্ৰ, মাণিক্যবীণা আৰু নাদামায়া গীত বহুলভাৱে জনপ্ৰিয় হৈ পৰিছিল। পিছৰ গীতটোৰ পৰিবেশনৰ বাবে তেওঁক শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত কৰা হয়।
আমেৰিকাৰ কমনৱেলথ অফ কেন্টাকিৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান কেন্টাকি কৰ্ণেল বঁটা লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয় অভিনেতা।১৮১৯ ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা দিশতে অতি অনুশাসিত আৰু সহজ জীৱনশৈলীৰ বাবে সুপৰিচিত ৰাজকুমাৰ যোগ, প্ৰাণায়াম, আৰু কৰ্ণাটক সংগীতৰ প্ৰতি আকৰ্ষিত আছিল। ২০০০ চনত তেওঁক গজানুৰত থকা ফাৰ্ম হাউচৰ পৰা বীৰপ্পানে অপহৰণ কৰি লৈ যায় আৰু ১০৮ দিনৰ পিছত তেওঁক মুকলি কৰি দিয়ে।২০ ২০০৬ চনৰ ১২ এপ্ৰিলত বাংগালুৰুত থকা নিজৰ বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৭৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।২১ তেওঁৰ চকু দুটা তেওঁৰ শেষ ইচ্ছা অনুসৰি দান কৰা হৈছিল।২২
চলচ্চিত্ৰ জীৱনত ৰাজকুমাৰে এঘাৰটা কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে, য'ত নটা শ্ৰেষ্ঠ অভিনেতা আৰু দুটা শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী বঁটা আছিল। তাৰোপৰি লাভ কৰিছিল আঠটা ফিল্মফেয়াৰ দক্ষিণ বঁটা, এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।২৩ তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা (কানাড়া) আৰু শ্ৰেষ্ঠ অভিনেতাৰ কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা সৰ্বাধিক বাৰ লাভ কৰাৰ অভিলেখ ৰচনা কৰিছে। ২০০২ চনত তেওঁ এন.টি.আৰ. ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।[30] ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মভূষণ (১৯৮৩)২৪ আৰু দাদাচাহেব ফালকে বঁটাৰে (১৯৯৫) সম্মানিত কৰা হৈছে।২৫ অভিনয়ৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা তেওঁ প্ৰথমজন ভাৰতীয় অভিনেতা।২৬ এজন মেগা আইকন আৰু কানাড়াৰ সামাজিক-সাংস্কৃতিক প্ৰতীকস্বৰূপ[34] ৰাজকুমাৰক কানাড়া চলচ্চিত্ৰক পুনৰ সংজ্ঞায়িত কৰাৰ[35] আৰু কানাড়া চলচ্চিত্ৰক ৰাষ্ট্ৰীয় মানচিত্ৰত স্থান দিয়াৰ কৃতিত্ব দিয়া হয়।২৭ ২০০ খন কানাড়া ছবিত আৰু ১০০খন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰা তেওঁ প্ৰথম অভিনেতা আছিল।২৮ ১৯৮৬ চনৰ তেওঁৰ ছবি অনুৰাগ আৰালিথু আন সাতটা ভাষাত পুনৰ নিৰ্মাণ কৰা প্ৰথমখন ভাৰতীয় ছবি।২৯ তেওঁৰ সৰ্বাধিক সংখ্যক ভক্তিমূলক, পৌৰাণিক আৰু ঐতিহাসিক চৰিত্ৰত (সংযুক্ত) অভিনয় কৰাৰ গৌৰৱেৰে গৌৰৱান্বিত।৩০
বঁটা আৰু সন্মান
আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি
- কেণ্টাকী কৰ্ণেল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেণ্টাকী প্ৰদেশৰ গৱৰ্ণৰৰ দ্বাৰা প্ৰদান কৰা সন্মান, ১৯৮৫৩১ - the only Indian actor to receive the award.৩২
ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি
- ১৯৮৩ – পদ্মভূষণ২৫
- ১৯৯২ – শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (জীৱন চিত্ৰ ছবিৰ বাবে)২৩ - Only Indian actor to receive it for singing.
- ১৯৮৫ – দাদাচাহেব ফাল্কে বঁটা – এই সন্মান পোৱা ৰাজকুমাৰ কানাড়া চলচ্চিত্ৰৰ প্ৰথম ব্যক্তি
- ২০০২ – এন.টি.আৰ. ৰাষ্ট্ৰীয় বঁটা৩৩ - First Kannada actor to receive it.
- ১ নবেম্বৰ ২০০৯- তেওঁৰ সন্মানত ভাৰত চৰকাৰৰ দ্বাৰা ডাকটিকট মুকলি ৩৪ - First Kannada actor to receive that honour.৩৫
- এপ্ৰিল ২০১৩- ফোৰ্বৰ ভাৰতীয় চলচ্চিত্ৰৰ ২৫জন মহান অভিনয় শিল্পীৰ তালিকাত ৰাজকুমাৰৰ অন্তৰ্ভূক্তি।৩৬৩৭৩৮
- ২৪ এপ্ৰিল ২০১৭- গুগলৰ দ্বাৰা তেওঁৰ সন্মানত ‘গুগল ডুডল’ প্ৰকাশ ৩৯ - Second Indian actor to receive that honour.
ফিল্মফেয়াৰ দক্ষিণ বঁটা
ৰাজকুমাৰে কানাড়া চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনয় শিল্পী শিতানত মুঠ ৮বাৰ ফিল্মফেয়াৰ দক্ষিণ বঁটা লাভ কৰিছে।৪০ এই কেইখন হ’ল-
- ''গন্ধড় গুড়ি (১৯৭৩)৪১৪২৪৩
- ময়ুৰ (১৯৭৫)৪৪
- শংকৰ গুৰু (১৯৭৮)৪৫
- কেড়ালিৰা সিমহা (১৯৮১)৪৬৪৭
- শ্ৰৱণ বন্থু – (১৯৮৪)
- আদে কান্নু – ১৯৮৫ ৪৮
- ভাগ্য লক্ষ্মী বৰম্মা – 1986৪৯
- আকস্মিক (১৯৯৩)৫০
বাহ্যিক সংযোগ
- Farewell, Dr Rajkumar Rediff.com
তথ্যসূত্ৰ
- ↑ Singh, Kuldip. (13 April 2006). Rajkumar – Demigod of southern Indian film. The Independent
- ↑ (24 April 2020). Remembering Dr Rajkumar: Lesser-known facts and trivia about the legendary 'Annavaru'. Amp.ibtimes.co.in
- ↑ (24 April 2020). Here are some must-watch iconic films of Dr Rajkumar. Deccan Herald
- ↑ Not just a star, an icon - Indian Express. The Indian Express
- ↑ Kannada actor Rajkumar dies of heart attack. The Times of India
- ↑ Katakam, Anupama. (8 December 2000). The eternal Kannada icon. Frontline
- ↑ Sharma, Ravi. (5 May 2006). Pride of Kannada. Frontline
- ↑ Did you know? Dr. Rajkumar is the first actor to have won the very prestigious Karnataka Ratna award. The Times of India
- ↑ All about the box office legend R Rajkumar, who is celebrating his 88th birthday. ইণ্ডিয়া টুডে
- ↑ www.hindustantimes.com/cities/bengaluru-news/ban
- ↑ Sharma, Damini. (2 November 2022). The only actor in the country whose films were remade more than 50 times, Amitabh Bachchan also touched feet. News Day Express
- ↑ How many films of Dr. Rajkumar were remade?
- ↑ (15 September 2021). ವಿಶಿಷ್ಟ ದಾಖಲೆಗಳ 'ಅನುರಾಗ ಅರಳಿತು' ಚಿತ್ರಕ್ಕೆ 35 ವರ್ಷ. Chitrapatha.com
- ↑ (17 October 2012). Versions of James Bond in Kannada. The New Indian Express
- ↑ (19 August 2018). When Rajkumar went by the name 'Agent 999'
- ↑ Forbes India - 25 Greatest Acting Performances Of Indian Cinema
- ↑ Rai, Saritha. (13 April 2006). Rajkumar, Beloved Indian Film Star, Dies at 77. The New York Times
- ↑ Did you know? Dr Rajkumar was the first actor in India to receive a doctorate in acting. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (24 April 2017). All about the box office legend R Rajkumar, who is celebrating his 88th birthday. India Today
- ↑ Times of India – Total recall of 109 days of kidnap drama. The Times of India. (29 July 2001)
- ↑ Deccan Herald News Service – Eight deaths and a funeral . Deccan Herald. (14 April 2006)
- ↑ (12 April 2006). Thespian Rajkumar's eyes donated: Doctor. Hindustan Times
- ↑ 40th National Film Festival. Directorate of Film Festivals. dff.nic.in. পৃ. 49–50
- ↑ Google doodles legendary Kannada actor Dr. Rajkumar on 88th birth anniversary
- ↑ Padma Awards Directory(1954–2009). Ministry of Home Affairs
- ↑ Dadasaheb Phalke Award Winners. Film Federation of India
- ↑ (27 May 2020). Dr.Rajkumar was the first actor in India to receive a doctorate in acting. Times of India
- ↑ Exploring a phenomenon called Annavaru. Bangalore Mirror
- ↑ When Dr Rajkumar boarded a lorry. newsable.asianetnews.com
- ↑ Dr Rajkumar facts | 10 interesting records of Dr Rajkumar that are not easy to break
- ↑ commission of Kentucky Colonel. commission of Kentucky Colonel
- ↑ (8 March 2019). Dr. Rajkumar: The First Global Star From Kannada Industry
- ↑ (30 August 2007). Ilayaraja, Ambarish, Krishna get NTR award. The Hindu, Business Line
- ↑ (5 May 2012). A stamp on movie icon Raj Kumar - The New Indian Express. Newindianexpress.com
- ↑ (3 June 2016). Dr. Rajkumar. Istampgallery.com
- ↑ Rajkumar in Bangaarada Manushya. india.com
- ↑ (13 January 2016). A golden era unfolds. The Deccan Chronicle
- ↑ Rajkumar's 88th Birthday. Google.com
- ↑ (24 April 2017). Google honours veteran Kannada actor Rajkumar with a doodle on his 88th birth anniversary. The Indian Express
- ↑ Rajkumar (Best Actor Akasmika). 41st Annual Filmfare Awards
- ↑ (6 August 2024). 21st Annual Filmfare Awards South Winners
- ↑ Reed, Sir Stanley. (8 August 1974). The Times of India Directory and Year Book Including Who's who. Times of India Press
- ↑ (8 August 1991). Collections. Update Video Publication
- ↑ (8 August 1983). The Times of India Directory and Year Book Including Who's who
- ↑ (8 August 1991). Collections. Update Video Publication
- ↑ (19 July 2024). 29th Annual Filmfare Awards South Winners
- ↑ (8 August 1983). The Times of India Directory and Year Book Including Who's who
- ↑ (17 November 2023). 33rd Annual Filmfare Awards South
- ↑ (28 May 2017). 34th Annual Filmfare Awards South Winners
- ↑ Listing. archive.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড॰ ৰাজকুমাৰ” প্ৰবন্ধৰ সংশোধন ৬০৫০৯২ (৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।