টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান অসমৰ শিৱসাগৰ জিলাৰ মৰাণহাটত অৱস্থিত টাই ভাষা শিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত প্ৰতিষ্ঠানখন সম্পূৰ্ণ স্বায়ত্ত্ব শাসিত প্ৰতিষ্ঠান। প্ৰতিষ্ঠান খনে টাই ভাষাৰ এবছৰীয়া ডিপ্লোমা পাঠ্যক্ৰম আৰু তিনিমহীয়া তাই ভাষা কোৱা চাৰ্টিফিকেট পাঠ্যক্ৰম আগবঢ়ায়।১২ টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানখন ২০০১ চনত স্থাপন কৰা হৈছিল।
প্ৰতি বছৰে বহু বিদেশী বিদ্বান আৰু টাই পণ্ডিতে অষ্ট্ৰেলিয়া, জাৰ্মানী, জাপান, থাইলেণ্ড, চীন, ম্যানমাৰ আদি দেশৰ পৰা উত্তৰ-পূব ভাৰতলৈ গৱেষণাৰ বাবে আহে।৩ এই প্ৰতিষ্ঠান খনে বিভিন্ন টাই পাণ্ডুলিপি আদি সংৰক্ষিত কৰি ৰাখিছে। এই প্ৰতিষ্ঠানখন গোটেই বিশ্বৰ বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ বিদ্বান, শিক্ষাৰ্থী, পৰ্যটক সকলক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
আন্তঃগাঁথনি
তাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানখন অত্যাধুনিক আন্তঃগাঁথনিৰে সজ্জিত। ইয়াত এখন পুথি ভঁৰাল, এখন ডকুমেণ্টেচন কেন্দ্ৰ আৰু আৰ্কাইভ, এখন কনফেৰেন্স হল, এখন চেমিনাৰ হল আদি আছে। কাৰ্যালয়ৰ লগতে সৌন্দৰ্য বৰ্ধনৰ বাবে পানীৰ ফোৱৰায়ো আছে।
আলোচনা সত্ৰ
টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানখনে কেইবাটাও আলোচনা সত্ৰৰ আয়োজন কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল:
- ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ দ্বাৰা প্ৰযোজিত উত্তৰ-পূৰ্বাঞ্চলৰ টাই সকলৰ ওপৰত ৰাষ্ট্ৰীয় আলোচনা সত্ৰ, ২০০২
- ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ দ্বাৰা প্ৰযোজিত উত্তৰ-পূৰ্বাঞ্চলৰ মংগোলীয় মানুহৰ সাংস্কৃতিক ঐতিহ্যৰ ওপৰত ৰাষ্ট্ৰীয় আলোচনা সত্ৰ, ২০০৩
তথ্যসূত্ৰ
- ↑ Gogoi, Chao Medini Mohan. (2018). Revitalization of Endangered Language and Culture of the Ahoms: The Background, Problems and Prospects
- ↑ Centre for Studies in Languages - Dibrugarh University. dibru.ac.in
- ↑ Researchers hit upon manuscript treasure trove - Institute of Tai studies takes up project to preserve and digitize documents. www.telegraphindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৪৫৩২৩৬ (১০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।