অসমৰ গৱেষণা প্ৰতিষ্ঠানসমূহ
১৬ প্ৰবন্ধ
-
উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান
উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (North East Institute of Science and Technology; পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ) হৈছে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংসদৰ (Council of Scientific and Industrial Research চমুকৈ CSIR) অধীনস্থ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আঞ্চলিক গৱেষণাগাৰ।
-
টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান
টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান (Tocklai Tea Research Institute) ১৯১১ চনত যোৰহাটৰ টোকোলাই নৈৰ পশ্চিম পাৰত অসমৰ গৰ্ব সেউজীয়া সোণ চাহৰ উৎপাদন আৰু প্ৰস্তুতকৰণ পদ্ধতিৰ ওপৰত বিস্তাৰ ভাৱে গৱেষণা চলাবৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চাহ বাগিচাসমূহক সামৰি বৰ্তমানৰ টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰা…
-
কামৰূপ অনুসন্ধান সমিতি
কামৰূপ অনুসন্ধান সমিতি (অসম গৱেষণা সমিতি) হৈছে অসমৰ এক প্ৰত্নতাত্বিক আৰু সমাজ বিজ্ঞান গৱেষণা সংস্থা। অসমৰ অতীত, বুৰঞ্জী, সভ্যতা, সংস্কৃতিৰ অধ্যয়নৰ লক্ষ্য আগত ৰাখি ১৯১২ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ আলমতে অসম ৰাজ্যিক সংগ্ৰহালয় গঢ় লৈ উঠে।
-
আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ
আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ (Regional Agricultural Research Station, Titabar), ১৯২৩ চনত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধানৰ গৱেষণাৰ বাবে যোৰহাট জিলাৰ তিতাবৰত স্থাপন কৰা হৈছিল। পূৰ্বতে ইয়াৰ নাম ধান গৱেষণা কেন্দ্ৰ আছিল। ১৯৬৯ চনৰপৰা ইয়াৰ প্ৰশাসনিক দায়িত্বত আছে অসম কৃষি বিশ্ববিদ্যালয়।
-
বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট
বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (Rain Forest Research Institute, Jorhat) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বনপালন বিদ্যাৰ গৱেষণা কেন্দ্ৰ। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ যোৰহাট জিলাত অৱস্থিত।
-
ডা° ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান
ড॰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান (Dr. Bhubaneswar Borooah Cancer Institute), চমুকৈ BBCI অসমৰ মুখ্য নগৰ গুৱাহাটীৰ গোপীনাথ বৰদলৈ নগৰ অঞ্চলত অৱস্থিত এখন স্বায়ত্তশাসিত কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰ।
-
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান
ভাৰতবৰ্ষত ব্ৰিটিছৰ আগমণৰ পৰাহে মানসিকভাৱে অসুস্থ লোকক আনৰপৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে ফাটেকত থোৱাৰ ব্যৱস্থা কৰা হৈছিল। বৰ্তমান ৮১ একৰ মাটিকালিৰ এই প্ৰতিষ্ঠানটোত মুঠ ৩৩৬ জন পুৰুষ-মহিলাৰ বাবে পৃথক পৃথক থকাৰ ব্যৱস্থা, চিকিৎসক-কৰ্মচাৰীৰ বাবে আৱাস, পেথ’ল’জিকেল পৰীক্ষাগাৰ, পুথিভঁৰাল, পুনৰ্সংস্থাপন বিভাগ…
-
ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান, ডিব্ৰুগড়
ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান, ডিব্ৰুগড় (National Institute of Health Research, Dibrugarh ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে স্থাপন কৰা ছখন আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ অন্যতম।
-
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় অসম চৰকাৰৰ দ্বাৰা পৰিচালিত এখন সামাজিক আঁচনি আৰু জন প্ৰশাসনৰ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়ত মূলতঃ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়া সমূহক প্ৰশিক্ষণ দিয়া হয় আৰু অসম চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰত গৱেষণা…
-
অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান
অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান (OKDISCD) অসমৰ গুৱাহাটীত অৱস্থিত এখন স্বায়ত্বশাসিত গৱেষণা প্ৰতিষ্ঠান। ১৯৮৯ চনত অসম চৰকাৰ আৰু ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ যুটীয়া সহযোগত স্থাপন কৰা হৈছিল।
-
আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা
আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা (Anundoram Borooah Institute of Language, Art & Culture, Assam (ABILAC) ) ভাৰতৰ অসমৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত অৱস্থিত এক স্বায়ত্তশাসিত গৱেষণা প্ৰতিষ্ঠান।
-
টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান
টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান অসমৰ শিৱসাগৰ জিলাৰ মৰাণহাটত অৱস্থিত টাই ভাষা শিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত প্ৰতিষ্ঠানখন সম্পূৰ্ণ স্বায়ত্ত্ব শাসিত প্ৰতিষ্ঠান।
-
প্ৰতিৰক্ষা গৱেষণাগাৰ, তেজপুৰ
প্ৰতিৰক্ষা গৱেষণাগাৰ, তেজপুৰ (Defence Research Laboratory) অসমৰ তেজপুৰ চহৰত অৱস্থিত প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ (ডিআৰডিঅ') প্ৰতিৰক্ষা গৱেষণাগাৰ। প্ৰতিৰক্ষা গৱেষণা গৱেষণাগাৰে বাহক সৃষ্ট ৰোগৰ ওপৰত গৱেষণা আৰু উন্নয়নশীল অধ্যয়ন, খোৱা পানীৰ মানদণ্ড উন্নত কৰা, আৱৰ্জনা জৈৱঅৱক্ষয় আৰু ব্যৱস্থাপনা,…
-
ভাৰতীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠান
ভাৰতীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠান বা ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংক মেনেজমেণ্ট (Indian Institute of Bank Management) অসম গুৱাহাটীত অৱস্থিত এখন স্বায়ত্তশাসিত শৈক্ষিক গৱেষণা, প্ৰশিক্ষণ তথা বেংকিং পৰামৰ্শদাতা প্ৰতিষ্ঠান।
-
ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান,গুৱাহাটী
ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটী (ইংৰাজী: State Cancer Institute, Guwahati), চমুকৈ SCI, Guwahati অসমৰ মুখ্য নগৰ গুৱাহাটীৰ ভঙাগড়ত অৱস্থিত এখন কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰ। এই চিকিৎসা প্ৰতিষ্ঠানখন অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল।
-
ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী
ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী ( বা NIPER-Guwahati বা NIPER-G) ভাৰত চৰকাৰৰ ৰসায়নিক আৰু সাৰ মন্ত্ৰণালয়ে ২০০৮ চনত প্ৰতিষ্ঠা কৰা আন সাত খন বিদ্যালয়ৰ অন্যতম ভাৰতীয় ৰাজহুৱা ভেষজবিজ্ঞান গৱেষণা প্ৰতিষ্ঠান।