অসমৰ লেখিকা
৪ প্ৰবন্ধ
-
জোৱলা বৰা
জোৱলা বৰা (Jwala Bora) হৈছে নগাঁও, অসমৰ এগৰাকী লেখিকা। ২০১০ চনত অসমীয়া সাহিত্যৰ জগতত আত্মপ্ৰকাশ কৰা জোৱলা বৰাৰ আত্মজীৱনীখনৰ নাম হৈছে 'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ৷ গ্ৰন্থখন ২০১৬ চনত প্ৰকাশিত হৈছিল৷
-
ইন্দ্ৰাণী ৰায়মেধি
ইন্দ্ৰাণী ৰায়মেধি (Indrani Raimedhi) (জন্ম ১৯৬৫,১৩ ফেব্ৰুৱাৰী-) হৈছে এগৰাকী অসমৰ লেখিকা। ইংৰাজী ভাষাত সাহিত্য-চৰ্চা কৰা ভাৰতীয় লেখকসকলৰ ভিতৰত ইন্দ্ৰাণী ৰায়মেধি অন্যতম। তেওঁ একাধাৰে এগৰাকী লেখক, সাংবাদিক আৰু স্তম্ভলেখক।ইন্দ্ৰাণী ৰায়মেধিয়ে বাৰখন গ্ৰন্থ ৰচনা কৰিছে।
-
মিত্ৰা ফুকন
মিত্ৰা ফুকন (Mitra Phukan: জন্ম- ১৯৫৩ চন, ১৬ মে')হৈছে এগৰাকী ভাৰতীয় লেখিকা,অনুবাদক আৰু স্তম্ভলেখক। লগতে তেওঁ এগৰাকী ধ্ৰুপদী কণ্ঠশিল্পী। তেওঁ ইংৰাজী ভাষাত সাহিত্য-চৰ্চা কৰা ভাৰতীয় লেখকসকলৰ ভিতৰত অন্যতম। তেওঁ শিশু সাহিত্য, চুটি গল্প, উপন্যাস, অনুবাদ সাহিত্যৰ পৰা আৰম্ভ কৰি স্তম্ভলেখালৈকে লিখিছিল।
-
উদ্দীপনা গোস্বামী
উদ্দীপনা গোস্বামী (Uddipana Goswami) (জন্ম: -) হৈছে এগৰাকী অসমৰ কবি আৰু লেখিকা। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা উদ্দীপনা গোস্বামীয়ে বিভিন্ন বিষয়ত লেখা-মেলা কৰে। তেওঁ ২০১০ চনত উই কল্ড দ্য ৰিভাৰ ৰেড: পয়েট্ৰী ফ্ৰম এ ভায়লেণ্ট হোমলেণ্ড শীৰ্ষক এখন কবিতা-সংকলন প্ৰকাশ কৰে।