জীৱেশ ৰায় (ইংৰাজী ভাষা: Jibesh Rai; জন্ম: ১৯৮৫) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ এজন ৰাজনীতিবিদ। তেওঁ ধুবুৰী জিলাৰ বিলাসীপাৰা বিধানসভা সমষ্টিৰ পৰা অসম গণ পৰিষদৰ প্ৰতিনিধিত্ব কৰি অসম বিধানসভাৰ এজন সদস্য হিচাপে নিৰ্বাচিত হয়।১২
ৰায়ৰ ঘৰ অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত। তেওঁ শ্ৰী পবিত্ৰ ৰায়ৰ পুত্ৰ। বৰ্তমান তেওঁ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ২০০৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ফকীৰাগ্ৰাম মহাবিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক (B.A.) ডিগ্ৰী লাভ কৰে। ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা তেওঁৰ শপতনামাত তেওঁ ৯০ লাখ টকাৰ সম্পত্তি ঘোষণা কৰিছিল।৩
ৰাজনৈতিক জীৱন
ৰায়ে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ পৰা বিলাসীপাৰা বিধানসভা সমষ্টিত জয়লাভ কৰে। তেওঁ মুঠ ৮৫,৯৩৭ টা ভোট লাভ কৰিছিল আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দী ভাৰতীয় জাতীয় কংগ্ৰেছৰ অমিত বাদশাক ২,৬৯৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে।৪৫৬
তথ্যসূত্ৰ
- ↑ (2026-05-05). Assam polls 2026: Regional forces remain relevant, but largely alliance-bound. assamtribune.com
- ↑ Jibesh Roy (AGP) Candidate from BILASIPARA Constituency, Jibesh Roy Political Career, Age, Education, Election Result 2026. India Today
- ↑ Jibesh Roy(Asom Gana Parishad):Constituency- BILASIPARA(DHUBRI) - Affidavit Information of Candidate:. myneta.info
- ↑ (2026-05-04). Bilasipara (Assam) Assembly Election Result 2026: Jibesh Roy of Asom Gana Parishad Wins. The Indian Express
- ↑ Srivastava, Prashant. (5 May 2026). Congress’ Assam wins confined to minority strongholds, 18 of its 19 new MLAs are Muslim
- ↑ Karthikeyan, Suchitra. (2026-05-05). Assam elections 2026: How have smaller allies fared?. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱেশ ৰায়” প্ৰবন্ধৰ সংশোধন ৬২৬১৯৫ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।