ইজৰাইলৰ ব্যক্তি
৩৩ প্ৰবন্ধ
-
ডেনিয়েল কাহনেমেন
ডেনিয়েল কাহনেমেন (Daniel Kahneman; ১৯৩৪-২০২৪) হৈছে এগৰাকী ইজৰাইলী-আমেৰিকীয় মনোবিজ্ঞানী আৰু অৰ্থনীতিবিদ। বিচাৰ আৰু সিদ্ধান্ত-গঠনৰ মনোবিজ্ঞানৰ লগতে আচৰণবিষয়ক অৰ্থনীতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেত জনাজাত। 'আচৰণবিষয়ক অৰ্থনীতি'ৰ বাবেই তেখেতে ২০০২ চনত ভাৰ্ণন এল.
-
য়ুভাল নোৱা হাৰাৰি
য়ুভাল নোৱা হাৰাৰি (יובל נח הררי; জন্ম-২৪ ফেব্ৰুৱাৰী ১৯৭৬) হৈছে এগৰাকী ইজৰাইলী ইতিহাসবিদ, প্ৰসিদ্ধ লেখক, আৰু জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। তেওঁ বহুকেইখন জনপ্ৰিয় বিজ্ঞান-সাহিত্যৰ লেখক।
-
গোল্ডা মেইৰ
গোল্ডা মেইৰ (Golda Meir; ৩ মে' ১৮৯৮ – ৮ ডিচেম্বৰ ১৯৭৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ আছিল যি ১৯৬৯ চনৰ পৰা ১৯৭৪ চনলৈকে ইজৰাইলৰ চতুৰ্থ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মিনা বেন-জভি
মিনা বেন-জভি (Mina Ben-Zvi, ১৯০৯-২০০০) ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মহিলা বাহিনীৰ প্ৰথমগৰাকী কমাণ্ডিং অফিচাৰ আছিল।
-
অ'লগা হেনকিন
অ'লগা হেনকিন (Olga Hankin, ৯ জানুৱাৰী ১৮৫২ - ২ এপ্ৰিল ১৯৪২)এগৰাকী নাৰীবাদী, পেছাদাৰী ধাত্ৰী আৰু জায়নিষ্ট কৰ্মী আছিল যি তেওঁৰ স্বামী য়েহোছুয়া হেনকিনৰ সৈতে মিলি অট্টোমান পেলেষ্টাইন আৰু বাধ্যতামূলক পেলেষ্টাইনত জিয়নিষ্ট সংগঠনৰ বেছিভাগ ডাঙৰ মাটি ক্ৰয়ৰ বাবে দায়বদ্ধ আছিল।
-
অছনাত এলকবিৰ
অছনাত এলকবিৰ (אסנת אלכביר) এগৰাকী ইজৰাইলী গায়িকা, নৃত্যশিল্পী, চিত্ৰশিল্পী আৰু নাট্য পৰিচালক। তেওঁ ভাৰতৰ বনাৰস হিন্দু বিশ্ববিদ্যালয়ত দহ বছৰতকৈও অধিক সময় ধৰি ভাৰতীয় ধ্ৰুপদী নৃত্য আৰু সংগীত অধ্যয়ন কৰিছে।
-
অৰ্না ডোনাথ
অৰ্না ডোনাথ (Orna Donath, জন্ম ১৫ অক্টোবৰ ১৯৭৬) এগৰাকী ইজৰাইলী সমাজবিজ্ঞানী, প্ৰবক্তা, লেখিকা আৰু নাৰীবাদী কৰ্মী। তেওঁ টেল আভিভ বিশ্ববিদ্যালয়, বেন গুৰিয়ান বিশ্ববিদ্যালয় আৰু টেল আভিভ-য়াফোৰ একাডেমিক কলেজত অধ্যাপনা কৰে।
-
আইদা টৌমা-চুলেইমান
আইদা টৌমা-চুলেইমান (Aida Touma-Suleiman, জন্ম: ১৬ জুলাই ১৯৬৪) এগৰাকী ইজৰাইলী আৰব সাংবাদিক আৰু ৰাজনীতিবিদ। ২০১৫ চনৰ পৰা হাদাছৰ বাবে নেচেটৰ সদস্য হিচাপে তেওঁ কাম কৰি আহিছে।
-
আইৰিছ ষ্টাৰন লেভি
আইৰিছ ষ্টাৰন লেভি (Iris Stern Levi, জন্ম: ১১ মে', ১৯৫৩) মহিলা আৰু মানৱ অধিকাৰৰ বিষয়ত মনোনিৱেশ কৰা এগৰাকী ইজৰাইলী সামাজিক কৰ্মী। তেওঁ অ-লাভজনক সংস্থা হাৰ একাডেমী (২০১৬) আৰু টাৰ্নিং দ্য টেবলছ (২০১১)ৰ সহ-প্ৰতিষ্ঠাপক, যি দুটা সংস্থাই বেশ্যাবৃত্তি আৰু হিংসাৰ পৰা ৰক্ষা পোৱা মহিলাসকলক বৃত্তিমূলক…
-
আদা গেলাৰ
আডা গেলাৰ (Ada Geller) এগৰাকী জায়নিষ্ট আৰু মহিলাৰ অধিকাৰ কৰ্মী আছিল৷ তেওঁ এগৰাকী শিক্ষয়িত্ৰী আৰু প্ৰধান শিক্ষক আৰু বাধ্যতামূলক পেলেষ্টাইনৰ প্ৰথমগৰাকী মহিলা একাউণ্টেণ্ট।
-
আলিজা গুৰ
আলিজা গুৰ (ইংৰাজী: Aliza Gur; জন্ম: আলিজিয়া গ্ৰছ; ১ এপ্ৰিল ১৯৪০) এগৰাকী ইজৰাইলী অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৬০ চনৰ মিছ ইজৰাইল হিচাপে নিৰ্বাচিত হৈছিল আৰু মিয়ামি বীচত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ১৯৬০ প্ৰতিযোগিতাত ছেমি ফাইনেলিষ্ট আছিল।
-
ইমুনা ইলন
ইমুনা ইলন (Emuna Elon; জন্ম-১৯৫৫) এগৰাকী ইজৰাইলী লেখিকা, ঔপন্যাসিকা, সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী।
-
জিপি লিভনি
জিপি লিভনি (Tziporah Malka "Tzipi" Livni) (জন্ম: ৮ জুলাই ১৯৫৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, কূটনীতিবিদ আৰু উকীল৷ নেচেটৰ প্ৰাক্তন সদস্য আৰু কেন্দ্ৰ বাওঁপন্থী ৰাজনৈতিক শিবিৰৰ নেতা লিভনি এগৰাকী প্ৰাক্তন বৈদেশিক মন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, ন্যায় মন্ত্ৰী আৰু বিৰোধী-নেত্ৰী।
-
জেহেভা গেলন
জেহেভা গেলন (Zeheva Galon; জন্ম: ৪ জানুৱাৰী ১৯৫৬), এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, গৱেষণা প্ৰতিষ্ঠান ZULAT for Equality and Human Rights-ৰ সভানেত্ৰী আৰু Meretz-ৰ প্ৰাক্তন নেত্ৰী।
-
ডেনা ফেল্ডমেন
ডিনা ফেল্ডমেন (Dina Feldman) অক্ষম ব্যক্তিৰ সম-অধিকাৰৰ বাবে কৰ্মৰত ইজৰাইলৰ দ্বিতীয় আয়ুক্ত৷ তেওঁ মানৱ অধিকাৰ, মহিলাৰ সম সুযোগ, সাংস্কৃতিক, শৈক্ষিক আৰু আন্তঃধৰ্মীয় আলোচনা আৰু পোলেণ্ডৰ ইহুদীসকলৰ ইতিহাস সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি আছে৷
-
ডেলিলা হাটুৱেল
ডেলিলা হাটুৱেল (Delila Hatuel, דלילה חטואל; জন্ম: ১৫ নৱেম্বৰ, ১৯৮০) এগৰাকী ইজৰাইলী অলিম্পিক ফয়েল ফেন্সাৰ। তেওঁ ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ইজৰাইলক প্ৰতিনিধিত্ব কৰিছিল, আৰু এসময়ত ফেন্সিং খেলত বিশ্বৰ নৱম স্থানত আছিল।
-
নাটালি পৰ্টমেন
নাটালি হাৰ্ছলাগ (জন্ম ৯ জুন, ১৯৮১), পেছাদাৰীভাৱে নাটালি পৰ্টমেন নামেৰে পৰিচিত, এগৰাকী অভিনেত্ৰী, চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক যাৰ ইজৰাইলী আৰু আমেৰিকান উভয় নাগৰিকত্ব আছে। তেওঁ কিশোৰ অৱস্থাৰপৰাই এক বিশাল পৰিসৰৰ অভিনয় জীৱনৰ সূচনা কৰিছিল আৰু বিভিন্ন ব্লকবাষ্টাৰ তথা স্বতন্ত্ৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
-
নিনা পিণ্টো-আবকাচিচ
নিনা পিণ্টো-আবকাচিচ (ইংৰাজী: Nina Pinto-Abecasis; হিব্ৰু: נינה פינטו אבקסיס; ১৯৭১ — ২২ জুলাই ২০১৯) এগৰাকী ইজৰাইলী লোকসংস্কৃতিবিদ, লেখিকা আৰু শিক্ষাবিদ আছিল।
-
বেবা আইডেলছন
বেবা আইডেলছন (Beba Idelson; ১৪ অক্টোবৰ ১৮৯৫ – ৫ ডিচেম্বৰ ১৯৭৫) আছিল এগৰাকী জায়নিষ্ট কৰ্মী আৰু ইজৰাইলৰ ৰাজনীতিবিদ।
-
মিচাল ৰ'জিন
মিচাল ৰ'জিন ( Michal Rozin; জন্ম: ২৫ জুন ১৯৬৯) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ যিয়ে ২০১৩ চনৰ পৰা ২০১৯ চনলৈকে মেৰেটজৰ বাবে নেচেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাৰ পিছত পুনৰ ২০২১ চনৰ পৰা ২০২২ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মেৰাভ মিকেলি
মেৰাভ মিকেলি (מרב מיכאלי) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, সাংবাদিক, টিভি এংকৰ, ৰেডিঅ' সম্প্ৰচাৰক, নাৰীবাদী আৰু সমাজকৰ্মী৷ তেওঁ বৰ্তমান লেবাৰ আৰু মেৰেটজৰ একত্ৰীকৰণৰ ফলত গঠন হোৱা নেচেট ফৰ দ্য ডেম'ক্ৰেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
মৰাণ জেৰ কেটজেনষ্টেইন
মৰাণ জেৰ কাটজেনষ্টেইন (Moran Zer Katzenstein; জন্ম:-১৩ আগষ্ট ১৯৮২) এগৰাকী ইজৰাইলী মহিলা অধিকাৰ কৰ্মী, প্ৰবক্তা, সমাজ কৰ্মী, কৌশলবিদ আৰু সংবাদ মাধ্যমৰ ব্যক্তিত্ব।
-
লিনোৰ আবাৰগিল
লিনোৰ আবাৰগিল (Linor Abargil; জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৯৮০) এগৰাকী ইজৰাইলী অধিবক্তা, অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য ৰাণী যি ধৰ্ষিতা হোৱাৰ কিছু দিনৰ পিছতে ১৯৯৮ চনৰ মিছ ৱৰ্ল্ড বঁটা লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ যৌন হিংসাৰ বিৰুদ্ধে যুঁজি বিশ্বব্যাপী বহু লোকৰ সমৰ্থন আদায় কৰে।
-
লেচলি চেচ
লেচলি চেচ (Lesley Sachs; জন্ম: ২৫ আগষ্ট ১৯৫৮) এগৰাকী ইজৰাইলী সমাজ কৰ্মী, মুখ্য কাৰ্যবাহী বিষয়া আৰু শিল্পী। ইজৰাইল উইমেনছ নেটৱৰ্ক (আই ডব্লিউ এন), ইজৰাইল ৰিলিজিয়াছ একচন চেণ্টাৰ (আই আৰ এ চি), ৱৰ্ল্ড ইউনিয়ন ফৰ প্ৰগ্ৰেছিভ ইহুদীজম (ডব্লিউ ইউ পি জে) আৰু উইমেন অৱ দ্য ৱাল (ডব্লিউ অ' ডব্লিউ)ৰ চি ই অ'…
-
শূলমিত আলোনি
শূলমিত আলোনি (Shulamit Aloni; ২৭ ডিচেম্বৰ ১৯২৭ – ২৪ জানুৱাৰী ২০১৪) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ। তেওঁ ৰাটজ্ পাৰ্টি প্ৰতিষ্ঠা কৰা, মেৰেট্জ দলৰ নেত্ৰী৷ তেওঁ ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈকে বিৰোধী দলৰ নেত্ৰী আৰু ১৯৯২ চনৰ পৰা ১৯৯৩ চনলৈকে শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
শ্বম্যুৱেল য়োছেফ এগনন
শ্বম্যুৱেল য়োছেফ এগনন (১৮৮৮-১৯৭০)প্ৰখ্যাত ইজৰাইলী লেখক। তেওঁৰ সম্পূৰ্ণ নাম 'Shmuel Yosef Halevi Czaczkes'। তেখেতৰ জন্ম ইজৰাইলৰ জেৰুজালেমত। বিখ্যাত হিব্ৰু ঔপন্যাসিক আৰু গল্পকাৰসকলৰ ভিতৰত এগনন হৈছে অন্যতম। পূব ইউৰোপৰ গ্ৰাম্য জীৱনৰ ছবি তেওঁৰ সাহিত্য কৰ্মই অনবদ্য ৰূপত তুলি ধৰিছে।
-
শ্বেলী ইয়াচিমোভিচ
শ্বেলী ৰেচেল ইয়াচিমোভিচ (Shelly Rachel Yachimovich, জন্ম: ২৮ মাৰ্চ ১৯৬০) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, যি তিনিটা কাৰ্যকাল বিৰোধীৰ চৰকাৰী নেতা, নেচেটৰ সদস্য আৰু বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষা সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
শ্বোছানা গেৰ্শ্বোনোভিচ
শ্বোছানা গেৰ্চোনোভিচ (Shoshana Gershonowitz, ১৯০৬–১৯৮৬) ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ এগৰাকী বিষয়া আছিল যি ১৯৫২ চনৰ পৰা ১৯৫৯ চনলৈকে মহিলা বাহিনীৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শ্বোছানা যৌৱনকালত ৰাছিয়াৰ পৰা প্ৰব্ৰজন কৰি জেৰুজালেমত বসতি স্থাপন কৰে। হাগানাত তেওঁ সক্ৰিয় আছিল।
-
ষ্টেভ ছফিৰ
ষ্টেভ শ্বাফিৰ (Stav Shaffir; জন্ম: ১৭ মে' ১৯৮৫) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ আৰু নেচেটৰ প্ৰাক্তন সদস্য। গ্ৰীণ পাৰ্টিৰ নেত্ৰী হিচাপে ডেম’ক্ৰেটিক ইউনিয়নৰ মিত্ৰতাৰ নেচেটৰ সদস্য আছিল।
-
স্মাদাৰ লেভি
স্মাদাৰ লেভি (Smadar Lavie) কেলিফৰ্ণিয়া ডেভিছ বিশ্ববিদ্যালয়ৰ নৃতত্ত্বৰ অধ্যাপক এমেৰিটা, আৰু মিজৰাহি নৃতত্ত্ববিদ, লেখক আৰু কৰ্মী। তেওঁ ইজিপ্ত, ইজৰাইল আৰু পেলেষ্টাইনৰ নৃতত্ত্বৰ বিশেষজ্ঞ; জাতি, লিংগ আৰু ধৰ্মৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।