শিৱৰাজ সিং চৌহান (জন্ম: ৫ মাৰ্চ ১৯৫৯) ভাৰতৰ কেন্দ্ৰীয় ৰাজ্য মধ্য প্ৰদেশৰ ১৮ সংখ্যক আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী। ২০০৫ চনৰ ২৯ নৱেম্বৰত বাবুলাল গৌৰৰ ঠাইত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টীৰ নেতা হিচাপে তেওঁ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে মধ্য প্ৰদেশ জনতা পাৰ্টিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭২ চনত ১৩ বছৰ বয়সত তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰে। ১৯৯১ চনৰ পৰা লোকসভাত বিদিশাক প্ৰতিনিধিত্ব কৰি পাঁচবাৰৰ সংসদ সদস্য। বৰ্তমান তেওঁ মধ্য প্ৰদেশৰ ছিহোৰ জিলাৰ নিৰ্ধাৰিত আসন বুধনী সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে। ১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱৰাজ সিং চৌহান” প্ৰবন্ধৰ সংশোধন ৫১২৩৯৮ (২৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।