ছিৱাৱা (; অৰ্থাৎ "কাপোৰেৰে মেৰিয়াই থোৱা কেঁচুৱা", যাক "গুইয়াং স্প্ৰিং ৰোল"১২ বা "চিল্ক ডল" বুলিও জনা যায়) হৈছে চীনৰ গুইঝৌ প্ৰদেশৰ এবিধ পৰম্পৰাগত স্থানীয় বিখ্যাত খাদ্য পদ। এই খাদ্যবিধ প্ৰস্তুত কৰিবলৈ হাতৰ তলুৱাত সহজে খাপ খাই পৰা কাগজৰ দৰে পাতল বৰা চাউলৰ এখন ঘূৰণীয়া পিঠা বা পেনকেক ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত মিহিকৈ কুটি লোৱা সতেজ, কিণ্বিত বা লৰচৰ কৰি ভজা বিভিন্ন শাক-পাচলিৰ পুৰ দি মেৰিয়াই লোৱা হয়। ইয়াৰ ভিতৰত দিয়া উপাদানসমূহৰ ভিতৰত মিয়েন বা নুডলচ, তিয়ঁহ, টেঙা মূলা, ভজা বীন, গুৰি কৰা জলকীয়া, সাগৰীয় অপতৃণ বা কেল্প্, আলু (পাচলি), মগু মাহৰ গজালি, ফিচমিণ্ট, আৰু বিভিন্ন বনৌষধি বা বাঁহৰ গাজ আদি অন্যতম।৩৪৫৬৭ কিছুমান বিক্ৰেতাই ইয়াৰ সৈতে 'চুই শ্বাও' (脆哨) ব্যৱহাৰ কৰে।৭ পৰম্পৰাগতভাৱে এই খাদ্যবিধ এক অতি সুলভ পথৰ খাদ্য আছিল যদিও বৰ্তমান ই বিবাহ বা আন আনন্দৰ উৎসৱসমূহতো স্থান পাবলৈ ধৰিছে।৪ ই গুইঝৌৰ অন্যতম জনপ্ৰিয় জলপান হ’লেও বহুতে ইয়াক মূল আহাৰ বা ভাতৰ বিকল্প হিচাপেও গ্ৰহণ কৰে।৬৭
এই ৰোলসমূহৰ ভিতৰত সোৱাদ বঢ়াবলৈ বা ডুবাই খাবলৈ 'ঝানশুই' (蘸水) নামৰ এবিধ জ্বলা আৰু টেঙা চাটনি বা ডিপ ব্যৱহাৰ কৰা হয়। এক জনপ্ৰিয় চাটনিৰ প্ৰণালীত মাংস বা পাচলিৰ সিজোৱা ৰস, শুকান জলকীয়াৰ গুৰি, আদা, নহৰু, ধনিয়া আৰু তিলৰ তেল আদি মিহলাই ইয়াক প্ৰস্তুত কৰা হয়।৩৬
নামকৰণ
এই খাদ্যবিধৰ নাম "কাপোৰেৰে মেৰিয়াই থোৱা কেঁচুৱা" ইয়াৰ আকৃতিৰপৰা অবিহনে আহিছে। মিহিকৈ কটা উপাদানসমূহ চাউলৰ পাতল পিঠাখনৰ মাজত থৈ যেতিয়া মেৰিয়াই লোৱা হয়, তেতিয়া ই দেখিবলৈ কাপোৰেৰে টানকৈ মেৰিয়াই থোৱা এটা নৱজাত কেঁচুৱাৰ দৰে লাগে।৫৩৪৬ ই দেখাত নভজা এগ ৰোলৰ দৰেও হয়, যাৰ বাবে ইয়াক "স্প্ৰিং ৰোল পৰিয়ালৰ এক সদস্য" বুলিও গণ্য কৰা হয়।৫৭
প্ৰস্তুত প্ৰণালী
ভোজনকাৰীসকলে প্ৰথমতে নিজৰ সোৱাদ অনুসাৰে চাটনি বা বাটিটো সাজু কৰি লয়, য’ত সাধাৰণতে গুৰি কৰা বাদাম বা ভজা বুট আদি মিহলাই লোৱা হয়। তাৰ পিছত এখন পাতল চাউলৰ পিঠা হাতৰ তলুৱাত লৈ তাৰ সোঁমাজত প্ৰতিবিধ পাচলি আৰু উপাদান অলপ অলপকৈ লৈ একোটা কামোৰত খাব পৰা জোখত কেঁচুৱা মেৰিওৱাৰ দৰে মেৰিয়াই লোৱা হয়। শেষত তাৰ ওপৰত এচামুচ জ্বলা-টেঙা চাটনি ঢালি দি একেলগে মুখত ভৰাই ইয়াৰ মচমচীয়া আৰু সতেজ সোৱাদ লোৱা হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ 贵州特色翻译老外看了摇头:丝娃娃成丝绸娃娃. ://sohu.com
- ↑ Discover the Surprising Diversity of Spring Rolls Around China. The World of Chinese
- ↑ Hunt, Katie. (2016-06-22). China's spicy Guizhou province: How to eat like a local. CNN
- ↑ Siwawa (Silk Doll). China Daily
- ↑ Leffman, David; Lewis, Simon; Zatko, Martin. (2013-11-14). The Rough Guide to China. Rough Guides UK. ISBN 978-1-4093-5179-5
- ↑ The sour and spicy splendor of Guizhou food. SHINE
- ↑ (June 2019). 美食台 · 貴州的神奇娃娃,人人都想咬一口!
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিৱাৱা” প্ৰবন্ধৰ সংশোধন ৬৩৪১৯৪ (৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।