অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰীলা মজুমদাৰ

শ্ৰীলা মজুমদাৰ (Sreela Majumdar; ১৯৫৮/১৯৫৯ – ২৭ জানুৱাৰী ২০২৪) বাংলা ভাষাৰ চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰয়াত ভাৰতীয় অভিনেত্ৰী। ‘চোখৰ বালি’ (২০০৩) ছবিখনত তেওঁ ঐশ্বৰ্য ৰায়ৰ বাবে ভইচ ডাবিং কৰিছিল।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৬ ৩০০ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শ্ৰীলা মজুমদাৰ (Sreela Majumdar; ১৯৫৮/১৯৫৯ – ২৭ জানুৱাৰী ২০২৪) বাংলা ভাষাৰ চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰয়াত ভাৰতীয় অভিনেত্ৰী।১২৩৪ ‘চোখৰ বালি’ (২০০৩) ছবিখনত তেওঁ ঐশ্বৰ্য ৰায়ৰ বাবে ভইচ ডাবিং কৰিছিল।

প্ৰাৰম্ভিক জীৱন

ৰামচন্দ্ৰ মজুমদাৰ আৰু ননী মজুমদাৰৰ ঘৰত শ্ৰীলা মজুমদাৰৰ জন্ম হয়। কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ বংগাবাসী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮০ চনত মৃণাল সেনৰ পৰিচালনাত নিৰ্মিত ‘পৰশুৰাম’ ছবিত তেওঁৰ অভিষেক হয় যদিও তেওঁৰ প্ৰথম মুক্তি পোৱা ছবি আছিল এক ‘দিন প্ৰতিদিন’।৫ তেওঁ শ্যাম বেনেগাল আৰু তৰুণ মজুমদাৰৰ সৈতেও কাম কৰিছিল।

কৰ্মজীৱন

১৯৮০ চনত মৃণাল সেনৰ ‘পৰশুৰাম’ছবিত শ্ৰীলাক অভিনয় জগতৰ লগত চিনাকি কৰাই দিয়া হৈছিল; তেতিয়া শ্ৰীলা আছিল ১৬ বছৰীয়া কিশোৰী। নাটকৰ আখৰাত শ্ৰীলাৰ অভিনয় দেখি মৃণালে নিজৰ ছবিৰ অভিনেত্ৰী হিচাপে শ্ৰীলাক বাছি লৈছিল। ইয়াৰ পিছত শ্ৰীলাই ‘এক দিন প্ৰতি দিন’, ‘আকালৰ সন্ধানে’, ‘খাৰিজ’ আদি উল্লেখযোগ্য ছবিত অভিনয় কৰিছিল। তেওঁ শ্বাবানা আজমী, স্মিতা পাটিল, নাছিউৰুদ্দিন শ্বাহৰ দৰে অভিনেতাৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিছিল।

শ্যাম বেনেগালৰ পৰিচালনাত ‘আৰোহণ, ‘মান্দী’আদি ছবিত কাম কৰিছিল। ঋতুপৰ্ণ ঘোষৰ ‘চোখৰ বালি’ত ঐশ্বৰ্য ৰায় বচ্চনৰ বাবে কণ্ঠদান কৰিছিল শ্ৰীলাই। ছবিৰ উপৰিও মঞ্চতো শ্ৰীলাই অভিনয় চলাই যায়। সত্য বেনাৰ্জীৰ নাটক ‘নহৱত’ত শ্ৰীলাৰ অভিনয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। বাণিজ্যিক ধাৰাৰ ছবিতো শ্ৰীলাৰ অভিনয় যথেষ্ট প্ৰশংসিত হৈছে। অঞ্জন চৌধুৰীৰ ‘পূজা’ত শ্ৰীলাৰ অভিনয়ক দৰ্শকে স্মৰণ কৰে। একেদৰে হৰনাথ চক্ৰৱৰ্তীৰ ‘প্ৰতিবাদ’ ছবিতো সমানেই দৃষ্টি আকৰ্ষণ কৰিছে শ্ৰীলাই। এই ছবি দুখনে তেওঁক গ্ৰাম্য বংগৰ এক ঘৰুৱা নামত পৰিণত কৰিছিল। কিন্তু পিছলৈ শ্ৰীলাই কাম কমাই দিয়ে। কিছু অসুস্থতাৰ বাবে শ্ৰীলাক পৰ্দাত বিশেষ দেখা পোৱা নগ’ল। শ্ৰীলাৰ বহু সহকৰ্মীসকলৰ বহুতে আক্ষেপ প্ৰকাশ কৰে যে এগৰাকী দক্ষ আৰু পেছাদাৰী অভিনেত্ৰী হোৱা সত্ত্বেও পৰ্দাত তেওঁক সঠিকভাবে ব্যৱহাৰ কৰা নহ’ল।

শেষবাৰৰ বাবে তেওঁক কৌশিক গাংগুলীৰ ‘পালান’ ছবিত দেখা যায়। তথাপিন চলচ্চিত্ৰ জগতৰ বাহিৰত তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল আলিপুৰ মিউজিয়ামত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিজয়া সন্মিলন অনুষ্ঠানত।৬

মৃত্যু

২০২৪ চনৰ ২৭ জানুৱাৰীত ৬৫ বছৰ বয়সত ডিম্বাশয়ৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ শ্ৰীলা মজুমদাৰৰ মৃত্যু হয়। ৭৮৯১০ She had been suffering from cancer for 3.6 years.

তথ্যসূত্ৰ

  1. ↑ Sreela Majumdar: I owe my acting career to Gita Sen-di. The Times of India
  2. ↑ Ghoshal, Somak. (27 December 2014). Havoc in 'Bhadralok' homes. livemint.com
  3. ↑ ঘোষ, স্যমন্তক. আড়ালেৰ সংলাপ শ্ৰীলা মজুমদাৰেৰ. ebela.in
  4. ↑ ঘটক, সুচন্দ্ৰা. অন্য মোড়কে ৰং বিক্ৰি. Anandabazar Patrika
  5. ↑ (28 January 2024). Rituparna on Sreela Majumdar Death: 'শ্ৰীলাদি বলতেন, ঋতুপৰ্ণা.. কখনও থেমো না'. ABP Ananda
  6. ↑ প্ৰয়াত শ্ৰীলা মজুমদাৰ, ক্যানসাৰেৰ সঙ্গে দীৰ্ঘ সাড়ে তিন বছৰেৰ লড়াই শেষ মৃণাল সেনেৰ মানসকন্যাৰ. anandabazar.com
  7. ↑ (2024-01-27). Sreela Majumdar, Veteran Bengali Actress, Dies at 60 After Battling Cancer · 🎥 LatestLY. LatestLY
  8. ↑ Sreela Majumdar Passes Away: বছৰেৰ শুৰুতেই টলিউডে নক্ষত্ৰপতন, প্ৰয়াত শ্ৰীলা মজুমদাৰ. Aaj Tak বাংলা
  9. ↑ (27 January 2024). Sreela Majumdar is no more
  10. ↑ Veteran Bengali Actress Sreela Majumdar Dies At 65. NDTV

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীকৰ্কট ৰোগত মৃত্যু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীলা মজুমদাৰ” প্ৰবন্ধৰ সংশোধন ৫৭৬৩৪৬ (১১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।