অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চুনতি বন্যপ্ৰাণী অভয়াৰণ্য

চুনতি বন্যপ্ৰাণী অভয়াৰণ্য (Chunati Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্য। অভয়াৰণ্যখন, দক্ষিণ-পূব বাংলাদেশৰ চট্টগ্ৰাম বিভাগৰ চট্টগ্ৰাম জিলাৰ অন্তৰ্গত চুনতি গাঁৱৰ ওচৰত অৱস্থিত।

হালনাগাদ: ১১ মে’ ২০২৫ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

চুনতি বন্যপ্ৰাণী অভয়াৰণ্য (Chunati Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্য। অভয়াৰণ্যখন, দক্ষিণ-পূব বাংলাদেশৰ চট্টগ্ৰাম বিভাগৰ চট্টগ্ৰাম জিলাৰ অন্তৰ্গত চুনতি গাঁৱৰ ওচৰত অৱস্থিত।১

ইতিহাস

১৯৮৬ চনত, গেজেট অধিসূচনা "XII/For-I/84/174"ৰ জৰিয়তে এই অভয়াৰণ্যখন স্থাপিত হৈছিল। প্ৰায় ৭৭৬৪ হেক্টৰ ভূমি সামৰি লোৱা এই অৰণ্যখন, প্ৰথমে গৰ্জন (Dipterocarpus turbinatus) বনাঞ্চল আছিল যদিও অবৈধভাৱে কাঠ সংগ্ৰহ কৰা আৰু খেতিৰ বাবে ভূমি বেদখল কৰাৰ ফলত ই খণ্ডিত তথা ক্ষয়প্ৰাপ্ত হয়। ২০০৩ চনলৈকে গৌণ জোপোহাবোৰে অভয়াৰণ্যখনৰ প্ৰায় ৪৪% অংশ সামৰি লৈছিল। যদিও বৰ্তমান দানকাৰীসকলৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পুনঃৰোপণ প্ৰকল্প গ্ৰহণ কৰা হৈছে।২ এইখনেই আছিল বাংলাদেশৰ প্ৰথমখন বন্যপ্ৰাণী অভয়াৰণ্য। অভয়াৰণ্যখনৰ লগতে ইয়াৰ আশে-পাশে প্ৰায় ১৫খন গাঁও আছে।৩ অভয়াৰণ্যখন, কেইবাটাও বিলুপ্তপ্ৰায় উদ্ভিদ প্ৰজাতিৰ আবাসস্থল।৪

বন্যপ্ৰাণী

চুনতি বন্যপ্ৰাণী অভয়াৰণ্য হৈছে বাংলাদেশ আৰু ম্যানমাৰৰ মাজত এছিয়াৰ হাতী চলাচলৰ এক প্ৰধান কৰিডৰ।৫ অভয়াৰণ্যখনত থকা স্তন্যপায়ী প্ৰাণীসমূহৰ ভিতৰত সুগৰী পহু, মেচেকা, বনৰীয়া গাহৰি আৰু মালয়ৰ কেঁটেলাপহু আদি উল্লেখযোগ্য। চৰাইবোৰৰ ভিতৰত সোণ বাঢ়ৈটোকা, বসন্ত চৰাই, মৌপিয়া, মৌখাটি, কুকুহা, ঘৰ বতাহী, তিল কপৌ, ফেঁচু, চুটীয়া শালিকা আৰু কাণকুৰিকা আদি উল্লেখযোগ্য।৬

প্ৰশাসন আৰু সুৰক্ষা

এই উদ্যানখন পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ (MoEF) অন্তৰ্ভুক্ত বাংলাদেশ বন বিভাগৰ অধীনস্থ। সংস্থাটোৱে, স্থানীয় জনগোষ্ঠীৰ সহযোগত উদ্যানখন পৰিচালনা কৰে।৭ সেউজীয়া শাৰী পিন্ধা মহিলাসকলে সামূহিক টহলদাৰীৰ নেতৃত্ব দিয়ে। স্থানীয় মহিলাসকলক এনে কাৰ্যৰ বাবে আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা আৰু জাৰ্মানীৰ উন্নয়ন সংস্থা জিটিজেডৰ দ্বাৰা পুঁজি আগবঢ়োৱা হয়। তেওঁলোকে এই সেৱাৰ বাবে ৫০ ডলাৰৰ উপবৃত্তি লাভ কৰে।৮

তথ্যসূত্ৰ

  1. ↑ Chunati Wildlife Sanctuary. Protected Planet. IUCN WDPA / UNEP-WCMC
  2. ↑ Sinha, P.B.; Alam, M. Secondary data collection for pilot protected area: Chunati Wildlife Sanctuary. USAID
  3. ↑ Al Mamun, Abdullah. Protect Chunati Wildlife Sanctuary. The Daily Star
  4. ↑ McDermott, Mat. Bangladesh Gets $19 Million from US & Germany for Reforestation Project. treehugger.com. MNN HOLDING COMPANY, LLC
  5. ↑ US, Germany join in climate change mitigation at Chunati Wildlife Sanctuary US, Germany join in climate change mitigation at Chunati Wildlife Sanctuary. bdnews24.com
  6. ↑ Sinha, P.B.; Alam, M. Chunati interpretation plan. Nishorgo Project. USAID
  7. ↑ Restoring the forest and improving livelihoods in the Chunati Wildlife Sanctuary. German Embassy Dhaka
  8. ↑ Boykoff, Pamela. 'Sari squad' protects Bangladesh wildlife sanctuary. CNN

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ বন্যপ্ৰাণী অভয়াৰণ্যবাংলাদেশৰ অৰণ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুনতি বন্যপ্ৰাণী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫০৭৫২৯ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।