
চৰ কুকৰি-মুকৰি বন্যপ্ৰাণী অভয়াৰণ্য (Char Kukri-Mukri Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই বাংলাদেশৰ দক্ষিণ চাৰ্ফেচন উপজিলাৰ বংগোপসাগৰৰ চৰ কুকৰি-মুকৰি দ্বীপত অৱস্থিত। অভয়াৰণ্যখনৰ আয়তন ৪০ হেক্টৰ (৯৯ একৰ), আৰু ই আকাৰত প্ৰসাৰিত। ই বৰিশাল চহৰৰ পৰা ১৩০ কিলোমিটাৰ দূৰত্বত, মেঘনা নদীৰ মোহনাৰ গাঙ্গেয় বদ্বীপত অৱস্থিত। ইয়াক চাৰ্ফেচন বন্যপ্ৰাণী অভয়াৰণ্য বুলিও কোৱা হয়। অভয়াৰণ্যখনৰ অধিকাংশ অংশ জোৱাৰ-ভাটাৰ বাবে দিনটোত দুবাৰকৈ ডুব যায় আৰু ঘন মেনগ্ৰোভ গছ-গছনিৰে আবৃত।১ অভয়াৰণ্যখনৰ মাটি বোকাময়।
জলবায়ু
অভয়াৰণ্যখনত বাৰিষা কালত বৰষুণৰ পৰিমাণ অতি বেছি, বছৰি ২,৭৯০ মিলিমিটাৰ (১১০ ইঞ্চি) বৰষুণৰ ৰেকৰ্ড কৰা হয়।১ বছৰজুৰি জলবায়ু গৰম আৰু আৰ্দ্ৰ থাকে। অভয়াৰণ্যখনক ৬টা সৰু খালৰ দ্বাৰা বিভাজিত কৰা হৈছে।২
ইতিহাস
স্থানীয় লোকসকলৰ মতে, ১৯৩০ চনৰ আশে-পাশে ব্ৰিটিছ ৰাজৰ সময়ত এই দ্বীপটোত মানুহৰ বসতি আৰম্ভ হৈছিল। ১৯৭০ চনত বাংলাদেশত অহা ভোলা নামৰ ঘূৰ্ণীবতাহে দ্বীপটোৰ সমগ্ৰ মানৱ বসতিক ধ্বংস কৰিছিল।৩ ঘূৰ্ণীবতাহৰ পিছত ১৯৭৩/১৯৭৪ চনত পুনৰ মানুহে দ্বীপটোলৈ প্ৰব্ৰজন কৰিবলৈ লয়। তেওঁলোকে তাত মাছ মৰা আৰু খেতি-বাতি কৰিবলৈ আৰম্ভ কৰে। বাংলাদেশৰ বন বিভাগে দ্বীপটোত বহু মেনগ্ৰোভ প্ৰজাতিৰ বনানীকৰণ আৰম্ভ কৰে।
পৰিচালনা
ভোলা জিলাৰ উপকূলীয় বন বিভাগৰ দ্বাৰা পৰিচালিত হোৱা এই উদ্যানখনৰ দায়িত্বত থাকে এজন ৰেঞ্জ বিষয়া আৰু এজন ফৰেষ্ট বিট গাৰ্ড। ১৯৪৭ চনৰ বাংলাদেশ বন্যপ্ৰাণী (সংৰক্ষণ) সংশোধনী আইনৰ অধীনত, ১৯৮১ চনৰ ১৯ ডিচেম্বৰ তাৰিখে, ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়।১ সংৰক্ষণ কাৰ্যকলাপৰ বাহিৰে মেনগ্ৰোভ অৰণ্যত বনাঞ্চলৰ অন্য কোনো কাৰ্যকলাপ কৰা নহয়।
উদ্ভিদকুল আৰু প্ৰাণীকুল
অভয়াৰণ্যখনত এটা মোহনাৰ পৰিৱেশ তন্ত্ৰ আছে; অভয়াৰণ্যখনৰ মূল অংশটো মেনগ্ৰোভ বনাঞ্চলেৰে আচ্ছাদিত হৈ আছে আৰু মাজে মাজে মুকলি বোকাময় ঠাইও আছে।
উদ্ভিদকুল
অভয়াৰণ্যখনৰ পৰা আৰু দ্বীপটোত ৭৬টা পৰিয়ালৰ মুঠ ২৭৭টা উদ্ভিদ প্ৰজাতি চিনাক্ত কৰা হৈছিল। এই প্ৰজাতিসমূহৰ ভিতৰত আছে ৯১টা বৃক্ষ প্ৰজাতি, ৩৩টা গুল্ম প্ৰজাতি, ১১৮টা বনৌষধি আৰু ৩৫টা আৰোহী-লতা।২ সচৰাচৰ দেখা পোৱা মেনগ্ৰোভ প্ৰজাতিসমূহৰ ভিতৰত সোণেৰাটিয়া এপেটেলা, বেইন (এভিচেনিয়া অফিচিনেলিছ), গেওয়া (এক্সকোকেৰিয়া এগালোচা), (একানথাছ ইলিচিফোলিয়াছ), খালিশা (এজিচেৰাছ মাইউচ) আৰু টাইফা এংগাষ্টিফোলিয়া আদি উল্লেখযোগ্য।১
প্ৰাণীকুল
সাধাৰণতে দেখা পোৱা স্তন্যপায়ী প্ৰাণীবোৰৰ ভিতৰত আছে, মেচেকা (ফেলিছ ভিভেৰিনা) আৰু এছীয়াৰ সৰু নখযুক্ত উদ (অনিক্স চিনেৰিয়া)। বিটাৰ্ণ, বগলী, বগ, মাছৰোকাৰ দৰে জলচৰ চৰাই প্ৰজাতিবোৰ সচৰাচৰ দেখা যায়। বগলীৰ সৰ্বমুঠ আঠটা প্ৰজাতিয়ে অভয়াৰণ্যত প্ৰজনন কৰে। আইইউচিএন ৰেড ডাটা বুকৰ নিকট সংকটগ্ৰস্ত প্ৰজাতিৰ তালিকাত অন্তৰ্ভুক্ত, ভেলা বা ঢেঁৰাও এই অভয়াৰণ্যত পোৱা যায়।৪ অভয়াৰণ্যখনত গুঁইৰ তিনিওটা প্ৰজাতি পোৱা যায়, যেনে- এছিয়াৰ জল গুঁই (ভাৰানাছ চালভাটৰ), গুঁই (ভাৰানাছ বেংগালেন্সিছ) আৰু সোণালী গুঁই (ভাৰানাছ ফ্লেভেচেঞ্চ)।
ভাবুকি
কৃষিভূমিৰ বাবে হোৱা বেদখল, স্থানীয় লোকৰ দ্বাৰা অত্যধিক পৰিমাণে মাছ মৰা আৰু বিদেশী উদ্ভিদ প্ৰজাতিসমূহৰ আক্ৰমণে অভয়াৰণ্যখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।২
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Green, Michael J.B. (1990). IUCN directory SouthAsian Protected Areas. IUCN Publication. পৃ. 15. ISBN 2-8317-0030-2
- ↑ Uddin, M.Z.; Md Abiabdullah. (December 2016). TAXONOMIC STUDY ON THE ANGIOSPERMS OF CHAR KUKRI MUKRI WILDLIFE SANCTUARY, BHOLA DISTRICT. Journal of Asiatic Society. Bangladesh. পৃ. 153–168
- ↑ Bhola Cyclone in 1970. www.arcgis.com
- ↑ (October 2017). IUCN Red list. www.iucnredlist.org. International Union for Conservation of Nature and Natural Resources
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰ কুকৰি-মুকৰি বন্যপ্ৰাণী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫৩৮০৪৬ (১০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।