সুন্দৰবন দক্ষিণ বন্যপ্ৰাণী অভয়াৰণ্য (Sundarbans South Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন সংৰক্ষিত বনাঞ্চল, যি ৩৬,৯৭০ হেক্টৰ মেনগ্ৰোভ বনাঞ্চলজুৰি বিস্তৃত। এই অভয়াৰণ্যখন ভাৰতৰ পশ্চিমবংগৰ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে অৱস্থিত। এই অভয়াৰণ্যখন সুন্দৰবনৰ তিনিটা বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত অন্যতম, অন্য দুটা হৈছে সুন্দৰবন পূব বন্যপ্ৰাণী অভয়াৰণ্য আৰু সুন্দৰবন পশ্চিম বন্যপ্ৰাণী অভয়াৰণ্য।১২
উদ্ভিদকুল
অভয়াৰণ্যখনত পোৱা প্ৰধান কাঠৰ প্ৰজাতিটো হʼল চেলেং গছ (Euphorbiaceae)। প্ৰচুৰ পৰিমাণে পোৱা আন গছবিধ হ’ল সুন্দৰী গছ (Heritiera fomes)। যিবোৰ অঞ্চলত সুন্দৰী গছ ফলপ্ৰসূভাৱে পুনৰুজ্জীৱিত হʼব নোৱাৰে, সেইবোৰ অঞ্চলত ইয়াক বৃদ্ধি সক্ষম কৰিবলৈ কৃত্ৰিমভাৱে ঘন আণ্ডাৰষ্টৰী সৃষ্টি কৰা হয়।
প্ৰাণীকুল
অভয়াৰণ্যখনত পোৱা বন্যপ্ৰাণীসমূহৰ ভিতৰত ঢেঁকীয়াপতীয়া বাঘ,৩ মেচেকা, লতামাকৰী বাঘ, হেপা, চিত্ৰা হৰিণ, বনৰীয়া গাহৰি, মলুৱা বান্দৰ, উদ, শিয়াল, শিহু, ইৰাৱতী ডলফিন, নিমখীয়া পানীৰ কুমিৰ, উত্তৰৰ নদীৰ টেৰাপিন, দেশীয় অজগৰ, ৰাজফেঁটী, পাতি শগুন, বৰটোকোলা, বন ঢেকৰ আদি উল্লেখযোগ্য।
পৰিৱেশ
লৱণতাৰ মাত্ৰা ঋতুভেদে ব্যাপকভাৱে পৰিৱৰ্তিত হয়। ই সম্ভৱতঃ মধ্যমীয়া লৱণতাৰ তুলনামূলকভাৱে দীৰ্ঘ সময়কালৰ এটি অঞ্চলক প্ৰতিনিধিত্ব কৰে।
তথ্যসূত্ৰ
- ↑ John, Michael, Green, Beverly. (1 January 1990). IUCN Directory of South Asian Protected Areas. IUCN The World Conservation Union. পৃ. 37
- ↑ Sundarban Adventure
- ↑ Despite investment in conservation, Bengal tigers still struggling in Bangladesh. Mongabay - Conservation News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুন্দৰবন দক্ষিণ বন্যপ্ৰাণী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৪৫৪৮৫২ (১৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।