অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সুন্দৰবন পশ্চিম বন্যপ্ৰাণী অভয়াৰণ্য

সুন্দৰবন পশ্চিম বন্যপ্ৰাণী অভয়াৰণ্য (Sundarbans West Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন অভয়াৰণ্য আৰু ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ। এই সংৰক্ষিত বনাঞ্চলখন ৭১৫ বৰ্গ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত। ই বিশ্বৰ অন্যতম বৃহৎ মেনগ্ৰোভ বনাঞ্চল বৃহত্তৰ সুন্দৰবন অঞ্চলৰ এক অংশ।

হালনাগাদ: ৩১ আগষ্ট ২০২৬ ২২২ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সুন্দৰবন পশ্চিম বন্যপ্ৰাণী অভয়াৰণ্য (Sundarbans West Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন অভয়াৰণ্য আৰু ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ। এই সংৰক্ষিত বনাঞ্চলখন ৭১৫ বৰ্গ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত।১ ই বিশ্বৰ অন্যতম বৃহৎ মেনগ্ৰোভ বনাঞ্চল বৃহত্তৰ সুন্দৰবন অঞ্চলৰ এক অংশ। অভয়াৰণ্যখন বংগোপসাগৰৰ গংগা, ব্ৰহ্মপুত্ৰ আৰু মেঘনা নদীৰ একত্ৰিত ব-দ্বীপত অৱস্থিত। সমগ্ৰ সুন্দৰবনৰ মুঠ মাটিকালি প্ৰায় ১০ লাখ হেক্টৰ, ইয়াৰে ৬০% বাংলাদেশত পোৱা যায়, বাকী ৪০% ভাৰতত পোৱা যায়। এই অঞ্চলটো ৰায়মংগল নদীৰ দ্বাৰা বিভক্ত। বাংলাদেশৰ সুন্দৰবন অঞ্চলৰ ভিতৰত তিনিটা বন্যপ্ৰাণী অভয়াৰণ্য আছে: সুন্দৰবন পূব, সুন্দৰবন দক্ষিণ, আৰু সুন্দৰবন পশ্চিম।২

পৰিৱেশ

এই অঞ্চলটোক জোৱাৰ-ভাটাৰ জলপথ, বোকাময় সমতল আৰু লোণ-সহিষ্ণু মেনগ্ৰোভ অৰণ্যৰ সৰু সৰু দ্বীপসমূহৰ এক জটিল নেটৱৰ্কে বিভক্ত কৰিছে। জোৱাৰ-ভাটাৰ সময়ত এই অঞ্চলটো লুণীয়া পানীৰে উপচি পৰে যি অন্তৰ্দেশীয় নদীৰ মিঠা পানীৰ সৈতে মিহলি হয়।

উদ্ভিদকুল

এই অঞ্চলত কেইবাটাও মেনগ্ৰোভ পোৱা যায়। যাৰ ভিতৰত আছে, গেৱা (Excoecaria agallocha)ৰ বিৰল বৃক্ষ আৰু গʼৰান (Ceriops tagal)ৰ সঘন বৃক্ষ তথা শুষ্ক ভূমি, নদীৰ তট আৰু বান্ধত হোৱা হান্তাল তাল (Phoenix paludosa) বৃক্ষৰ বিচ্ছিন্ন গোটসমূহ।

প্ৰাণীকুল

অভয়াৰণ্যখনৰ প্ৰাণীসমূহ অতি বৈচিত্ৰ্যময় আৰু ইয়াত প্ৰায় ৪০বিধ প্ৰজাতিৰ স্তন্যপায়ী, ২৬০বিধ প্ৰজাতিৰ চৰাই আৰু ৩৫বিধ প্ৰজাতিৰ সৰীসৃপ আছে। ইয়াৰে আটাইতকৈ ডাঙৰ বাঘটো হ’ল ঢেঁকীয়াপতীয়া বাঘ যাৰ প্ৰায় ১২০টা বাংলাদেশৰ সুন্দৰবনত অৱশিষ্ট আছে। আন বৃহৎ স্তন্যপায়ী প্ৰাণীবোৰ হ’ল বনৰীয়া গাহৰি, চিত্ৰা হৰিণ, মেচেকা, উথ আৰু মলুৱা বান্দৰ। উপকূলীয় অঞ্চলত পাঁচটা প্ৰজাতিৰ সামুদ্ৰিক কাছ সঘনাই আহে আৰু তিনিটা বিপন্ন সৰীসৃপ উপস্থিত থাকে - নিমখীয়া পানীৰ কুমিৰ, দেশীয় অজগৰ আৰু ৰাজফেঁ‌টী।৩

তথ্যসূত্ৰ

  1. ↑ UNESCO: Sunderban Wildlife Sanctuaries (PDF)
  2. ↑ West Sundarban WLS. Wild Bengal
  3. ↑ UNESCO World Heritage Nomination, 1997

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ বন্যপ্ৰাণী অভয়াৰণ্যবাংলাদেশৰ অৰণ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুন্দৰবন পশ্চিম বন্যপ্ৰাণী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৬৩৩৬৮৬ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।