বাংলাদেশৰ বন্যপ্ৰাণী অভয়াৰণ্য
৫ প্ৰবন্ধ
-
সুন্দৰবন দক্ষিণ বন্যপ্ৰাণী অভয়াৰণ্য
সুন্দৰবন দক্ষিণ বন্যপ্ৰাণী অভয়াৰণ্য (Sundarbans South Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন সংৰক্ষিত বনাঞ্চল, যি ৩৬,৯৭০ হেক্টৰ মেনগ্ৰোভ বনাঞ্চলজুৰি বিস্তৃত। এই অভয়াৰণ্যখন ভাৰতৰ পশ্চিমবংগৰ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে অৱস্থিত।
-
সুন্দৰবন পশ্চিম বন্যপ্ৰাণী অভয়াৰণ্য
সুন্দৰবন পশ্চিম বন্যপ্ৰাণী অভয়াৰণ্য (Sundarbans West Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন অভয়াৰণ্য আৰু ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ। এই সংৰক্ষিত বনাঞ্চলখন ৭১৫ বৰ্গ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত। ই বিশ্বৰ অন্যতম বৃহৎ মেনগ্ৰোভ বনাঞ্চল বৃহত্তৰ সুন্দৰবন অঞ্চলৰ এক অংশ।
-
চুনতি বন্যপ্ৰাণী অভয়াৰণ্য
চুনতি বন্যপ্ৰাণী অভয়াৰণ্য (Chunati Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্য। অভয়াৰণ্যখন, দক্ষিণ-পূব বাংলাদেশৰ চট্টগ্ৰাম বিভাগৰ চট্টগ্ৰাম জিলাৰ অন্তৰ্গত চুনতি গাঁৱৰ ওচৰত অৱস্থিত।
-
চৰ কুকৰি-মুকৰি বন্যপ্ৰাণী অভয়াৰণ্য
চৰ কুকৰি-মুকৰি বন্যপ্ৰাণী অভয়াৰণ্য (Char Kukri-Mukri Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই বাংলাদেশৰ দক্ষিণ চাৰ্ফেচন উপজিলাৰ বংগোপসাগৰৰ চৰ কুকৰি-মুকৰি দ্বীপত অৱস্থিত। অভয়াৰণ্যখনৰ আয়তন ৪০ হেক্টৰ (৯৯ একৰ), আৰু ই আকাৰত প্ৰসাৰিত।
-
ৰেমা-কালেংগা বন্যপ্ৰাণী অভয়াৰণ্য
ৰেমা-কালেংগা বন্যপ্ৰাণী অভয়াৰণ্য (Rema-Kalenga Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্য। এইখন এখন শুকান আৰু চিৰসেউজ অৰণ্য। ই বাংলাদেশৰ হবিগঞ্জ জিলাৰ চুনাৰুঘাট উপজিলাত অৱস্থিত।