চুখ্ৰাম্ফা বা চ্যু-খ্ৰাম্-ফা আহোম ৰাজ্যৰ পঞ্চমজন স্বৰ্গদেউ (চাওফা) আছিল। তেখেত ১৩৩২ চনত ৰাজপাটত বহে।
তেওঁৰ দিনত ভাতৃ চাওপুলায়ে চাওপাংবণ্ডুক বৰগোঁহাইৰ সৈতে মিলি স্বৰ্গদেউৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। ৰজাৰ ভাতৃয়ে কমতাপুৰৰ ৰজাৰ সহায়ত আহোম ৰাজ্য আক্ৰমণ কৰে যদিও পাছত আলোচনাৰ মাজেৰে চাৰিংৰ ৰজা পাতি দিয়ে।
চুখ্ৰাংফাৰ দিনত বুঢ়াগোঁহাই পদত চাওফ্ৰংডাম আৰু বৰগোঁহাই পদত তাফ্ৰিখিন বৰগোঁহাই আছিল।
প্ৰায় ৩২ বছৰ কাল শাসনত থাকি ১৩৬৪ চনত ৰজাৰ মৃত্যু হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুখ্ৰাম্ফা” প্ৰবন্ধৰ সংশোধন ৫২৭৮২৩ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।