চীনৰ সংস্কৃতি
১৬ প্ৰবন্ধ
-
চীনা ড্ৰেগন
চীনা ড্ৰেগন অৰ্থাৎ লুং, লং বা লাং চীনা আখ্যান, লোককথা আৰু চীনা সংস্কৃতিত উল্লিখিত এক কিংবদন্তিমূলক জীৱ। চীনা ড্ৰেগনৰ কচ্ছপ আৰু মৎস্যৰ দৰে বহুতো প্ৰাণীসদৃশ ৰূপ আছে যদিও সাধাৰণতে ইয়াক চাৰিটা ঠেঙৰ সৈতে সৰ্পৰ দৰে চিত্ৰায়িত কৰা হয়।
-
ফেং ছুই
ফেং ছুই ( বা ), হৈছে চীনৰ এটা প্ৰাচীন পৰম্পৰাগত প্ৰথা যি এগৰাকী ব্যক্তিক তেওঁৰ চাৰিওফালৰ পৰিৱেশৰ সৈতে সামঞ্জস্য স্থাপন কৰিবলৈ শক্তি ব্যৱহাৰ কৰা বুলি দাবী কৰে। ফেং ছুই শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে "বায়ু-জল" (অৰ্থাৎ তৰল)।
-
চন্দ্ৰ নৱবৰ্ষ মেলা
চন্দ্ৰ নৱবৰ্ষ মেলা হৈছে চীনা নৱবৰ্ষ (চন্দ্ৰ নৱবৰ্ষ)ৰ কেইদিনমান আগতে চীনত বাৰ্ষিকভাবে অনুষ্ঠিত হোৱা এক প্ৰকাৰৰ মেলা। যাক ফুলৰ বজাৰ বুলিও জনা যায়। এই মেলাসমূহ প্ৰধানকৈ কেণ্টনীজ লোকসকলৰ মাজত প্ৰচলিত আৰু কেণ্টনীজ প্ৰব্ৰজনৰ সৈতে ই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত হৈছে।
-
নাদুন
নাদুন (ইংৰাজী: Nadun) হৈছে মংগুঅৰ জনগোষ্ঠীৰ (যিসকলক চীনাত টু জু বুলি জনা যায়)দ্বাৰা উদযাপিত এটা পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ নামটো মংগোলিয়াৰ নাদাম উৎসৱৰ সৈতে সাদৃশ্যপূৰ্ণ যদিও ইয়াৰ বিন্যাস আৰু বিষয়-বস্তু সম্পূৰ্ণ পৃথক।
-
পানী ছটিওৱা উৎসৱ
পানী ছটিওৱা উৎসৱ বা পানী ছটিয়াই খেলা উৎসৱ (ইংৰাজী: Water-Sprinkling Festival) হৈছে ডাই জনগোষ্ঠীৰ এক প্ৰধান আৰু পৰম্পৰাগত উৎসৱ, যাৰ জৰিয়তে তেওঁলোকৰ নতুন বছৰক আদৰা হয়।
-
অগ্নিশিখা উৎসৱ
অগ্নিশিখা উৎসৱ বা জুই উৎসৱ (Torch Festival) , শিংহুই উৎসৱ নামেৰেও পৰিচিত। ই দক্ষিণ-পশ্চিম চীনৰ ই লোকসকলৰ অন্যতম প্ৰধান উৎসৱ। অঞ্চলটোৰ আন কেইবাটাও জনগোষ্ঠীয়েও, যেনে বাই লোকসকল, হানি লোকসকল, লাহু, নাছি আৰু পুমি লোকসকল, এই উৎসৱ পালন কৰে।
-
চতুৰ্থ মে' আন্দোলন
চতুৰ্থ মে' আন্দোলন (May Fourth Movement) আছিল চীনৰ সাংস্কৃতিক আৰু সাম্ৰাজ্যবাদ বিৰোধী ৰাজনৈতিক আন্দোলন। ১৯১৯ চনৰ ৪ মে'ত বেইজিঙত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ পৰা এই আন্দোলন গঢ় লৈ উঠিছিল।
-
চাংঝৌ তিলৰ কেক
চাংঝৌ তিলৰ কেক বা চাংঝৌ ডামাগাও (; ইংৰাজী: Changzhou sesame cake) হৈছে চীনৰ জিয়াংছু প্ৰদেশৰ চাংঝৌ চহৰত উৎপত্তি হোৱা এবিধ উপবৃত্তাকাৰ, সেকা কেক বা পিঠা। ধাৰণা কৰা হয় যে ইয়াৰ ইতিহাস প্ৰায় ১৫০ বছৰতকৈও পুৰণি।
-
চীনা পৰম্পৰাগত সংগীত
পৰম্পৰাগত চীনা সংগীতত বিভিন্ন সংগীত ধাৰা অন্তৰ্ভুক্ত হৈছে যিবোৰ চীনে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে। বিশেষকৈ, এই শব্দটোৱে চিং ৰাজবংশ বা তাৰ আগৰ সময়ছোৱাত সৃষ্টি হোৱা সংগীত ধাৰাসমূহক বুজায়।
-
চীনৰ থলুৱা চিত্ৰকলা
চীনৰ থলুৱা চিত্ৰকলা (ইংৰাজী: Vernacular painting in China) হৈছে দৈনন্দিন ঘৰুৱা জীৱনৰ দৃশ্যসমূহ বাস্তৱসন্মতভাৱে ফুটাই তোলা এক প্ৰকাৰৰ লোকচিত্ৰশৈলী। এই শব্দটো প্ৰায়ে সেইবোৰ চিত্ৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যিবোৰ উচ্চ চিং যুগৰ চীনত নতুন বছৰ আৰু জন্মদিনৰ দৰে উৎসৱ-পাৰ্বনত প্ৰদৰ্শন কৰা হৈছিল।
-
ছানাম (নৃত্য)
ছানাম (ইংৰাজী: Sanam) বা চেনেম (senem), যাক চীনা ভাষাত চাইনাইমু (赛乃姆) বুলিও লিখা হয়, হৈছে চীনৰ শিনচিয়াং (Xinjiang) স্বায়ত্তশাসিত অঞ্চলৰ উইঘুৰসকলৰ মাজত বহুলভাৱে প্ৰচলিত এক পৰম্পৰাগত সংগীত আৰু নৃত্যশৈলী। ই সাধাৰণতে বিবাহ, উৎসৱ-পাৰ্বণ আৰু সামাজিক অনুষ্ঠান-পাৰ্টিবোৰত পৰিৱেশন কৰা হয়।
-
ছিউ-হুৱা-ছিয়ে
ছিউ-হুৱা-ছিয়ে (xiuhuaxie ), যাক চীনা জোতা, চীনা শৈলীৰ এম্ব্ৰইডাৰী কৰা জোতা বুলিও জনা যায়। ই চীনা পৰম্পৰাগত কাপোৰৰ জোতা ৰ এটা সুপৰিচিত উপ-প্ৰকাৰ। ছিউ-হুৱা-ছিয়েৰ বৈশিষ্ট্য হৈছে জোতাত সুন্দৰ আৰু বৰ্ণিল চীনা এম্ব্ৰইডাৰী ব্যৱহাৰ কৰি বিভিন্ন নক্সা সৃষ্টি কৰা।
-
ছিয়াংয়ুন সূতা
ছিয়াংয়ুন সূতা, যাক লিয়াংচৌ বা ইউনছা বুলিও কোৱা হয়, হৈছে তুঁহৰ ৰেচমৰ কাপোৰত ৰঙালাওৰ ৰস আৱৰণ দি, খনিজ পদাৰ্থ থকা নদীৰ বোকাৰে ঢাকি তাৰ পিছত ৰ’দত শুকুৱাই তৈয়াৰ কৰা একপ্ৰকাৰৰ ৰেচমৰ কাপোৰ। ছিয়াংয়ুন সূতাৰ উৎপত্তি আৰু মূল মূল প্ৰযুক্তি দুয়োটা নানহাইৰ জিকিয়াও পৰ্বতৰপৰা আহিছে।
-
ছিয়ান গুৱয়ে
ছিয়ান গুৱয়ে (চীনা: 西安鼓乐), যাক শানক্সি গুৱয়ে (陕西鼓乐) বুলিও জনা যায়, হৈছে এক আঞ্চলিক চীনা ৰীতি-নীতি সম্পৰ্কীয় সংগীত ধাৰা। ইয়াৰ উৎপত্তিস্থল শানক্সি প্ৰদেশৰ ছিয়ান চহৰৰ নামেৰে নামাকৰণ কৰা এক বিশেষ প্ৰকাৰৰ বতাহত বাজি উঠা আৰু তাড়ন বাদ্যৰ সমিলমিল ইয়াত দেখা যায়।
-
নব্য কনফুচিয়াছবাদ
নব্য কনফুচিয়াছবাদ (,, প্ৰায়ে lǐxué 理學 বুলি সংক্ষিপ্ত কৰা হয়, আক্ষৰিক অৰ্থত "নীতিৰ বিদ্যালয়") কনফুচিয়াছবাদৰ এক সাংস্কৃতিক পুনৰুত্থান। ই কনফুচিয়াছবাদক এক নৈতিক, সামাজিক আৰু ধৰ্মীয় ব্যৱস্থা হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিছিল। ১৩শ শতিকাৰপৰা ১৯শ শতিকালৈকে ই চীনা দৰ্শনত প্ৰধান প্ৰভাৱ বিস্তাৰ কৰিছিল।
-
পিব’
পিব’, যাক পিজি বুলিও কোৱা হয়, হৈছে হানফু (পৰম্পৰাগত চীনা পোছাক)ৰ সৈতে পৰিধান কৰা এবিধ আলংকাৰিক ৰেচমী চাদৰ বা স্কাৰ্ফ সদৃশ অনুষংগ। এই বস্ত্ৰবিধ ৰেচম পথ বা চিল্ক ৰোডৰ জৰিয়তে চীনলৈ আমদানি হৈছিল আৰু টাং ৰাজবংশৰ সময়ত ই বিশেষ জনপ্ৰিয়তা লাভ কৰে, য’ত ই হান চীনা পোছাকৰ এক অপৰিহাৰ্য অংশ হৈ পৰে।