২০২৪ চনৰ ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা ২০২৪ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে অংশগ্ৰহণ কৰে। ১৯২০ চনৰ পৰা গ্ৰীষ্মকালীন অলিম্পিকৰ প্ৰতিটো সংস্কৰণতে ভাৰতীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰি আহিছে আৰু এয়া গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ ২৬ সংখ্যক অংশগ্ৰহণ।১
পৃষ্ঠভূমি
১৯২৭ চনত ভাৰতীয় অলিম্পিক সংস্থাক আন্তৰ্জাতিক অলিম্পিক সমিতিৰ দ্বাৰা স্বীকৃতি প্ৰদান কৰা হয়।২ ইয়াৰ আগতে দেশখনে ইতিমধ্যে ১৯০০ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত অভিষেক ঘটায় আৰু ১৯২০ আৰু ১৯২৪ চনৰ অলিম্পিকতো অংশগ্ৰহণ কৰে।৩
২০২৪ চনৰ অলিম্পিকৰ বিভিন্ন খেলসমূহৰ বাবে ভাৰতীয় দলটোত মুঠ ১১৭ জন খেলুৱৈ আছিল। ইয়াৰে ১১০ জন প্ৰতিযোগী আৰু ৭ জন বিকল্প খেলুৱৈ। ইয়াৰ উপৰিও দলটোত ১১৮ জন সহায়ক কৰ্মচাৰী আৰু ২২ জন বিষয়া আছিল।৪৫ গগন নাৰঙক মিছনৰ মুৰব্বী (Chef de mission) হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে শিৱা কেশৱনক তেওঁৰ সহকাৰী হিচাপে নিৰ্বাচিত কৰা হয়।৪৬ অলিম্পিকৰ মুকলি অনুষ্ঠানৰ নিৰ্দিষ্ট পতাকাবাহক আছিল পি. ভি. সিন্ধু আৰু শৰৎ কমল।৭
প্ৰতিযোগিতাখনত দুটা পদক লাভ কৰা শ্বুটাৰ মনু ভাকৰ আৰু ফিল্ড হকী দলৰ গ'লৰক্ষক পি. আৰ. শ্ৰীজেশক সামৰণি অনুষ্ঠানৰ পতাকাবাহক হিচাপে নিযুক্তি দিয়া হয়।৮৯
পদক তালিকা
প্ৰতিযোগিতাখনত ভাৰতে এটা ৰূপৰ পদক আৰু পাঁচটা ব্ৰঞ্জৰ পদক লাভ কৰে। শ্বুটাৰ মনু ভাকৰে দুটা পদক লাভ কৰিবলৈ সক্ষম হয়। প্ৰথমবাৰৰ বাবে অলিম্পিক খেলা ২১ বছৰ বয়সৰ অমন শেৰাৱতে এটা ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ আটাইতকৈ কম বয়সীয়া অলিম্পিক বঁটা বিজয়ী ভাৰতীয় ৰূপে পৰিগণিত হয়।
| পদক | নাম | খেল | শাখা | তাৰিখ |
|---|---|---|---|---|
| নীৰজ চোপ্ৰা | এথলেটিকছ | পুৰুষৰ জেভলিন থ্ৰ’ | ৮ আগষ্ট | |
| মনু ভাকৰ | শ্বুটিং | মহিলাৰ ১০ মিটাৰ এয়াৰ পিস্তল | ২৮ জুলাই | |
| মনু ভাকৰ সৰবজ্যোত সিং | শ্বুটিং | ১০ মিটাৰ এয়াৰ পিস্তলৰ মিশ্ৰিত দল | ৩০ জুলাই | |
| স্বপ্নীল কুছালে | শ্বুটিং | ৫০ মিটাৰ ৰাইফল থ্ৰী পজিছন | ১ আগষ্ট | |
| ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দল | ফিল্ড হকী | পুৰুষৰ প্ৰতিযোগিতা | ৮ আগষ্ট | |
| অমন শেৰাৱত | মল্লযুঁজ | পুৰুষৰ ফ্ৰীষ্টাইল ৫৭ কেজি | ৯ আগষ্ট |
তথ্যসূত্ৰ
- ↑ India at the Olympics. Olympedia
- ↑ India – National Olympic Committee (NOC). International Olympic Committee
- ↑ India. Sports Reference
- ↑ (16 July 2024). Participation of Indian contingent in Olympics Games 2024 to be held at Paris, France from 26th July to 11th August 2024. Ministry of Youth Affairs & Sports, Government of India
- ↑ Seo, Raval. (25 July 2024). India at the Paris Olympic Games: A deep dive into the contingent. Taza news
- ↑ (25 July 2024). Gagan Narang Says 'Indian Athletes' Confidence has Reached New High'. News18
- ↑ (24 July 2024). Who is opening ceremony flag bearers. First Post
- ↑ (5 August 2024). Paris Olympics 2024: India's star shooter Manu Bhaker to be flag bearer at Olympics closing ceremony. Mint
- ↑ (8 August 2024). PR Sreejesh Named India's Co-Flag Bearer With Manu Bhaker For Paris Olympics 2024 Closing Ceremony. NDTV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰীষ্মকালীন অলিম্পিক ২০২৪ত ভাৰত” প্ৰবন্ধৰ সংশোধন ৬৩৭০০৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।