শিৱা কেশৱন (Shiva Keshavan; জন্ম: ২৫ আগষ্ট ১৯৮১) এগৰাকী ভাৰতীয় লুজ খেলুৱৈ। তেওঁ শীতকালীন অলিম্পিকত লুজ খেলত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় প্ৰতিনিধি হোৱাৰ লগতে শীতকালীন অলিম্পিকত ১৯৯৮-ৰ পৰা ২০১৮-লৈ তেওঁ ছবাৰ ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ পূৰ্বৰ ১৩১.৯ কিলোমিটাৰ প্ৰতি ঘণ্টা (৮২.০ মাইল প্ৰতি ঘণ্টা) ৰেকৰ্ডক ভাঙি ১৩৪.৩ কিলোমিটাৰ প্ৰতি ঘণ্টা (৮৩.৫ মাইল প্ৰতি ঘণ্টা)-ত এছিয়ান স্পীড ৰেকৰ্ড স্থাপন কৰে আৰু জাপানৰ নাগানোত অনুষ্ঠিত এছিয়ান লুজ কাপত সোণৰ পদক অৰ্জন কৰে। ২০১২ চনত, তেওঁ ৪৯.৫৯০ ছেকেণ্ডত এক নতুন এছিয়ান ট্ৰেক ৰেকৰ্ড স্থাপন কৰে।
কেৰিয়াৰ
কেশৱনে সৰুতে স্কি কৰিছিল আৰু ১৯৯৫ চনত ১৪ বছৰ বয়সত জুনিয়ৰ নেচনেল স্কি চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি জয়ী হৈছিল। ১৫ বছৰ বয়সত তেওঁ বিশ্ব চেম্পিয়ন গান্থাৰ লেমৰেৰৰ দ্বাৰা পৰিচালিত তেওঁৰ বিদ্যালয়ৰ এটা লুজ শিবিৰত অংশগ্ৰহণ কৰিছিল।১ কেশৱনক এজন প্ৰতিশ্ৰুতিশীল যুৱ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় আৰু ১৯৯৮ চনৰ ১৬ বছৰ বয়সত নাগানো শীতকালীন অলিম্পিকত অংশগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে লুজত অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হয়।
২০০২ চনত ইটালীৰ লুজ দলে কেশৱনক তেওঁলোকৰ প্ৰশিক্ষক আৰু প্ৰশিক্ষণৰ সুবিধাৰ সম্পূৰ্ণ ব্যৱহাৰৰ প্ৰস্তাৱ দিছিল যদি তেওঁ ইটালীৰ পতাকাৰ তলত প্ৰতিদ্বন্দিতা কৰে, কিন্তু তেওঁ এই প্ৰস্তাৱ অগ্ৰাহ্য কৰে আৰু ভাৰতৰ হৈ প্ৰতিনিধিত্ব অব্যাহত ৰাখিব বিচাৰে বুলি জনায়।২ তেওঁ কয়, “মোৰ বাবে সপোন আছিল অলিম্পিকক মোৰ চহৰলৈ লৈ যোৱা, আৰু সেইটোৱেই একমাত্ৰ কাৰণ যাৰ বাবে মই খেলি আছোঁ। আমিও ইয়াত আছোঁ বুলি [বিশ্বক] দেখুৱাবলৈ।”
২০১৪ চনত ভাৰতীয় অলিম্পিক সংঘৰ নিলম্বনৰ পাছত কেশৱনে চ'চি শীতকালীন অলিম্পিকত স্বতন্ত্ৰ অলিম্পিক প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে। অৱশ্যে পাছলৈ চ'চি শীতকালীন অলিম্পিকৰ সময়ত ভাৰতীয় অলিম্পিক সংঘই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ দ্বাৰা পুনৰ স্বীকৃত দেশৰ মৰ্যাদা লাভ কৰাৰ ফলত কেশৱনে ভাৰতীয় পতাকাৰ তলত প্ৰতিদ্বন্দ্বিতা কৰে।
২০১৪ চনৰ নবেম্বৰৰ পৰা কেশৱনে ২০১৮ চনৰ পিয়ংচাং শীতকালীন অলিম্পিকৰ বাবে ডানকান কেনেডিৰ অধিনত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। কেশৱনৰ কাৰিকৰী দক্ষতা ব্যৱহাৰ কৰি তেওঁৰ স্লেজ উন্নত কৰিবলৈ ডানকনে কেশৱনৰ ব্যক্তিগত প্ৰশিক্ষক হিচাপে কাম কৰিছিল।
কেশৱনে ২০১৮ চনত তেওঁৰ ষষ্ঠ তথা অন্তিম অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল,৩ য'ত তেওঁ পুৰুষৰ একক প্ৰতিযোগিতাত ৪০জন খেলুৱৈৰ ভিতৰত ৩৪তম স্থান লাভ কৰিছিল।৪
কেশৱনে প্ৰায়ে সাক্ষাৎকাৰত তেওঁৰ কেৰিয়াৰৰ বাবে বিত্তীয় সংগ্ৰামৰ বিষয়ে কয়। কেৰিয়াৰৰ আৰম্ভণিতে, তেওঁ তেওঁৰ খেলিবলৈ স্লেজ ধাৰ লৈছিল। ২০০২ চনৰ মণ্ট্ৰিয়েল শীতকালীন অলিম্পিকত অংশগ্ৰহণ কৰাৰ পাছত তেওঁ চল্ট লেক চিটিলৈ যাত্ৰা কৰে।৩ ২০০৬ চনত পুঁজি নোহোৱাৰ বাবে তেওঁ দুটা ছিজনৰ বাবে প্ৰতিযোগিতাত অংশ লোৱা নাছিল।২ কেশৱনে ২০১৪ চ'চি শীতকালীন অলিম্পিকত অংশ ল'বলৈ ধন আহৰণ ইণ্টাৰনেটত ক্ৰাউডফাণ্ডিং যোগে কৰে, তেওঁৰ ইউনিফৰ্মত ৫০,০০০ দাতাৰ নাম লিখা আছিল।৩
২০১৪ চনত শিৱা কেশৱন অলিম্পিয়ান এছ'চিয়েচন অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক-সভাপতি হয়, যাৰ লক্ষ্য হৈছে ভাৰতত অলিম্পিক আন্দোলনক সমৰ্থন কৰা। শিৱাৰ লক্ষ্য হৈছে এতিয়া ভাৰতত শীতকালীন ক্ৰীড়াৰ প্ৰচাৰ কৰা আৰু সৰ্বোচ্চ পৰ্যায়ত প্ৰতিযোগিতাৰ বাবে অধিক খেলুৱৈ প্ৰস্তুত কৰাৰ এক পৰিৱেশ সৃষ্টি কৰা।
ব্যক্তিগত জীৱন
শিৱা কেশৱনৰ জন্ম হয় ১৯৮১ চনৰ ২৫ আগষ্ট হিমাচল প্ৰদেশৰ মানালীত। তেওঁৰ পিতৃ কেৰালাৰ এগৰাকী ভাৰতীয় আৰু মাতৃ এগৰাকী ইটালিয়ান, ১৯৭০ দশকত হিমালয়ত বেকপেকিং কৰাৰ সময়ত তেওঁলোক দুয়ো লগ পাইছিল। তেওঁৰ পিতৃ-মাতৃয়ে হিমাচল প্ৰদেশত এখন ইটালিয়ান ৰেষ্টুৰেণ্ট চলায়।২ কেশৱনে মানালীতে ডাঙৰ দীঘল হয় আৰু ছানাৱাৰৰ লৰেন্স স্কুলৰ পৰা শিক্ষা লাভ কৰে।৫ তেওঁ স্কুলৰ এগৰাকী প্ৰাক্তন সহপাঠী নমিতা আগৰৱালাক বিয়া কৰায়, যি তেওঁৰ ক্ৰীড়া ব্যৱস্থাপকও। দম্পতীহালৰ এজনী কন্যা সন্তান আছে। তেওঁ ফ্লৰেন্স বিশ্ববিদ্যালয়ত মানৱবিজ্ঞান আৰু ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল আৰু ফ্লৰেন্স বিশ্ববিদ্যালয়ৰ পৰা আন্তৰ্জাতিক সম্পৰ্কত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। প্ৰশিক্ষণৰ অফ-চিজনত তেওঁ ৰোজ গাৰ্ডেন নামৰ তেওঁৰ পিতৃ-মাতৃৰ ৰেষ্টুৰেণ্টত কাম কৰে।২
কেশৱনে ভাৰতত শীতকালীন ক্ৰীড়াৰ প্ৰচাৰত সময় অতিবাহিত কৰে; ২০০৯ চনত কেশৱনে লুজ খেলাৰ কৰিবলৈ আগ্ৰহী যুৱ খেলুৱৈসকলৰ বাবে ভাৰতত এটা তৃণমূল পৰ্যায়ৰ শিবিৰ অনুষ্ঠিত কৰিছিল।৬ জাপানত প্ৰশিক্ষণৰ বাবে জুনিয়ৰ নেচনেল লুজ দল গঠন কৰিবলৈ দহজনক নিৰ্বাচিত কৰা হৈছিল। তেতিয়াৰ পৰা প্ৰায় ২০০ ভাৰতীয় শিশোৱে তেওঁৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাৰ পৰা অৱসৰ লোৱাৰ পিছত কেশৱনে নতুন ভাৰতীয় শীতকালীন খেলুৱৈ উলিয়াই অনাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিকল্পনা কৰিছে।২
কেশৱনে ২০১৪ চনত এক প্ৰশিক্ষণৰ সময়ত তেওঁ স্লেজৰ পৰা পৰি গৈছিল, পিছে তথাপিও পুনৰ উঠি ৰাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল; এই প্ৰশিক্ষণ ৰাণৰ ভিডিঅ'টো ইণ্টাৰনেটত ব্যাপকভাৱে ভাগ-বতৰা কৰা হৈছিল, যাৰ ফলত তেওঁ কিছু খ্যাতি অৰ্জন কৰিছিল।৭৮
বঁটা আৰু কৃতিত্ব
- অৰ্জুন বঁটা, ভাৰত চৰকাৰ, ২০২০; বঁটা লাভ কৰা প্ৰথম শীতকালীন ক্ৰীড়াৰ খেলুৱৈ৯
- এনডিটিভি বছৰটোৰ উৎকৃষ্ট প্ৰদৰ্শক বঁটা বিজয়ী, ২০১২
- এছিয়ান লুজ কাপ – সোণৰ পদক, ২০১১ আৰু ২০১২
- এছিয়ান লুজ কাপ – ৰূপৰ পদক, ২০০৯
- এছিয়ান লুজ কাপ – ব্ৰঞ্জ পদক, ২০০৫ আৰু ২০০৮
- ইতিহাসৰ কনিষ্ঠতম লুজ অলিম্পিয়ান - ১৯৯৮ শীতকালীন অলিম্পিক
- শীতকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় লুজ খেলুৱৈ
তথ্যসূত্ৰ
- ↑ (3 February 1998). OLYMPICS: NAGANO 1998; Teen-Age Luger Carries All of India. New York Times
- ↑ (1 February 2018). The Lonely, Starry-Eyed Mission of India's Sole Luger. New York Times
- ↑ Bhatt, Gaurav. (14 January 2018). Shiva Keshavan: India's lion in winter. The Indian Express
- ↑ (11 February 2018). Luge Result Men's Singles. Olympic.org
- ↑ Shiva Keshavan. india-today.com
- ↑ Bolan, Kim. (2009-11-06). Indian luger Shiva Keshavan defines 'makeshift' for 2010 Games. Vancouver Sun
- ↑ Indian luger Shiva Keshavan crashes, then makes amazing save. NBCOlympics.com
- ↑ Indian Luger Shiva Keshavan becomes overnight Sensation at Sochi. IANS. news.biharprabha.com
- ↑ Dutt, Tushar. ‘Arjuna’ Shiva Keshavan hopes for better days for winter sports
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱা কেশৱন” প্ৰবন্ধৰ সংশোধন ৬১৯০৯৯ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।