অলিম্পিকত ভাৰত
৫ প্ৰবন্ধ
-
গ্ৰীষ্মকালীন অলিম্পিক ২০১২ত ভাৰত
ভাৰতে ইংলেণ্ডৰ লণ্ডনত অনুষ্ঠিত ২০১২ অলিম্পিকত (2012 Summer Olympics) ভাগ লৈছিল। ২০১২ চনৰ ২৭ জুলাইৰ পৰা ১২ আগষ্ট লৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ভাৰতীয় অলিম্পিক সংস্থাই ১৩টা বিভিন্ন শাখাত মুঠ ৮৩জন খেলুৱৈক এই প্ৰতিযোগিতাত ভাগ ল’বলৈ সুবিধা দিছিল।
-
গ্ৰীষ্মকালীন অলিম্পিক ২০২০ত ভাৰত
ভাৰতে জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰে। ২০২০ চনৰ ২৪ জুলাইৰ পৰা ৯ আগষ্টলৈকে অনুষ্ঠিত হ'বলগীয়া ক্ৰীড়া সমাৰোহখন ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ বাবে ২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ পিছুৱাই দিয়া হৈছিল।
-
অলিম্পিকত ভাৰত
ভাৰতে পোনপ্ৰথমবাৰৰ বাবে ১৯০০ চনত অলিম্পিক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল। অকলশৰীয়াকৈ এথলীট নৰ্মান প্ৰিচাৰ্ডে এথলেটিকছত জয় কৰা দুটা ৰূপৰ পদকৰ সৈতে ভাৰত অলিম্পিকত পদক জয় কৰা প্ৰথম এছিয়ান ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল।
-
গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত ভাৰত
ভাৰতে ৫ৰ পৰা ২১ আগষ্ট ২০১৬লৈ ব্ৰাজিলৰ ৰিঅ' দ্য জেনেৰিঅ'ত অনুষ্ঠিত হোৱা ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ১৯০০ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ অংশগ্ৰহণ সম্পৰ্কে আনুষ্ঠানিক বিতাণ্ডা আছে যদিও ১৯২০ চনৰে পৰা অনুষ্ঠিত প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিকতেই ভাৰতে অংশগ্ৰহণ কৰি আহিছে।
-
গ্ৰীষ্মকালীন অলিম্পিক ২০২৪ত ভাৰত
২০২৪ চনৰ ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা ২০২৪ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে অংশগ্ৰহণ কৰে। ১৯২০ চনৰ পৰা গ্ৰীষ্মকালীন অলিম্পিকৰ প্ৰতিটো সংস্কৰণতে ভাৰতীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰি আহিছে আৰু এয়া গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ ২৬ সংখ্যক অংশগ্ৰহণ।