অসমৰ সংগীত
২৯ প্ৰবন্ধ
-
বৰগীত
বৰগীত হৈছে অসমৰ নৱ-বৈষ্ণৱ ধৰ্মীয় পৰম্পৰাত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত, নিৰ্দিষ্ট ৰাগ-আধাৰিত এক স্বকীয় ভক্তিগীত-ধাৰা। ব্ৰজ-ভক্তিৰ আধ্যাত্মিক ভাব, ব্ৰজাৱলী ভাষাৰ বিশেষ ভাষাশৈলী আৰু সত্ৰীয় আচাৰৰ ভিতৰত সীমাবদ্ধ পবিত্ৰ ব্যৱহাৰে বৰগীতক অসমৰ সংগীত-ঐতিহ্যত অনন্য স্থান দিছে।
-
বিহুগীত
বিহুগীত (বা বিহুনাম) অসমৰ বাপতিসাহোন উৎসৱ বিহুৰ সময়ত গোৱা পৰম্পৰাগত লোকগীতসমষ্টি। এই গীতসমূহে বিহু-অনুষ্ঠানৰ আখৰা, নৃত্য, বাদ্য আৰু সামূহিক অংশগ্ৰহণৰ সৈতে একেলগে অসমীয়া জনজীৱনৰ বহু অনুষঙ্গক প্ৰকাশ কৰে।
-
ওজাপালি
ওজাপালি অসমৰ এক অৰ্ধ-নাটকীয় লোকপৰিবেশ্য কলা, য’ত গীত, নৃত্য, আবৃত্তি আৰু কাহিনী-কথন একেলগে সংগঠিত ৰূপত দেখা যায়। ই মহাকাব্য-আশ্ৰয়ী আৰু শাক্ত আখ্যান-আশ্ৰয়ী দুয়ো ধাৰাত বিকশিত হৈ, মন্দিৰ-পূজা আৰু সামাজিক অনুষ্ঠানৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আছে।
-
জিকিৰ
জিকিৰ (Zikir) হৈছে এক প্ৰকাৰৰ ইছলাম ধৰ্মীয় স্তুতি গীত যাৰ দ্বাৰা অসমৰ থলুৱা ইছলাম ধৰ্মী লোক সকলে আল্লাহৰ স্তুতি কৰে। জিকিৰ শব্দটো আৰবী শব্দ ‘জিকিঅৰ’ শব্দৰ পৰা উদ্ভব হৈছে, যাৰ অৰ্থ হ’ল আল্লাৰ নাম স্মৰণ কৰা বা ঘনে ঘনে উচ্চাৰণ কৰা। এয়া ইছলাম ধৰ্মৰ পবিত্ৰ কাম বুলি গণ্য কৰা হয়।
-
আইনাম
আইনাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা প্ৰধান ভাগ৷ লোকগীতবোৰক প্ৰধানত তিনিটা ভাগত ভগাব পাৰি৷ সেয়া হ’ল ক্ৰমে অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক৷ আইনাম, বিয়ানাম, বিহুগীত আদিবোৰ হৈছে অনুষ্ঠানমূলক লোকগীতৰ অন্তৰ্গত৷ আইনাম, সুবচনীৰ গীত, অপেচৰীৰ গীত, লখিমী সবাহৰ গীত, গোসাঁনী পূজাৰ গীত আদি গীতবোৰ…
-
অসমৰ সংগীত
উত্তৰ-পূব ভাৰতৰ অসমৰ সংগীতসমূহ হ’ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত। অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীতসমূহৰ পৰা পৃথক কৰি চিনিব পাৰি। এই সংগীতসমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, থাইলেণ্ড আৰু চীন আদি দেশৰো প্ৰভাৱ দেখা যায়।
-
বিয়া নাম
বিয়ানাম অসমীয়া বিবাহ অনুষ্ঠানত বিভিন্ন সময়ত আয়তী সকলে গোৱা মাংগলিক গীত। এই বিয়া নামবোৰ অসমীয়া লোক সাহিত্যৰ এক অমূল্য সম্পদ। এই বিয়া নামবোৰ বিবাহ অনুষ্ঠানৰ বিভিন্ন সময়ত গোৱা হয়।
-
টোকাৰী গীত
টোকাৰী গীত হ'ল এবিধ অসমীয়া লোকগীত। টোকাৰী বাদ্য সংগত কৰি এই গীত গোৱা হয় বাবে ইয়াক টোকাৰী গীত বোলা হয়। এফালে লোক-বিশ্বাস আৰু আনফালে আধ্যাত্মিক বিশ্বাসক লৈ এই গীতসমূহ ৰচিত হয় আৰু ব্যক্তিভেদে ঠায়ে ঠায়ে এই গীতবোৰে মুখ বাগৰে। টোকাৰী গীত অসমীয়া লোক-সাহিত্যৰ এক বৈশিষ্ট্যপূৰ্ণ কলা।
-
গোৱালপাৰীয়া লোকগীত
গোৱালপাৰীয়া লোকগীত অসম প্ৰধান দুবিধ লোকগীতৰ ভিতৰত অন্যতম। গোৱালপাৰা অঞ্চলত অতীজৰে পৰা এইবিধ গীতৰ চৰ্চা চলি আহিছে। গোৱালপাৰীয়া গীতৰ বিখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰচেষ্টাত এই গীতে ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি পাইছিল।
-
দিহানাম
দিহানাম অসমৰ শংকৰী সংগীতৰ অন্তৰ্গত এবিধ বিশেষ সংগীতশৈলী। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত অন্যান্য ঘোষা-কীৰ্তনৰ দৰেই দিহানামসমূহতো ভগৱানৰ গুণ-নাম-মহিমা কীৰ্তন কৰা হয়। দিহানাম শংকৰদেৱৰ পৰৱৰ্তী কালৰ এক অৱদান হিচাপে অনুমান কৰা হয়।
-
বনঘোষা
বনঘোষা উন্মাদ যৌৱনৰ গীতিব্যঞ্জক অভিব্যক্তি। বনঘোষা পুৰণি কালৰে পৰা অসমত চলি অহা গীত। বিহুগীত আৰু বনঘোষা এই গীত দুটিৰ মাজত পাৰ্থক্য আছে। য’ত বনৰীয়া প্ৰকৃতিৰ প্ৰেমৰ সোৱাদ আছে; যত আছে হাবিয়লীয়া গাঁৱলীয়া ডেকাৰ গাভৰুৰ প্ৰতি ভালপোৱাৰ সংবেদন আৰু মিলনৰ আকাংক্ষা।
-
অসমৰ জাতীয় গীত
অ’ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাসমূহৰ ভিতৰত ই এক অন্যতম কবিতা। অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি "মোৰ দেশ" নামেৰে ১৯১০ চনৰ মে' মাহৰ বাঁহীত (শ্ৰী কৃপাবৰ বৰুৱা ছদ্মনামত) আৰু ১৯১৩ চনত 'কদমকলি' পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল।
-
অসমৰ লোকবাদ্য
অসমীয়া সংস্কৃতিৰ বিভিন্ন উৎসৱ-পাৰ্বণ, নৃত্য-গীত আদিৰ সৈতে পৰম্পৰাগতভাৱে সংগত কৰা বাদ্যযন্ত্ৰসমূহক অসমৰ লোকবাদ্য আখ্যা দিয়া হয়। সাঁচিপাতৰ পুথিবোৰত বাদ্যযন্ত্ৰৰ উল্লেখ আছে। পুৰণি বুৰঞ্জীত পঞ্চশব্দৰ বিৱৰণ আছে। শংখ, মৃদংগ, পাখোৱাজ, দুন্দুভি আৰু ঢোল এই পাঁচোটাক একেলগে পঞ্চশব্দ বোলে।
-
কামৰূপী লোকগীত
কামৰূপী লোকগীত বুলিলে প্ৰাচীন কামৰূপক কেন্দ্ৰ কৰি অসমত যিবোৰ লোক-সংগীত প্ৰচলিত হৈছিল বা বৰ্তমানত চৰ্চা চলিছে সেইবোৰ লোকগীতকে মূলতঃ কামৰূপী লোক-গীতৰ আধাৰত ধৰা হয়৷ তাৰে ভিতৰত ধৰ্মীয় দিশ আৰু সাধাৰণ গ্ৰাম্য জনগণৰ স্বাভাৱিক জীৱনতো প্ৰকাশ পোৱাকৈ কিছুমান বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে।
-
ঐনিতম
ঐনিতম (মিচিং: Oi: Nitom) অসমৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত। ঐনিতমৰ অৰ্থ 'প্ৰিয় জনৰ গীত'। এই শ্ৰেণীৰ গীত মিচিংসকলৰ এক প্ৰমুখ লোকগীত শৈলী হিচাপে বিবেচিত হৈছে। ঐনিতমসমূহত সাধাৰণতে প্ৰেমৰ ভাৱ প্ৰতিস্ফূত হৈ উঠে।
-
জাৰী
জাৰী মুছলমানসকলৰ এবিধ শোক-গাথা। কৰুণ ৰসাত্মক এই গীতত হাছান-হুছেনৰ কাৰবালাত ঘটা কৰুণ কাহিনী বৰ্ণিত হয়। জাৰী শব্দ অৰ্থ শোক কৰা,বেজাৰ কৰা নাইবা কন্দা। সাধাৰণতে মহৰমৰ সময়ত নৃত্য সমদলৰে এই গীত গোৱা হয় যদিও জাৰী গীত গোৱাৰ নিৰ্দিষ্ট বাধা নিষেধ নাই।
-
জ্যোতি সংগীত
জ্যোতি সংগীত বুলিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত অসমীয়া গীতসমূহক বুজা যায়। জ্যোতিপ্ৰসাদৰ হাততে অসমীয়া গীতি-সাহিত্যই পাশ্চাত্য আৰু শাস্ত্ৰীয় প্ৰভাৱৰ পৰা আঁতৰি আহি অসমৰ থলুৱা সুৰ-লয়ক আঁকোৱালি লয়।
-
দেহ বিচাৰ গীত
দেহ বিচাৰ গীত বা দেহবিচাৰৰ গীত অসমীয়া সমাজত প্ৰচলিত আধ্যাত্মিক ভাবযুক্ত তত্ত্বগধুৰ লোকগীতৰ শ্ৰেণী। সাধাৰণতে বৃদ্ধ, ভকত, বৈৰাগী, সন্ন্যাসী, মগনীয়া আদিয়ে দেহ বিচাৰ গীত গায়।
-
নিচুকনি গীত
নিচুকনি গীত বুলিলে সাধাৰণতে কোমলমতি শিশুৰ মন ভুলাই ৰাখিবলৈ বা টোপনি নিয়াবলৈ গোৱা নাতিদীৰ্ঘ অথবা নাতিহ্ৰস্ব গীতকে বুজোৱা হয়। শিশুৰ মানসিক জগত খনৰ সৈতে সংগতি ৰাখি সহজ-সৰল ভাবে এই গীতবোৰ ৰচনা কৰা হয়।
-
ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত
ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত হৈছে এক শ্ৰেণীৰ আখ্যানমূলক গীত। শঙ্কৰদেউ ৰজা কোনো কোনোৰ মতে শঙ্কৰদেউৰ পুত্ৰ মণিকোঁৱৰ আৰু মণিকোঁৱৰৰ পুত্ৰ ফুলকোঁৱৰক মূল চৰিত্ৰ হিচাপে লৈ আৰু মণিকোঁৱৰ আৰু ফুলকোঁৱৰৰ প্ৰেম কাহিনী দুটাক কেন্দ্ৰীয় বিষয়বস্তু হিচাপে লৈ ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত ৰচিত হৈছে।
-
ভটিমা
ভটিমা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱে ৰচনা কৰা গুণ-বৰ্ণনা বা স্তুতি বিষয়ক এক শ্ৰেণীৰ গীত। ভটিমা মানে স্তুতি বা প্ৰশস্তি। ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলক গীতসমূহকে ভটিমা বোলে। ভটিমা সমূহ সামান্যভাবে সুৰ লগাই গালেও সম্পূৰ্ণ গীত-ধৰ্মী নহয়।
-
নাহৰৰ গীত
নাহৰৰ গীত হৈছে অসমৰ প্ৰাচীন বুৰঞ্জীমূলক এক শ্ৰেণীৰ জনপ্ৰিয় কাহিনী গীত। আহোম স্বৰ্গদেউ চুকাফাৰ ৰাণী কাঞ্চনীৰ লগত নাহৰ নামৰ ডেকা এজনৰ গোপন প্ৰণয়েই এই গীতৰ ঘাই উপজীব্য। নাহৰৰ কৰুণ কাহিনীক লৈ নাহৰ-চেনামুৱাৰ গীত ৰচিত হ'ল।
-
বাৰমাহী গীত
বাৰমাহী গীত হৈছে এবিধ মালিতা। ই বৰ্ণনামূলক গীত। মালিতাৰ অন্য নাম বেলাড। 'ফুলমতী কন্যাৰ শান্তি বাৰমাহী গীত','শান্তি বাৰমাহী','মধুমতী গীত' আদি হৈছে কিছুমান বাৰমাহী গীতৰ উদাহৰণ।
-
বদন বৰফুকনৰ গীত
বদন বৰফুকনৰ গীত এটা অসমীয়া কাহিনীগীত বা মালিতা। গীতটিৰ কাহিনীটো ঐতিহাসিক। এই গীতটি আহোম ৰাজত্বকালৰ ঘটনাক কেন্দ্ৰ কৰি ৰচনা কৰা। বৰফুকনৰ গীতটি সম্পূৰ্ণৰূপত উদ্ধাৰ কৰা হৈছে।
-
বাম্বোলপিটা গীত
বাম্বোলপিটা গীত ভাদমাহৰ পূৰ্ণিমা তিথিত গৰখীয়াসকলে গোৱা এক বিশেষ শ্ৰেণীৰ গীত। দৰং জিলাৰ পশ্চিম অঞ্চলত বিশেষকৈ হালধা, বিষ্ণুপুৰ, বুঢ়া, কুঁহিয়াৰকুছি, বামুনঝাৰ, খৈৰাবাৰী আদি অঞ্চলত ইয়াৰ প্ৰভাৱ বেছি দেখিবলৈ পোৱা গৈছিল। কোনো কোনো অঞ্চলত বাম্বোলপিটাক বাম্বোল খেদা বা হেপৰপিটা গীত বুলিও জনা যায়।
-
হিড়া নাম
হিড়া নাম বা হিৰা নাম আৰু হিয়া নাম হৈছে অসমৰ সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ “নাম-প্ৰসঙ্গ”ৰ এটা প্ৰকাৰ। সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ নাম হৈছে: দিহা নাম, প্ৰসঙ্গীয়া নাম, পাল নাম, আৰু হিড়া নাম মতান্তৰত “প্ৰসঙ্গ-নাম”ৰ পাঁচটা ভাগো পোৱা যায়।
-
হোলীগীত
হোলীগীত হৈছে বৰপেটাৰ দৌল উৎসৱৰ সময়ত গোৱা গীতসমূহ৷ দৌল অহাৰ প্ৰায় বহু আগৰে পৰাই বৰপেটাৰ হাটীসমূহত হোলীগীতৰ আখৰা চলে৷ দৌলৰ সময়ত সকলোৱে খুটিতাল, পাতিতাল, ঢোল আদি লৈ হোলী গীত গায় আৰু ফাকু খেলে৷
-
চ'ৰে পূজাৰ গীত
চ'ৰে পূজাৰ গীত হ'ল অসমৰ হাজো অঞ্চলত প্ৰচলিত এটি পৰম্পৰাগত নাৰীকেন্দ্ৰিক উৎসৱ চ'ৰে পূজাত গোৱা গীত। কুমাৰী ছোৱালীহঁতে একোজন সুস্থ-সৱল স্বামী লাভৰ মানসেৰে এই পূজা কৰে। চ'ৰে পূজাৰ গীতসমূহ হাজো অঞ্চলৰ নাৰীসকলৰ একচেতীয়া সম্পদ। গীতসমূহ নাৰী হৃদয়ৰ আনন্দ-ব্যথা, বিশ্বাস-আস্থা, সাহস আৰু সৌন্দৰ্য্যৰ প্ৰতীক।
-
ঝালিমাটিৰ গান
ঝালিমাটিৰ গান গোৱালপাৰাৰ বিভিন্ন অঞ্চলত প্ৰচলিত এবিধ লোকগীত। ইয়াৰ মানুহৰ মৃত্যু, শৱযাত্ৰা, শৱদাহন, শ্ৰাদ্ধ আদি প্ৰেতাদি কৰ্মকাণ্ডৰ সৈতে সম্পৰ্ক আছে। গোৱালপাৰা জিলাৰ ঠাইবিশেষে ইয়াক বড় পুৰাণ, সংকীৰ্তন আদি নামেৰেও জনা যায়। এই গীতসমূহ আধ্যাত্মিক তত্ত্বমূলক কৰুণ-ভক্তিৰসেৰে সমৃদ্ধ।