শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
৪ প্ৰবন্ধ
-
গৌতম ঘোষ
গৌতম ঘোষ (Goutam Ghose); জন্ম ২৪ জুলাই ১৯৫০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সংগীত পৰিচালক আৰু চিনেমাটোগ্ৰাফাৰ যিজনে মূলতঃ বাংলা ভাষাৰ চিনেমাত কাম কৰে। ১৯৯৭ চনত ইটালীৰ "ভিটৰিঅ' ডি চিকা" বঁটা লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয়।
-
মৃণাল কান্তি দাস
মৃণাল কান্তি দাস (Mrinal Kanti Das, ৩০ অক্টোবৰ, ১৯৬৫ - ৩ ছেপ্টেম্বৰ ২০০৪) এগৰাকী চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ পৰিচালক। পুণে ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ স্নাতক মৃণাল কান্তি দাসে কেবাখনো অসমীয়া ছবিৰ চিত্ৰগ্ৰহণকাৰী হিচাপে কাম কৰাৰ লগতে দূৰদৰ্শন ধাৰাবাহিকৰ পৰিচালক হিচাপেও কাম কৰিছিল।
-
গোবিন্দ নিহলানী
গোবিন্দ নিহলানী (Govind Nihalani; ১৯ ডিচেম্বৰ ১৯৪০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিনেমাটোগ্ৰাফাৰ, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক; বিশেষকৈ সমান্তৰাল হিন্দী চিনেমা আন্দোলনৰ বাবে তেওঁ পৰিচিত। তেওঁ ছটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আৰু পাঁচটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
থম্পু (চলচ্চিত্ৰ)
থম্পু (Thampu) হৈছে ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত জি. অৰবিন্দনৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন মালায়ালম ভাষাৰ চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনত ভাৰত গোপী, নেডুমুডি ভেণু, ভি. কে. শ্ৰীৰামন, জলজা আৰু গ্ৰেট চিত্ৰা চাৰ্কাছৰ শিল্পীসকলে অভিনয় কৰিছে।