অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুদ্ৰমা দেৱী

ৰুদ্ৰমা দেৱী ( Rudrama Devi ) ১২৬৩ খ্ৰীষ্টাব্দৰ পৰা ১২৮৯ খ্ৰীষ্টাব্দলৈ (বা ১২৯৫ খ্ৰীষ্টাব্দ) তেওঁৰ মৃত্যু পৰ্যন্ত দাক্ষিণাত্য মালভূমিৰ কাকতীয় ৰাজবংশৰ শাসক আছিল। তেওঁক ৰুদ্ৰদেৱ মহাৰজা, ৰাণী ৰুদ্ৰমা বা ৰুদ্ৰমা দেৱী নামেৰেও জনা যায়। ভাৰতৰ অলপ সংখ্যক ৰাজ্য শাসন কৰা মহিলাৰ তেওঁ অন্যতম আছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ২৮৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰুদ্ৰমা দেৱী ( Rudrama Devi ) ১২৬৩ খ্ৰীষ্টাব্দৰ পৰা ১২৮৯ খ্ৰীষ্টাব্দলৈ (বা ১২৯৫ খ্ৰীষ্টাব্দ) তেওঁৰ মৃত্যু পৰ্যন্ত দাক্ষিণাত্য মালভূমিৰ কাকতীয় ৰাজবংশৰ শাসক আছিল। তেওঁক ৰুদ্ৰদেৱ মহাৰজা, ৰাণী ৰুদ্ৰমা বা ৰুদ্ৰমা দেৱী নামেৰেও জনা যায়। ভাৰতৰ অলপ সংখ্যক ৰাজ্য শাসন কৰা মহিলাৰ তেওঁ অন্যতম আছিল। ৰাজ্য শাসন কৰাৰ উদ্দেশ্যে তেওঁ নিজকে এজন পুৰুষ হিচাপে প্ৰচাৰ কৰিছিল।১ ১২৮৯ বা ১২৯৫ চনত তেওঁৰ মৃত্যু হয়। এইটো এটা লক্ষণীয় পৰিৱৰ্তন আছিল আৰু ইয়াক তেওঁৰ উত্তৰাধিকাৰী আৰু পিছৰ বিজয়নগৰ সাম্ৰাজ্যৰ দ্বাৰাও অনুসৰণ কৰা হৈছিল।২৩

পৰিয়াল আৰু উত্তৰাধিকাৰ

ৰুদ্ৰমা দেৱীয়ে প্ৰায় ১২৪০ খ্ৰীষ্টাব্দত চালুক্য সাম্ৰাজ্যৰ এটা সৰু শাখাৰ শাসক বীৰভদ্ৰক বিয়া কৰাইছিল। সামৰিক মিত্ৰতাৰ অংশ ৰূপে তেওঁৰ পিতৃয়ে এই বিবাহৰ আয়োজন কৰিছিল।৪ বীৰভদ্ৰই ৰুদ্ৰমাৰ প্ৰশাসনত কোনো হস্তক্ষেপ কৰা নাছিল। এই দম্পত্তিহালৰ দুজনী তোলনীয়া জীয়েক আছিল।৩ ৰুদ্ৰমা দেৱীয়ে সম্ভৱতঃ ১২৬১ খ্ৰীষ্টাব্দৰ পৰা ১২৬২ খ্ৰীষ্টাব্দলৈ পিতৃ গণপতিদেৱৰ সৈতে যুটীয়াভাবে ৰাজ্যৰ শাসন চলাইছিল। ১২৬৩ খ্ৰীষ্টাব্দত তেওঁ সাৰ্বভৌম শাসক হৈছিল।৫ পূৰ্বৱৰ্তী শাসকসকলে কেবল অভিজাসকলৰ পৰাহে সেনা নিয়োগ কৰাৰ বিপৰীতে, তেওঁ সাধাৰণ মানুহৰ মাজৰ পৰা সেনা নিয়োগ কৰিছিল আৰু সেনাবাহিনীৰ সদস্যসকলৰ সেৱাৰ মূল্য হিচাপে ভূমি কৰ ৰেহাই দিছিল।

ৰুদ্ৰমাই ৰাজত্বৰ আৰম্ভণিতে পূব গঙ্গা সাম্ৰাজ্য আৰু দেৱনাগিৰিৰ যাদৱসকলৰ দ্বাৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ১২৭০ দশকৰ পিছৰ ফালে পূব গঙ্গা সাম্ৰাজ্যক তেওঁ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল আৰু গোদাৱৰী নদীৰ সিপাৰলৈ পশ্চাদপসৰণ কৰিবলৈ বাধ্য কৰিছিল। তেওঁ যাদৱসকলকো পৰাজিত কৰি অন্ধ্ৰৰ পশ্চিমাঞ্চলৰ অপসাৰিত কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে তেওঁ ১২৭৩ খ্ৰীষ্টাব্দৰ কায়স্থ সেনাপতি অম্বাদেৱৰ দ্বাৰা সৃষ্ট আভ্যন্তৰিণ কন্দলৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হোৱা নাছিল। অম্বাদেৱে কাকতীয়সকলৰ অধীনস্থ হৈ থাকিবলৈ আপত্তি কৰিছিল আৰু দক্ষিণ পশ্চিম অন্ধ্ৰৰ বৃহৎ অঞ্চলত, নিজৰ প্ৰভূত্ব সাব্যস্ত কৰিছিল, যিটো এতিয়া গুণ্টুৰ জিলাৰ নামেৰে পৰিচিত।৬

ৰুদ্ৰমাই সম্ভৱতঃ ১২৮৯ খ্ৰীষ্টাব্দত অম্বাদেৱৰ সৈতে হোৱা যুদ্ধত ঢুকাইছিল, যদিও কিছুমান উৎসৰ মতে ১২৯৫ খ্ৰীষ্টাব্দলৈ তেওঁৰ মৃত্যু হোৱা নাছিল।

ৰুদ্ৰমা দেৱীৰ পিছত তেওঁৰ এজনী জীয়েকৰ পুত্ৰ প্ৰতাপৰুদ্ৰ ৰজা হৈছিল। প্ৰতাপৰুদ্ৰই উত্তৰাধিকাৰ সূত্ৰে যিখন ৰাজ্য পাইছিল, সেইখন ৰুদ্ৰমাই ৰাজপাটত উঠাৰ সময়ত পোৱা ৰাজ্যখনতলৈ সৰু আছিল।৩

জনপ্ৰিয় সংস্কৃতিত

২০১৫ চনত চলচ্চিত্ৰ নিৰ্মাতা গণশেখৰে ৰুদ্ৰমাৰ জীৱনৰ আধাৰত ৰুদ্ৰমাদেৱী নামেৰে তেলুগু ভাষাৰ ছবি এখন নিৰ্মাণ কৰে; য’ত অভিনয় কৰিছিল অনুষ্কা শেট্টী, অল্লু অৰ্জুন, ৰাণা দাগ্গুৱতী আৰু কৃষ্ণণ ৰাজুৱে।৭

পেনিনচুলা পিকচাৰ্চে ষ্টাৰ মা চেনেলৰ বাবে ৰুদ্ৰমাদেৱী নামৰ টেলিভিচন ধাৰাবাহিক এখন নিৰ্মাণ কৰিছিল।৮

তথ্য উৎস

টোকাউদ্ধৃতি

তথ্যসূত্ৰ

  1. ↑ Ramusack, Barbara N.; Sievers, Sharon L. (1999). Women in Asia: Restoring Women to History. Indiana University Press. পৃ. 37. ISBN 978-0-25321-267-2
  2. ↑ Talbot, Cynthia. (2001). Precolonial India in Practice: Society, Region, and Identity in Medieval Andhra. Oxford University Press. পৃ. 158. ISBN 978-0-19516-661-6
  3. ↑ Smith, Bonnie G. (2008). The Oxford Encyclopedia of Women in World History. Oxford University Press, USA. পৃ. 612. ISBN 978-0-19514-890-9
  4. ↑ Talbot, Cynthia. (2001). Precolonial India in Practice: Society, Region, and Identity in Medieval Andhra. Oxford University Press. পৃ. 155–156. ISBN 978-0-19513-661-6
  5. ↑ Talbot, Cynthia. (2001). Precolonial India in Practice: Society, Region, and Identity in Medieval Andhra. Oxford University Press. পৃ. 273. ISBN 978-0-19513-661-6
  6. ↑ Talbot, Cynthia. (2001). Precolonial India in Practice: Society, Region, and Identity in Medieval Andhra. Oxford University Press. পৃ. 133–134. ISBN 978-0-19513-661-6
  7. ↑ (6 October 2012). Anushka to do a Tamil-Telugu period film?. Times of India
  8. ↑ Rani Rudrama Devi to begin on Star Maa. Telugu Cinema

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ শাসকপ্ৰাচীন ভাৰতৰ নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুদ্ৰমা দেৱী” প্ৰবন্ধৰ সংশোধন ৩৮৩৫৬৯ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।