অসমৰ বাদ্যযন্ত্ৰ
১৯ প্ৰবন্ধ
-
বাঁহী
বাঁহী অসমৰ লোকসংস্কৃতি আৰু বৈষ্ণৱ পৰম্পৰাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত এক মুখে ফুঁ দি বজোৱা বাদ্যযন্ত্ৰ। নাম, গঠন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত বৈচিত্ৰ থাকিলেও বিহু, ভাওনা, ৰাস-উৎসৱ, লোকগীত আদি বহু পৰিসৰত ই স্থায়ী স্থান লাভ কৰিছে।
-
খোল
খোল হৈছে পূৱভাৰতত বিশেষকৈ নাম-কীৰ্তন আৰু শংকৰী সংস্কৃতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এক ধ্বনিতাল বাদ্যযন্ত্ৰ। মৃদঙ্গৰ আধুনিক ৰূপ বুলি ধৰা এই বাদ্য অসম, বঙ্গ, মণিপুৰ আৰু উৰিষ্যাত বহুল প্ৰচলিত, আৰু বৰগীত–সত্ৰীয়া পৰম্পৰাত ই অপৰিহাৰ্য।
-
ম'হৰ শিঙৰ পেঁপা
ম’হৰ শিঙৰ পেঁপা অসমীয়াসকলৰ ফুঁ দি বজোৱা পৰম্পৰাগত সুৰ-বাদ্যযন্ত্ৰ, যাৰ মুখ্য অনুনাদক অংশ ম’হৰ শিঙেৰে নিৰ্মিত। বিহুসমেত বিয়া-আনন্দোৎসৱ আৰু আধুনিক মঞ্চ-অনুষ্ঠানলৈকে ইয়াৰ ব্যৱহাৰ বিস্তৃত, আৰু গুটীয়া (গোৱাল) আৰু যুৰীয়া—এই দুটা মুখ্য প্ৰকাৰ পোৱা যায়।
-
গগনা
গগনা অসমীয়া মানুহৰ এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী বাদ্যযন্ত্ৰ। অসমৰ বিহুগীত আৰু বিহুনৃত্যত গগনা বজোৱা হয়৷ ই এক বাঁহেৰে নিৰ্মিত জৱ'চ হাৰ্প। অসমৰ লোক-সংস্কৃতিত গগনাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। গগনাক ওঁঠেৰে চেপি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। গগনাৰ মাত বৰ মিঠা আৰু মিহি।
-
টোকাৰী
টোকাৰী আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ। অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰজাতীয় বাদ্যযন্ত্ৰ সমূহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই অধিক বুলি শুনা যায়।
-
তাল (বাদ্যযন্ত্ৰ)
তাল এবিধ ঘূৰণীয়া আৰু চেপেটা কাঁহ বা পিতলৰে নিৰ্মিত এবিধ বাদ্যযন্ত্ৰ। এইবিধ বাদ্য নৃত্য-গীতত তাল ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য'ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে।
-
টকা (বাদ্য)
টকা (বাদ্য) হৈছে অসমৰ লোক বাদ্য সমূহৰ ভিতৰত অতি পৰিচিত আৰু সহজে পোৱা বাদ্য টকা। টকা বিহুৰ এক অপৰিহাৰ্য্য অংগ। এই বাদ্যৰ ব্যৱহাৰ অতি সহজ। টকা বাঁহেৰে নিৰ্মিত হোৱাৰ বাবে এই বাদ্যটি অতি সুলভ। বিহু নামৰ প্ৰাথমিক তাল আছিল হাতচাপৰি, আৰু কালক্ৰমত হাতপৰিৰ চন্দকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হ’ল।
-
অসমৰ লোকবাদ্য
অসমীয়া সংস্কৃতিৰ বিভিন্ন উৎসৱ-পাৰ্বণ, নৃত্য-গীত আদিৰ সৈতে পৰম্পৰাগতভাৱে সংগত কৰা বাদ্যযন্ত্ৰসমূহক অসমৰ লোকবাদ্য আখ্যা দিয়া হয়। সাঁচিপাতৰ পুথিবোৰত বাদ্যযন্ত্ৰৰ উল্লেখ আছে। পুৰণি বুৰঞ্জীত পঞ্চশব্দৰ বিৱৰণ আছে। শংখ, মৃদংগ, পাখোৱাজ, দুন্দুভি আৰু ঢোল এই পাঁচোটাক একেলগে পঞ্চশব্দ বোলে।
-
দোতোৰা
দোতোৰা, দোতৰা বা দোতাৰা আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ। সাধাৰণতে ইয়াত দুডাল গুণা লগোৱা থাকে বাবে ইয়াক দোতাৰা বোলে যদিও ইয়াৰ চাৰিডাল বা পাঁচডাল গুণা থকাও দেখা যায়। দক্ষিণ এছিয়া দোতাৰাৰ উৎপত্তিস্থল।
-
বীণ
বীণ এডাল তাঁৰত ৰেপি বজোৱা বাদ্য। ই তত বাদ্যৰ অন্তৰ্গত। তাঁৰৰ সলনি অসমীয়া বীণত মুগাৰ সূতাহে ব্যৱহাৰ কৰা হয়। সাধাৰণতে নাৰিকলৰ খোলা, মাটিৰ খোলা, আৰু কাঠ বা বাঁহৰ সৰু খোলাৰ মুখ ভাগ ভেকুলী বা গুঁইৰ ছালেৰে বন্ধ কৰি সেই খোলাৰ লগত প্ৰায় ডেৰ ফুটৰ এডাল কাঠ সংযোগ কৰা হয়।
-
সুতুলী
সুতুলী মাটিৰে নিৰ্মিত এটি সুষিৰ বাদ্য। বিশেষকৈ কেঁকুৰা গাতৰ মাটি সুতুলি সাজোঁতে ব্ইযৱহাৰ হয়। ধৰণৰ বাদ্য বিলাকত জীৱ জন্তু বা পক্ষীৰ মাতৰ অনুকৰণত বাঁহীৰ দৰে সুৰ বজোৱা হয়। সুতুলীৰ মাতত বৰষুণ আহে বুলিও অসমীয়া জনসমাজত এক লোকবিশ্বাস প্ৰচলিত আছে।
-
কৰতাল
কৰতাল প্ৰায় ৮ ইঞ্চি দীঘল গুৰি বাঁহ এপাব ফালি চাৰিডোখৰ কৰি তাৰে কৰতাল ভাগৰপৰা দুয়ো মূৰে ক্ৰমে সৰুকৈ চাঁচি লোৱা হয়। দুয়োখন হাতত দুপাতকৈ এই বাঁহ কেইচটাই লৈ কৌশলেৰে কলাপূৰ্ণভাৱে বাঁহ কেইচটাই পৰস্পৰে আঘাত কৰাকৈ হাত দুখন মেলি আৰু জপাই কৰতাল বজাব পাৰি।
-
ভোৰতাল
অসমৰ লোকবাদ্যসমূহৰ মাজত কাহ ধাতুৰে তৈয়াৰী ঘন বাদ্যবোৰৰ ভিতৰত ভোৰতাল অন্যতম। এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য’ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে। ভোৰতালৰ ওজন সাধাৰণতে ২.৫ কিলোগ্ৰামৰ পৰা ৬.৫ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু বহলে প্ৰায় ৪৫ ছেমিৰ পৰা ৬০ ছেমিলৈ থাকে।
-
একতাৰা
একতাৰা তত বাদ্যৰ অন্তৰ্গত। একতাৰাৰ আন এটি নাম লাওটোকাৰী। ইয়াৰ নিৰ্মাণ প্ৰণালী এনেধৰণৰ- পানী লাওৰ খোলা এটাৰ এমূৰে ঘূৰণীয়াকৈ কাটি এপাব বাঁহৰ এটা মূৰে গাঁঠি ৰাখি বাকী ফলা কামি দুচটাক খোলাটোত বান্ধি লোৱা হয়।
-
বিহুৰ বাদ্যযন্ত্ৰ
বিস্তাৰিত: অসমৰ লোকবাদ্য বিহু সংগীতময় উৎসৱ, সেয়ে বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্বও অপৰিসীম। বিহু উৎসৱ বহু বিৱৰ্তন, পৰিবৰ্তনৰ মাজেৰে আহি আজিৰ এই ৰূপ পাইছেহি। গছৰ তলত মুকলি মনেৰে আনন্দ কৰি পতা বিহু বৰ্তমান পেচাদাৰী শিল্পীৰ মঞ্চৰ বিহু হৈছেহি।
-
অসমৰ ঢোল
ঢোল অসমৰ জনসংস্কৃতিৰ এবিধ গুৰুত্বপূৰ্ণ বাদ্য যন্ত্ৰ। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্টগত বাদন প্ৰণালী আছে। ঢোলৰ আন দুটা নাম হৈছে খাম আৰু মাদল। খাম মূলত চীনা-তিব্বতীয় তিব্বতীয়-বাৰ্মীয় ভাষাৰ শব্দ।
-
খঞ্জৰী
খঞ্জৰী হৈছে তালৰ এবিধ প্ৰকাৰ। ছয় বা সাত ইঞ্চিমান ব্যাসৰ কাঠৰ খোলা এটাৰ এফালে চামৰাৰে ছোৱা হয়। খোলটো তিনি বা চাৰি ইঞ্চি ডাঠ কৰি ল’ব লাগে। এই খোলাটো কাঠৰ পাৰটোত বিন্ধা কৰি ধাতুৰ সৰু সৰু তাল তিনি বা চাৰিখনকৈ একেলগ কৰি তাঁৰৰ শলাৰে বান্ধি ৰখা হয়।
-
ডবা
ডবা (Doba) হৈছে অসমৰ নামঘৰ আৰু সত্ৰ আদিত ব্যৱহৃত এক বৃহৎ আকাৰৰ পৰম্পৰাগত ঢোল বা নেগেৰা সদৃশ বাদ্য। ই মেমব্ৰেন'ফোন শ্ৰেণীৰ অন্তৰ্গত, ইয়াৰ খোলাটো মাটি, কাঠ বা ধাতুৰে নিৰ্মিত আৰু ইয়াক জন্তুৰ ছালেৰে আবৃত কৰা হয়।
-
দুন্দুভি
দুন্দুভি পুৰণি ভাৰতীয় বাদ্যৰ ভিতৰত প্ৰখ্যাত। বৈদিক অনুষ্ঠানসমূহত দুন্দুভিক প্ৰাধান্য দিয়াটো তাৎপৰ্যপূৰ্ণ। অথৰ্ববেদত এই বাদ্যক উদ্দেশ্যি এটা স্তৱক ৰচনা কৰা হৈছে। হৰিণাৰ ছালেৰে আবৃত দুন্দুভিৰ ধ্বনিৰে দেৱতাসকলে শত্ৰুৰ অন্তৰত ত্ৰাসৰ সঞ্চাৰ কৰি সিহঁতক পৰাজিত কৰিবলৈ সমৰ্থ হৈছিল।