ভাৰতৰ নৃত্য
১৯ প্ৰবন্ধ
-
তাণ্ডৱ
তাণ্ডৱ বা তাণ্ডৱম বা তাণ্ডৱ নাট্যম (Tandava) হিন্দু দেৱতাসকলে কৰা এক মহাজাগতিক ঐশ্বৰিক নৃত্য। হিন্দু শাস্ত্ৰসমূহত উল্লিখিত অনুসৰি দেৱতাসকলে বিভিন্ন অনুষ্ঠানত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল। ভাগৱত পুৰণত ভগৱান শ্ৰীকৃষ্ণয়ে সৰ্পৰাজ কালিয়াৰ মূৰৰ ওপৰত তাণ্ডৱ নৃত্য কৰিছিল।
-
নটৰাজ
নটৰাজ (Nataraja, நடராஜா) বেশত শিৱৰ মূৰ্তি অত্যন্ত জনপ্ৰিয়। শিৱ সহস্ৰনামত শিৱৰ নৰ্তক আৰু নিত্যনৰ্ত নামদুটা পোৱা যায়। পৌৰাণিক যুগৰ পৰাই নৃত্য আৰু সঙ্গীতৰ লগত শিৱৰ যোগ বিদ্যমান। সমগ্ৰ ভাৰততে, বিশেষত: তামিলনাডুত, নটৰাজৰ নিকটৱৰ্তী নৃত্যমূৰ্তি নামৰ শিৱৰ নানান নৃত্যৰত মূৰ্তি সমগ্ৰ ভাৰতবৰ্ষতে পোৱা যায়।
-
লাস্য
লাস্য (Lasya) হিন্দু শাস্ত্ৰ অনুসৰি দেৱী পাৰ্বতীয়ে কৰা একপ্ৰকাৰ মহাজাগতিক স্বৰ্গীয় নৃত্য। প্ৰাচীন শ্ৰেণীবিভাজন অনুসৰি নৃত্যৰ দুটা মুখ্য শৈলী হৈছে তাণ্ডৱ আৰু লাস্য। ভগৱান শিৱয়ে তাণ্ডৱ নৃত্য কৰে আৰু ই সাহস, শক্তি, তীব্ৰ আৰু পুংলিংগক সূচায়।
-
দেৱদাসী নৃত্য
বিস্তাৰিত: দেৱদাসী মন্দিৰৰ দেৱতাৰ সন্তুষ্টিৰ বাবে মন্দিৰ বিশেষে এক শ্ৰেণীৰ নৰ্ত্তকী ছোৱালী নিয়োগ কৰা হৈছিল। তেওঁলোকক দেৱদাসী (দেৱতাৰ দাসী) বোলা হৈছিল আৰু তেওঁসকলে কৰা নৃত্য দেৱদাসী নৃত্য নামেৰে জনা গৈছিল।
-
মুজ্ৰা
মুজ্ৰা (Mujra) হৈছে মোগল ৰাজত্ব কালত উত্থান ঘটা মহিলাৰ দ্বাৰা পৰিৱেশিত নৃত্য প্ৰদৰ্শন, য'ত ভাৰতীয় সমাজৰ অভিজাত বৰ্গ আৰু নৱাবসকলৰ দৰে স্থানীয় শাসকসকলে নিশা নিজৰ মনোৰঞ্জনৰ বাবে সঘনে গণিকাসকলক ব্যৱহাৰ কৰিছিল। ক্ষয়িষ্ণু মোগল সাম্ৰাজ্যৰ পতনৰ বছৰতে এই প্ৰবৃত্তি ক্ৰমবৰ্ধমান ভাৱে স্পষ্ট হৈ পৰিছিল।
-
কুম্মাট্টিকলি
কুম্মাট্টিকলি (ইংৰাজী: Kummattikali) হৈছে কেৰালাৰ এক বিখ্যাত আৰু ৰঙীন মুখা-নৃত্য। এই নৃত্য প্ৰধানকৈ ত্ৰিছূৰ জিলা, পালক্কাড জিলা আৰু দক্ষিণ মালাবাৰৰ কিছু অংশত প্ৰচলিত। ওনাম উৎসৱৰ সময়ত কুম্মাট্টিকলি শিল্পীসকলে মানুহৰ ঘৰে ঘৰে গৈ সৰু সৰু উপহাৰ সংগ্ৰহ কৰে আৰু লোকসকলক মনোৰঞ্জন প্ৰদান কৰে।
-
ত্ৰিভংগ
ত্ৰিভংগ (Tribhanga) পৰম্পৰাগত ভাৰতীয় কলা আৰু ওড়িছী নৃত্য ভাৰতীয় শাস্ত্ৰীয় নৃত্যপ্ৰকাৰত ব্যৱহৃত এক ভংগীমা বা শৰীৰৰ স্থিতি। এই ভংগীমাত শৰীৰ আঁঠুৰ ফালে এটা দিশত কঁকালত আৰু তাৰ পিছত পুনৰ কান্ধ আৰু ডিঙিত আনটো দিশত বেঁকা হৈ শৰীৰৰ তিনিটা ভাঁজৰ সৃষ্টি কৰে।
-
কন্যাৰকালি
কন্যাৰকালি (Kanniyar Kali; കന്നിയാർ കളി) হ’ল কেৰালাৰ পলক্কাদ জিলাৰ, চিট্টুৰ তালুকৰ গাঁৱৰ মন্দিৰবোৰত অনুষ্ঠিত হোৱা এটা লোকনৃত্য। অনুষ্ঠানটো সাধাৰণতে গাঁৱৰ বিষু উৎসৱৰ এটা অংশ আৰু ‘ভেলা’ৰ (গ্ৰাম্যমেলা) সৈতে সংগতি ৰাখি এপ্ৰিল-মে’ মাহত অনুষ্ঠিত কৰা হয়।
-
কেৰালা নটনম
কেৰালা নটনম (, অৰ্থাৎ কেৰালা নৃত্য এক নতুন নৃত্য শৈলী। ইয়াক বৰ্তমান এক সুকীয়া কলা হিচাপে স্বীকৃতি দিয়া হৈছে। এই কলাবিধ ভাৰতীয় নৃত্য-নাটিকাৰ এটা ৰূপ কথাকলিৰ পৰা বিকশিত হৈছে।
-
মণিপুৰী সংকীৰ্তন
মণিপুৰী সংকীৰ্তন (Manipuri Sankirtana) হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজহুৱা মন্দিৰসমূহত আৰু ব্যক্তিগত স্থানত কৰা একপ্ৰকাৰৰ পাৰম্পৰিক নাট্য। ইয়াত ধৰ্মীয় ৰীতি-নীতি, গীত, বাদ্য আৰু নৃত্যৰ সমলয়ত প্ৰদৰ্শন কৰা হয়। সংকীৰ্তনৰ জৰিয়তে অতুলনীয় ধৰ্মীয় ভক্তি আৰু শক্তি প্ৰদৰ্শন কৰা হয়।
-
পন্থী নৃত্য
পন্থী নৃত্য ছত্তীছগঢ়ৰ সৎনামী সম্প্ৰদায়ৰ প্ৰধান নৃত্য। এই লোকনৃত্যত গভীৰ আধ্যাত্মিকতা আছে আৰু ভক্তৰ ভাৱনাৰ জোৱাৰো আছে। পন্থী সৎনামী জাতিৰ লোকসকলৰ পাৰম্পৰিক নৃত্য, যিসকল সৎনাম পন্থৰ অনুগামী হয়। এই পন্থৰ স্থাপনা ছত্তীছগঢ়ৰ গুৰু ঘাসীদাসে কৰিছিল। পন্থী গীতত গুৰু ঘাসীদাসৰ চৰিত্ৰ বৰ্ণন কৰি গোৱা হয়।
-
ভাগৱত মেলা
ভাগৱত মেলা ভাৰতৰ এক ধ্ৰুপদী নৃত্য, যিটো তামিলনাডুত, বিশেষকৈ থাঞ্জাৱুৰ অঞ্চলত পৰিৱেশন কৰা হয়। ইয়াক মেলাটুৰ আৰু ওচৰৰ অঞ্চলত বাৰ্ষিক বৈষ্ণৱ ধৰ্মৰ পৰম্পৰা হিচাপে নৃত্য পৰিচালনা কৰা হয় আৰু নৃত্য-নাটক পৰিবেশন কলা হিচাপে উদস্থাপন কৰা হয়।
-
ভৱাই নৃত্য
ভৱাই নৃত্য উত্তৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্যৰ ধাৰা। এই নৃত্যশৈলী অত্যন্ত কঠিন আৰু ইয়াৰ পৰিবেশন পদ্ধতি ৰোমাঞ্চকৰ। নৃত্যৰ সময়ত, নৃত্যশিল্পীসকলে মাটিৰ পাত্ৰ বা ধাতুৰ কলহ মূৰত সজাই চাৰিওফালে ঘূৰি ঘূৰি নাচে।
-
কʼলাট্টম নৃত্য
ক'লাট্টম হৈছে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, আৰু তামিলনাডু ৰাজ্যৰ এক পৰম্পৰাগত লোকনৃত্য। কেৰালাত এই নৃত্য কুম্মী (Kummi) নামেৰে জনজাত। গুজৰাট ৰাজ্যৰ দাণ্ডিয়া ৰাসৰ দৰে, ৰঙীন লাঠি হাতত লৈ এই নৃত্য প্ৰদৰ্শন কৰা হয়।
-
গৌড়ীয় নৃত্য
গৌড়ীয় নৃত্য (Gaudiya Nritya) হʼল এবিধ ভাৰতীয় বঙালী পৰম্পৰাগত শাস্ত্ৰীয় নৃত্যকলা। প্ৰাচীনকালতেই ভাৰতীয় উপমহাদেশত বঙ্গীয় অঞ্চলৰ মন্দিৰসমূহত এই নৃত্যবিধৰ উৎপত্তি হৈছিল। বংগৰ প্ৰাচীন কাব্যগ্ৰন্থসমূহত গৌড়ীয় নৃত্যৰ উল্লেখ পোৱা যায়।
-
চৰী নৃত্য
চৰী নৃত্য (Chari Dance) ভাৰতৰ ৰাজস্থান ৰাজ্যৰ এক পৰম্পৰাগত লোকনৃত্য। ৰাজস্থানৰ বাঞ্জাৰা জনগোষ্ঠীৰ মাজত এই নৃত্য প্ৰচলিত। চৰী নৃত্য একপ্ৰকাৰৰ মহিলাসকলৰ দলীয় নৃত্য। এই নৃত্য ঘাইকৈ ৰাজস্থানৰ আজমেৰ আৰু কিষাণগড়ৰ অঞ্চলত অধিক প্ৰচলিত।
-
ডল্লু কুনিথা
ডল্লু কুনিথা ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এক পৰম্পৰাগত নৃত্য। ইয়াক কৰ্ণাটকৰ ঢোল নৃত্য বুলিও জনা যায়। কৰ্ণাটকৰ এই জনপ্ৰিয় লোকনৃত্য শ্ৰী বিৰালিংগেশ্বৰৰ পূজাৰ লগত জড়িত, যিজনক ভগৱান শিৱৰ ৰূপ বুলি গণ্য কৰা হয়। এই নৃত্যটো মূলতঃ উত্তৰ কৰ্ণাটকৰ কুৰুবা গৌড়া সম্প্ৰদায়ৰ আচাৰ-ব্যৱহাৰৰ এটা অংশ।
-
বাঘ নাচ
বাঘ নাচ ভাৰতৰ ওড়িশা ৰাজ্যৰ এক লোক-নৃত্য। ওড়িশাৰ সুবৰ্ণপুৰ জিলাৰ বিংকা, সোণপুৰ আৰু গঞ্জাম জিলাৰ ব্ৰহ্মপুৰ আৰু আন কোনো কোনো ঠাইত চ’ত মাহত এই নৃত্য পৰিৱেশন কৰা হয়। নৃত্য পৰিৱেশন কৰোঁতে পুৰুষ নৃত্যশিল্পীজনে নিজকে বাঘৰ দৰে ৰং কৰাৰ বাবেই ইয়াক বাঘ নাচ বোলা হয়।
-
লৱাণ্ডা নাচ
লৱাণ্ডা নাচ ( Lavanda Nach ) ভাৰত, নেপাল, মৰিচাছ আৰু কেৰিবিয়ান দ্বীপপুঞ্জত বাস কৰা ভোজপুৰী ভাষী সম্প্ৰদায়ৰ এক লোকনৃত্য। ইয়াক কেৱল মহিলাৰ দৰে সাজ-পোছাক পৰিধান কৰা পুৰুষেহে কৰে যাক "লৱাণ্ডা" বুলি কোৱা হয়।