মুনীন বৰকটকী বঁটা বিজয়ী গ্ৰন্থ
৫ প্ৰবন্ধ
-
আত্মকথা
আত্মকথা হ’ল অসমৰ নৱপ্ৰজন্মৰ সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমৰ আত্মজীৱনী। ২০১১ চনৰ ডিচেম্বৰ মাহত কিতাপখন প্ৰথম প্ৰকাশ হয়। আলিবাট প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ১৮১ আৰু মূল্য ১৭০ টকা। ২০১৭ চনৰ নৱেম্বৰ মাহলৈকে কিতাপখনৰ পাঁচটা সংস্কৰণ প্ৰকাশ হৈছে।
-
এইপিনে কি আছে ? (গল্প সংকলন)
এইপিনে কি আছে ? হৈছে গল্পকাৰ সঞ্জীৱ পল ডেকাৰ প্ৰথমখন গল্প সংকলন। ২০১০ চনত প্ৰথম প্ৰকাশিত তেওঁৰ এই প্ৰথম গল্প সংকলনখনত দহটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনখনে ২০১২ চনত মুনীন বৰকটকী বঁটা, ২০১৫-১৬ চনৰ ভাৰতীয় ভাষা পৰিষদৰ যুৱ বঁটা আৰু ২০১৯ চনত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে।
-
কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু
কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু হ'ল ডা০ ভৃংগেশ্বৰ শৰ্মা ৰচিত এক অসমীয়া গল্প সংকলন। অসমৰ বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্ৰকাশিত প্ৰায় বিশটা গল্পৰ এই সংকলনটিৰ প্ৰথম প্ৰকাশ হয় ২০০০ চনৰ ডিচেম্বৰ মাহত।
-
জাল কটা জুই
জাল কটা জুই হৈছে গল্পকাৰ নয়নজ্যোতি শৰ্মাৰ এখন গল্প সংকলন। ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশিত তেওঁৰ এই গল্প সংকলনখনত চৈধ্যটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনখনে ২০২৩ চনত মুনীন বৰকটকী বঁটাআৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
-
সাউদ আৰু অন্যান্য গল্প
সাউদ আৰু অন্যান্য গল্প হৈছে গল্পকাৰ অৰূপ কুমাৰ নাথৰ এক গল্প সংকলন। ২০০৭ চনত প্ৰথম প্ৰকাশিত এই গল্প সংকলনখনত তেৰটা গল্প সন্নিৱিষ্ট কৰা হৈছে। সাউদ আৰু অন্যান্য গল্প হ'ল নাথৰ দ্বিতীয়খন গল্প সংকলন। ২০১০ চনত মুনীন বৰকটকী বঁটা লাভ কৰা এই সংকলনটিৰ ২০২১ চনত আঁক-বাক প্ৰকাশনে দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰে।