অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গগু শ্যামলা

গগু শ্যামলা এগৰাকী তেলেগু ভাষাৰ লেখিকা আৰু মহিলা কৰ্মী আৰু এগৰাকী বিশিষ্ট দলিত নাৰী।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৬ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গগু শ্যামলা এগৰাকী তেলেগু ভাষাৰ লেখিকা আৰু মহিলা কৰ্মী১ আৰু এগৰাকী বিশিষ্ট দলিত নাৰী।২৩

জীৱনী

গগু শ্যামলাৰ জন্ম হৈছিল ১৯৬৯ চনত ৰঙা ৰেড্ডী জিলাৰ (বৰ্তমান তেলেংগানাৰ অংশ) পেডেমুল গাঁৱত। তেওঁৰ মাক-দেউতাক কৃষি শ্ৰমিক। স্থানীয় মালিকৰ বাবে কাম কৰা ভেটি দল(বিনা বেতনে শ্ৰমিক)ৰ নেত্ৰীও আছিল।৪৫ তেওঁ উল্লেখ কৰিছে যে তেওঁৰ ভাতৃ ৰামচন্দ্ৰক কৃষি শ্ৰম কৰিবলৈ বাধ্য কৰা হৈছিল যদিও তেওঁৰ তিনিজন ভাই-ভনীৰ ভিতৰত তেওঁৱেই একমাত্ৰ যিয়ে উচ্চ শিক্ষা লাভ কৰিছিল।৬ আৰ্থিক বাধাই প্ৰথমতে কলেজত নামভৰ্তি কৰিবলৈ বাধা দিছিল যদিও অৱশেষত ড° বি.আৰ. আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুযোগ পাইছিল।৬ সেই সময়ৰ আশে-পাশে তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী)ৰ এগৰাকী কৰ্মী হৈছিল যদিও তেওঁ জোৰ দি কয় যে তেওঁ কেতিয়াও ৰাজনীতিক শিক্ষাত ছাঁ পেলাবলৈ দিয়া নাই।৬

সক্ৰিয়তাবাদ

২০১৬ চনত দিয়া এক সাক্ষাৎকাৰত গগু শ্যামলাই ভাৰতত জাতিবাদ আৰু বৈষম্যৰ প্ৰতি তেওঁৰ জাগৰণ চেতনাক প্ৰাপ্তবয়স্ক হিচাপে বৰ্ণনা কৰি লক্ষ্য কৰিছিল যে "শিশুকালত মই কেতিয়াও উপলব্ধি কৰা নাছিলোঁ যে কোনো ধৰণৰ বৈষম্য আছে। ডাঙৰ হোৱাৰ পিছতহে মই ইয়াক আৱিষ্কাৰ কৰিছিলোঁ।"৬ ছাত্ৰী নেত্ৰী হিচাপে তেওঁ নিজৰ হোষ্টেলত জীৱন-যাপনৰ অৱস্থা আৰু খাদ্যৰ ব্যৱস্থাৰ প্ৰতিবাদ কৰিছিল।৬ কলেজত থাকোঁতে তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী)ৰ এগৰাকী কৰ্মী হৈছিল, কিন্তু তাৰ পিছত চুণ্ডুৰ হত্যাকাণ্ডৰ পিছত তেওঁলোকৰপৰা বিচ্ছেদ ঘটিছিল।৬ এইখিনিতে শ্যামলাই বাঁওপন্থীক প্ৰশ্ন কৰিবলৈ ধৰিলে। "মই লাহে লাহে আম্বেদকাৰ পঢ়িবলৈ ধৰিলোঁ আৰু বুজিলোঁ ভাৰতীয় সমাজত জাতিভেদ কিমান গভীৰভাৱে শিপাই আছে।" তেতিয়াই মই বুজিলোঁ যে সাম্যবাদে হয়তো ধৰ্ম আঁতৰাই পেলাইছে, কিন্তু জাতিগত বিভাজন এতিয়াও আছিল। আজিও যদি আপুনি কোনো দলিত সংসদ সদস্যক দেখা পায়, তেন্তে সেয়া কেৱল সংৰক্ষণৰ বাবেই হয়"- তেওঁ কয়।৬ তেওঁ নিজকে দলিত নাৰীবাদী বুলি পৰিচয় দিয়ে।৬

হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী দলিত ছাত্ৰ ৰোহিত ভেমুলাৰ আত্মহত্যাৰ পিছত গগু শ্যামলাই ভেমুলা আৰু তেওঁৰ পৰিয়ালৰ সমৰ্থনত কেইবাটাও বক্তব্য আগবঢ়ায়, জাতি আৰু নাৰীবাদৰ প্ৰশ্নত ইংৰাজী সংবাদ মাধ্যমৰ অধিক অংশগ্ৰহণৰ আহ্বান জনায়।৭

২০০১ চনত ডাৰবানত অনুষ্ঠিত হোৱা বৰ্ণবাদৰ বিৰুদ্ধে বিশ্ব সন্মিলনত আনভেশী আৰু দলিত মহিলা মঞ্চক প্ৰতিনিধিত্ব কৰিছিল। আনভেশী কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য। আনভেশী চেণ্টাৰ ফৰ উইমেনছ ষ্টাডিজত তেওঁৰ বৰ্তমানৰ কাম-কাজত উল্লেখযোগ্য দলিত মহিলা ৰাজনৈতিক নেত্ৰীসকলৰ জীৱনী সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বৰ্তমান তেওঁ ঘৰুৱা হিংসা আৰু দলিত মহিলাৰ ওপৰত অক্সফামৰ পুঁজিৰে চলি থকা গৱেষণা প্ৰকল্পৰ নেতৃত্ব দি আছে।

তথ্যসূত্ৰ

  1. ↑ (2012-03-02). Book Review | Twists in the old tales
  2. ↑ First impressions by the second sex. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Osmania University Beef Festival sparks violence, 2 vehicles torched. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ Tharu, Susie; K, Satyanarayana. (2013). Steel nibs are sprouting: New Dalit writing from South India. HarperCollins Publishers. ISBN 9789350293768
  5. ↑ Susie Tharu/ K. Satyanarayana. (31 July 2013). STEEL NIBS ARE SPROUTING: New Dalit Writing From South India. HarperCollins Publishers India. পৃ. 1–. ISBN 978-93-5029-542-7
  6. ↑ B, Nitin. (9 April 2016). For Gogu Shyamala, being Dalit and woman is survival, beyond victimhood and outside of it. The News Minute.com
  7. ↑ (2016-02-27). Seven Questions with Gogu Shyamala about Radhika Vemula, Solidarity and Dalit Rights. The Ladies Finger

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদীলেখিকাসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গগু শ্যামলা” প্ৰবন্ধৰ সংশোধন ৫৮২৪০৪ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।