আমেৰিকান মহাকাশচাৰী
৪ প্ৰবন্ধ
-
কল্পনা চাওলা
কল্পনা চাওলা (ইংৰাজী: Kalpana Chawla; ১৭ মাৰ্চ, ১৯৬২ – ১ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা। ১৯৯১ চনৰ এপ্ৰিল মাহত কল্পনা চাওলাই আমেৰিকান নাগৰিক হিচাপে স্বীকৃতি লাভ কৰে।
-
স্কট কেলি
স্কট যোচেফ কেলি (Scott Joseph Kelly; জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৬৪) হ’ল ক্ৰমে এজন অভিযন্তা, এজন অৱসৰপ্ৰাপ্ত আমেৰিকান মহাকাশচাৰী আৰু আমেৰিকা নৌসেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত সেনাপতি।
-
মাইকেল ফিংক
এডৱাৰ্ড মাইকেল ফিংক( ইংৰাজী: Edward Michael Fincke; জন্ম: ১৪ মাৰ্চ, ১৯৬৭) এজন আমেৰিকান মহাকাশচাৰী। পূৰ্বতে মহাকাশত সৰ্বাধিক সময় (৩৮১.৬ দিন) থাকি তেওঁ আমেৰিকাৰ হৈ অভিলেখ গঢ়িছিল। ২০১৫ চনৰ ১৬ অক্টোবৰত স্কট কেলিয়ে তেওঁৰ অভিলেখ ভংগ কৰিছিল।
-
সুনীতা উইলিয়ামছ
সুনীতা লীন উইলিয়ামছ ( Sunita Lyn Williams; জন্ম ১৯ ছেপ্টেম্বৰ ১৯৬৫) এগৰাকী আমেৰিকান মহাকাশচাৰী আৰু যুক্তৰাষ্ট্ৰৰ নৌসেনা বিষয়া। এগৰাকী মহিলা হিচাপে তেওঁ বেছি সংখ্যক আৰু বেছি সময় মহাকাশ ভ্ৰমণ ৰেকৰ্ডৰ অধিকাৰী। তেওঁ সাতবাৰকৈ মুঠ ৫০ ঘণ্টা ৪০ মিনিট মহাকাশ ভ্ৰমণ কৰিছিল।