ভাৰতৰ বিত্তীয় প্ৰতিষ্ঠান
২০ প্ৰবন্ধ
-
ভাৰতীয় ৰিজাৰ্ভ বেংক
ভাৰতীয় ৰিজাৰ্ভ বেংক বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া (চমুকৈ আৰ বি আই) হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংকিং প্ৰতিষ্ঠান আৰু ই ভাৰতীয় টকাৰ মুদ্ৰা নীতি নিয়ন্ত্ৰণ কৰে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আইন ১৯৩৪-ত সন্নিৱিষ্ট ব্যৱস্থা অনুসৰি ১৯৩৫ চনৰ ১ এপ্ৰিলত ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা কৰা হয়।
-
ভাৰতীয় ষ্টেট বেংক
ভাৰতীয় ষ্টেট বেংক (চমুকৈ এছ বি আই) দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক বেংক। ই আন্তৰ্জাতিক ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। ২০১৭ চনৰ ফৰ্চুন গ্লোৱেল ৫০০ ৰ ৰেংকিঙত ভাৰতীয় ষ্টেট বেংক ২১৬তম স্থান লাভ কৰে। ই ভাৰতৰ সৰ্ববৃহৎ বেংক।
-
অসম গ্ৰামীণ বেংক
অসম গ্ৰামীণ বিকাশ বেংক (Assam Grameen Vikash Bank) হৈছে অসমৰ এটা ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান। ২০০৬ চনৰ ১২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ এক অধিসূচনা যোগে অসম গ্ৰামীণ বিকাশ বেংক গঠন কৰা হয়। আঞ্চলিক বেংকটোৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত।
-
ভাৰতীয় জীৱন বীমা নিগম
ভাৰতীয় জীৱন বীম নিগম (Life Insurance Corporation of India চমুকৈ LIC) ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ বীমা আৰু বিনিয়োগকাৰী সংস্থা। সম্পূৰ্ণ ভাৰত চৰকাৰৰ অধীনস্থ ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে। বৰ্তমান এই সংস্থাৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৩.২৫ ট্ৰিলিয়ন টকা হ'ব।
-
ইউনিয়ন বেংক অফ ইণ্ডিয়া
ইউনিয়ন বেংক অফ ইণ্ডিয়া (ইংৰাজী: Union Bank of India) চমুকৈ UBI, ভাৰতৰ অন্যতম পুৰণি আৰু বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক, যাৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অফস্থিত।
-
কানাড়া বেংক
কানাড়া বেংক ভাৰতৰ অন্যতম পুৰণি আৰু বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক, ইয়াৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বাংগালুৰুত অৱস্থিত। ১৯০৬ চনত প্ৰতিষ্ঠা হোৱা এই বেংকটোৱে ভাৰতৰ অন্যতম আগশাৰীৰ বেংক হিচাপে পৰিগণিত হৈছে, ইয়াৰ সমগ্ৰ দেশতে ১০,০০০ ৰো অধিক শাখা আৰু ১৩,০০০ এটিএমৰ নেটৱৰ্ক আছে।
-
পঞ্জাৱ নেচনেল বেংক
পঞ্জাৱ নেচনেল বেংক (Punjab National Bank) বা চমুকৈ পিএনবি হৈছে ভাৰতৰ নতুন দিল্লীত মুখ্য কাৰ্যালয় থকা ভাৰতীয় বহুজাতিক বেংকিং আৰু বিত্তীয় সেৱা কোম্পানী। ভাৰতৰ অন্যতম বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক, সমগ্ৰ দেশতে ১১ হাজাৰৰো অধিক শাখা আৰু ১৩ হাজাৰৰো অধিক এটিএম আছে।
-
ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক
ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (National Bank for Agriculture and Rural Development) বা চমুকৈ নাবাৰ্ড এক সৰ্বভাৰতীয় উন্নয়ন বিত্তীয় প্ৰতিষ্ঠান আৰু ভাৰতৰ আঞ্চলিক গ্ৰাম্য বেংক, ৰাজ্যিক সমবায় বেংক আৰু জিলা কেন্দ্ৰীয় সমবায় বেংকৰ সামগ্ৰিক তত্বাৱধানৰ বাবে এটা শীৰ্ষ তত্বাৱধায়ক সংস্থা।
-
ইণ্ডিয়ান অভাৰচিজ বেংক
ইণ্ডিয়ান অভাৰচিজ বেংক (আই অ’ বি) ভাৰতৰ এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯৩৭ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা এই বেংকটোৰ মুখ্য কাৰ্যালয় তামিলনাডুৰ চেন্নাইত আৰু ই সমগ্ৰ ভাৰতৰ ৩,৩০০ৰো অধিক শাখা আৰু বহিঃৰাজ্যত ৬টা শাখাৰ নেটৱৰ্কৰ জৰিয়তে কাম কৰে।
-
এনএছডিএল পেমেণ্টছ বেংক
এনএছডিএল পেমেণ্টছ বেংক লিমিটেড (এনপিবিএল) হৈছে ভাৰতৰ নেশ্যনেল ছিকিউৰিটিজ ডিপ’জিটৰী লিমিটেড (এনএছডিএল)ৰ সহযোগী কোম্পানী। এনপিবিএলে ২০১৬ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা পেমেণ্ট বেংক হিচাপে কাম কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰিছিল।
-
কনকলতা মহিলা বেংক
কনকলতা মহিলা আৰবান কো-অ’পাৰেটিভ বেংক লিমিটেড বা চমুকৈ কনকলতা মহিলা বেংক (Konoklota Mahila Bank) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মহিলা বেংক। ১৯৯৮ চনত যোৰহাটত এই বেংকটো স্থাপিত হৈছিল। সমবায় খণ্ডত স্থাপন কৰা এই বেংকটোৰ সকলো কৰ্মচাৰী আৰু বেছি অংশ গ্ৰাহকেই মহিলা।
-
নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক
নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক (NESFB) হৈছে অসমৰ গুৱাহাটীত মুখ্য কাৰ্যালয় থকা ভাৰতীয় ক্ষুদ্ৰ বিত্তীয় বেংক। ২০১৬ চনৰ ১৬ ডিচেম্বৰত নিগমিত হোৱা এই বেংকটোৱে ২০১৭ চনৰ ১৭ মাৰ্চত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ক্ষুদ্ৰ বিত্তীয় বেংক হিচাপে কাম কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰে।
-
পঞ্জাৱ এণ্ড সিন্ধ বেংক
পঞ্জাৱ এণ্ড সিন্ধ বেংক (Punjab And Sindh Bank) চমুকৈ PSB, ভাৰতৰ এটা ৰাজহুৱা খণ্ডৰ বেংক, যাৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ১৯০৮ চনত পঞ্জাৱৰ অমৃতসৰত স্থাপন কৰা এই বেংকটোৱে ভাৰতৰ অন্যতম আগশাৰীৰ বেংক হিচাপে পৰিগণিত হয়, সমগ্ৰ দেশতে ১৪০০ৰো অধিক শাখা আৰু ১০০০টা এটিএমৰ নেটৱৰ্ক আছে।
-
বেংক অৱ মহাৰাষ্ট্ৰ
বেংক অৱ মহাৰাষ্ট্ৰ ভাৰতৰ এটা ৰাজহুৱা খণ্ডৰ বেংক, যাৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত। ১৯৩৫ চনৰ ১৬ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হোৱা এই বেংকটোৱে ৮৫ বছৰতকৈও অধিক সময় ধৰি কাম কৰি আহিছে।
-
ইয়েছ বেংক
ইয়েছ বেংক লিমিটেড হৈছে ভাৰতীয় ব্যক্তিগত খণ্ডৰ বেংক, ২০০৪ চনত ৰানা কাপুৰ আৰু অশোক কাপুৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল। মহাৰাষ্ট্ৰৰ মুম্বাইত মুখ্য কাৰ্যালয় থকা এই বেংকটোৱে ভাৰতৰ কৰ্পৰেট আৰু খুচুৰা গ্ৰাহকক বেংকিং আৰু বিত্তীয় সামগ্ৰী আৰু সেৱা আগবঢ়ায়।
-
কৰ্ণাটক বেংক
কৰ্ণাটক বেংক লিমিটেড হৈছে মাংগালোৰত অৱস্থিত ভাৰতীয় ব্যক্তিগত খণ্ডৰ বেংক। ই ২২খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলত ৯০৫টা শাখা, ১টা এক্সটেনচন কাউণ্টাৰ, ৯০০টা এটিএম, নেটৱৰ্ক থকা এটা ‘এ’ শ্ৰেণী অনুসূচিত বাণিজ্যিক বেংক। ইয়াৰ শ্বেয়াৰ এন এছ ই আৰু বি এছ ইত তালিকাভুক্ত কৰা হৈছে।
-
নাইনিতাল বেংক
নাইনিতাল বেংক লিমিটেড হৈছে ১৯২২ চনত প্ৰতিষ্ঠা হোৱা এটা অনুসূচিত বাণিজ্যিক বেংক। এইটো ভাৰতৰ উত্তৰাখণ্ডৰ নাইনিতালত অৱস্থিত। ভাৰতৰ পাঁচখন ৰাজ্য: উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা, আৰু ৰাজস্থানত এই বেংকৰ ১৫১টা শাখা আছে।
-
ক্ষেত্ৰীয় গ্ৰামীণ বেংক
ক্ষেত্ৰীয় গ্ৰামীণ বেংক (Regional Rural Bank) ভাৰতবৰ্ষৰ একপ্ৰকাৰৰ বেংক ব্যৱস্থা। ১৯৭৬ চনৰ ক্ষেত্ৰীয় গ্ৰামীণ বেংক আইনৰ অধীনত ক্ষেত্ৰীয় গ্ৰামীণ বেংক বা আঞ্চলিক গাঁৱলীয়া বেঙ্ক স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হয়।
-
প্ৰচেষ্টা (বিত্তীয় প্ৰতিষ্ঠান)
অসমৰ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ভিতৰত প্ৰচেষ্টা অন্যতম। অসমৰ মহিলাসকলৰ উন্নয়নৰ বাবে সৰ্বতোপ্ৰকাৰ সহযোগিতা আগবঢ়োৱাৰ বাবে এই অনুষ্ঠানটোৱে আৰম্ভণিৰেপৰা চেষ্টা কৰি আহিছে।
-
ষ্টেট বেংক অফ ছিক্কিম
ষ্টেট বেংক অফ ছিক্কিম ছিক্কিম চৰকাৰৰ অধীনৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় ছিক্কিমৰ ৰাজধানী গেংটকত অৱস্থিত। ই ছিক্কিমত বিত্তীয় সেৱা আগবঢ়ায় আৰু ছিক্কিম চৰকাৰৰ ৰাজ্যিক কোষাগাৰৰ কাম-কাজ চোৱা-চিতা কৰে।