অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অসম গ্ৰামীণ বেংক

অসম গ্ৰামীণ বিকাশ বেংক (Assam Grameen Vikash Bank) হৈছে অসমৰ এটা ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান। ২০০৬ চনৰ ১২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ এক অধিসূচনা যোগে অসম গ্ৰামীণ বিকাশ বেংক গঠন কৰা হয়। আঞ্চলিক বেংকটোৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৩০১ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অসম গ্ৰামীণ বিকাশ বেংক (Assam Grameen Vikash Bank) হৈছে অসমৰ এটা ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান। ২০০৬ চনৰ ১২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ এক অধিসূচনা যোগে অসম গ্ৰামীণ বিকাশ বেংক গঠন কৰা হয়। আঞ্চলিক বেংকটোৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত।১

ইতিহাস

গ্ৰাম্য অৰ্থনীতিৰ আকাংক্ষিত উন্নয়নৰ বাবে ১৯৭৫ চনত ভাৰত চৰকাৰে আঞ্চলিক গ্ৰামীণ বেংকৰ ধাৰণাৰ খচৰা প্ৰস্তুত কৰে আৰু সেই অনুসৰি এক অধ্যাদেশ জাৰী কৰে; আৰু পৰৱৰ্তী বছৰটোত সংসদত আঞ্চলিক গ্ৰামীণ বেংক আইন, ১৯৭৬ গৃহীত হয়।

অসমত প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত পাঁচটা আঞ্চলিক গ্ৰামীণ বেংক খোলা হৈছিল। এই বেংকবোৰৰ সক্ৰিয় মনোভাৱ আৰু গ্ৰাম্যাঞ্চলৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিণতিত গাঁৱলীয়া জনসাধাৰণৰ মাজত মিতব্যয়ী অভ্যাস সৃষ্টি কৰাই নহয়, লগতে এনে লোকসকলক বিশেষকৈ, অগ্ৰাধিকাৰ খণ্ডৰ কাৰ্যকলাপৰ বাবে ঋণ প্ৰদানো কৰিছিল।

১২ জানুৱাৰী ২০০৬ তাৰিখে ভাৰত চৰকাৰৰ এখন অধিসূচনা যোগে ইউনাইটেড বেংক অফ ইণ্ডিয়াই পৃষ্ঠপোষকতা কৰা চাৰিটা আঞ্চলিক গ্ৰামীণ বেংকক একত্ৰিত কৰি অসম গ্ৰামীণ বিকাশ বেংক গঠন কৰা হয়।এই বেংককেইটা আছিল- প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক (প্ৰতিষ্ঠা ১৯৭৬), লখিমী গাঁৱলীয়া বেংক (প্ৰতিষ্ঠা ১৯৮০), কাছাৰ গ্ৰামীণ বেংক (প্ৰতিষ্ঠা ১৯৮১) আৰু সোৱণশিৰি গাঁৱলীয়া বেংক (প্ৰতিষ্ঠা ১৯৮২)।

২২ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে ভাৰত চৰকাৰৰ আন এখন অধিসূচনা যোগে ভাৰতীয় ষ্টেট বেংকে পৃষ্ঠপোষকতা কৰা লাংপী দেহাংগী গাঁৱলীয়া বেংকক অসম গ্ৰামীণ বিকাশ বেংকৰ সৈতে একত্ৰীকৰণ কৰা হয়। পূৰ্বে অসম গ্ৰামীণ বিকাশ বেংকৰ পৃষ্ঠপোষক বেংক আছিল ইউনাইটেড বেংক। ২০২০ চনত এই বেংকটো পঞ্জাৱ নেচনেল বেংকৰ সৈতে একত্ৰীকৰণ হোৱাৰ পিছত পৃষ্ঠপোষক বেংক হয়গৈ পঞ্জাৱ নেচনেল বেংক।১

পৰিচালনা

অসম গ্ৰামীণ বিকাশ বেংকৰ ব’ৰ্ড অফ ডাইৰেক্টৰ্ছ বৰ্তমান (২০২১ চন) ৭ জনীয়া সদস্যৰে গঠিত। এজন চেয়াৰমেন আৰু দুজন মনোনীত সদস্যক পাঞ্জাব নেচনেল বেংকে নিযুক্তি দিয়ে। বাকী চাৰিজন সদস্যৰ এজন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ, এজন নাবাৰ্ডৰ আৰু দুজন সদস্য অসম চৰকাৰৰ বিত্ত বিভাগৰ প্ৰতিনিধি। অসম গ্ৰামীণ বিকাশ বেংকক ৯ টা আঞ্চলিক ক্ষেত্ৰত ভাগ কৰা হৈছে- শিলচৰ, ডিফু, গোলাঘাট, গুৱাহাটী, কোকৰাঝাৰ, লক্ষীমপুৰ, নলবাৰী, ডিব্ৰুগড় আৰু তেজপুৰ। এই ক্ষেত্ৰসমূহৰ অধীনত থকা ইয়াৰ ৪৭৩ টা শাখাৰ যোগেদি অসমৰ আটাইকেইখন জিলাক বেংকটোৱে নিজৰ কাৰ্যসূচীৰ পৰিসৰত সামৰি লৈছে।১

তথ্যসূত্ৰ

  1. ↑ About us. AGVB

সম্পৰ্কিত শ্ৰেণী

বেংকভাৰতৰ বিত্তীয় প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম গ্ৰামীণ বেংক” প্ৰবন্ধৰ সংশোধন ৬৩৮৭৫৬ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।