ষ্টেট বেংক অফ ছিক্কিম ছিক্কিম চৰকাৰৰ অধীনৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় ছিক্কিমৰ ৰাজধানী গেংটকত অৱস্থিত। ই ছিক্কিমত বিত্তীয় সেৱা আগবঢ়ায় আৰু ছিক্কিম চৰকাৰৰ ৰাজ্যিক কোষাগাৰৰ কাম-কাজ চোৱা-চিতা কৰে।১
ভাৰতৰ আন বিত্তীয় প্ৰতিষ্ঠানৰ দৰে ষ্টেট বেংক অফ ছিক্কিমক ভাৰতীয় ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰণ নকৰে।২ ই সম্পূৰ্ণ স্বতন্ত্ৰ আৰু ৰাজ্যিক চৰকাৰৰ অধীনত।
ইতিহাস
ছিক্কিম ভাৰতত অন্তৰ্ভুক্ত হোৱাৰ আগতে ১৯৬৮ চনত ষ্টেট বেংক অফ ছিক্কিম প্ৰতিষ্ঠা হৈছিল। ছিক্কিম সম্ৰাজ্যৰ ষ্টেট বেংক অফ ছিক্কিম প্ৰক্লেমেছন এক্ট ১৯৬৮ মতে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথমে ইয়াৰ মুখ্য কাৰ্যালয় গেংটকৰ এম. জে. মাৰ্গত আছিল।৩ বৰ্তমান ইয়াৰ মুখ্য কাৰ্যালয়খনে মুখ্য শাখা হিচাপে কাম কৰে। আৰম্ভণিতে ইয়াৰ কেৱল এটা শাখা আছিল। ২০১৮ চনৰ মতে ইয়াৰ মুঠ শাখাৰ সংখ্যা হৈছে ৪৬খন আৰু ইয়াৰ তিনিটা ৰাজহ কেন্দ্ৰ আছে।
অনলাইন বেংকিং
পূৰ্বতে ছিক্কিম ষ্টেট বেংকৰ অনলাইন বেংকিংৰ সুবিধা নাছিল। ২০১৭ চনৰ এপ্ৰিলত পোনপ্ৰথম বাৰৰ বাবে ইয়াৰ দুটা শাখাত কেন্দ্ৰীয় অনলাইন বাস্তৱ সময়ত আদান-প্ৰদান বেংকিং বা চমুকৈ ক'ৰ বেংকিং আৰম্ভ কৰা হয়। এবছৰৰ ভিতৰতে এই সুবিধা প্ৰায় সকলো শাখালৈ সম্প্ৰসাৰণ কৰা হয়। ২০১৮ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে ছিক্কিমৰ মুখ্যমন্ত্ৰীয়ে বছৰজোৰা সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত ক'ৰ বেংকিং আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।৪.
তথ্যসূত্ৰ
- ↑ About Us:: State Bank of Sikkim. www.statebankofsikkim.com
- ↑ (2015-01-26). RBI raises concerns over State Bank of Sikkim's functioning - The Economic Times. Articles.economictimes.indiatimes.com
- ↑ Google Maps. Google Maps
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টেট বেংক অফ ছিক্কিম” প্ৰবন্ধৰ সংশোধন ৬১৯১০৫ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।